পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
কৰ্মবীৰ চন্দ্ৰনাথ

কোনো বিখ্যাত মানুহে দিয়া মতৰ সাহায্য লৈহে সাধাৰণতঃ তেওঁ চিন্তা কৰিছিল। তাৰ উপৰিও এবাৰ কোনো এটা কথাত টানকৈ ধৰাৰ পাছত তাত ভুল ওলালেও সহজে এৰিব নুখুজিছিল। যেই সেই বিষয়তে তেওঁ যাক শ্ৰদ্ধা কৰিছিল, তেনে জনৰ কথাত কোনো প্ৰমাণ নিবিচাৰিছিল, কেতিয়াবা কেতিয়াবা তেনে জনৰ সম্পূৰ্ণ মিছা কথাৰ ওপৰতে নিৰ্ভৰ কৰি আন্দোলন উপস্থিত কৰাও দেখা গৈছিল।

 যেনেকৈ ৰাজনীতি-ক্ষেত্ৰত চন্দ্ৰনাথ গুৰিৰে পৰা অসম সাহসী আছিল, সামাজিক ক্ষেত্ৰত তেনে নাছিল। আনকি, কেতিয়াবা কেতিয়াবা তেনে বিষয়ত তেওঁৰ নৈতিক বলৰ অভাবো দেখা গৈছিল। শেহৰ চাৰি বছৰত তেওঁৰ মতৰ পৰিবৰ্তন ঘটিছিল আৰু তেতিয়া কেইবাটাও সামাজিক বিষয়ত নিৰ্ভীকতাৰ পৰিচয় দিছিল।

 চন্দ্ৰনাথৰ আৰু এটা দোষ আছিলঃ তেওঁ নিজৰ প্ৰাধান্য আৰু জাতীয় স্বাৰ্থ ৰক্ষাৰ নিমিত্তে আৱশ্যক হ'লে আওপাকেদি কাৰ্য কৰিবলৈকো সঙ্কোচ নকৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁৰ ভক্তিভাজন কোনো কোনো লোকক তেনেকৈ সাহায্য কৰাৰ দৃষ্টান্তও পোৱা যায়।

 সি যি হওক, চন্দ্ৰনাথৰ ওপৰত কোৱা দোষ তেনে মাৰাত্মক বিধৰ নহয়, আনকি, সাধাৰণ মানুহৰ পক্ষে সি দোষ বুলিয়েই গণ্য নহ’লহেঁতেন। তাৰ উপৰি চন্দ্ৰনাথ গুণী পুৰুষ, তেওঁৰ অসংখ্য গুণাৱলীৰ মাজত সেই দোষ চন্দ্ৰত কলঙ্কৰ দৰে। দোষ এৰি গুণ লব খোজাসকলে তাৰ পৰাও সুশিক্ষা পাব পাৰে।