আওকাণ কৰি, তাৰ প্ৰতিকাৰৰ চেষ্টা কৰিবলৈ ধৰিলে, আৰু শ্ৰীযুক্ত দুৰ্গানাথ বৰুৱাৰ সাহায্যেৰে কোনোমতে এই বিবাদৰ অন্ত কৰিলে। মুঠতে স্থিৰ হ’ল যে শহুৰেকৰ বাৰীতে চন্দ্ৰনাথৰ নিমিত্তে এটা সুকীয়া ঘৰ কৰা হ'লেই শান্তি বিয়াৰ আয়োজন কৰিব আৰু শান্তি কৰো- ৱাৰ পিছত চন্দ্ৰনাথ সস্ত্ৰীক সেই ঘৰতে থাকিব লাগিব।
কিছু দিনৰ পাছত ঘৰ ওলাল আৰু চন্দ্ৰনাথৰ শান্তি বিয়াও হৈ গ'ল। এই কাৰ্য এনেভাৱে সমাধা হৈছিল যে ওচৰ-চুবুৰীয়া- বিলাকেও তাৰ গম পোৱা নাছিল, আন কি বিয়াৰ দিনাও চন্দ্ৰনাথ প্ৰথম দুঘণ্টা কলেজত উপস্থিত আছিল।
শান্তি হৈ গল সঁচা, কিন্তু চন্দ্ৰনাথৰ বা তেওঁৰ মাকহঁতৰ উদ্দেশ্য সিদ্ধি নহল, চন্দ্ৰনাথে তেওঁৰ গৃহিণীক মাতৃগৃহলৈ পঠিয়াব নোৱাৰিলে। তেনে কাৰ্যত ওপৰত কোৱা প্ৰতিবন্ধক যি আছিলেই তাৰ লগতে তেওঁৰ পত্নীৰ স্বাস্থ্যও প্ৰতিকূল আছিল, অপম্মাৰ আদি ৰোগত ভুগি সদায় তেওঁ ডাক্তৰ-কবিৰাজৰ আশ্ৰয়ত থাকিব লগা হৈছিল। সেই কাৰণে আন প্ৰতিবন্ধক নথকা হ'লেও তেওঁক ঘৰলৈ পঠিয়াব নোৱাৰিলেহেঁতেন। অকল সেয়েই নহয়, চন্দ্ৰনাথৰ নিজৰ স্বাস্থ্যও তেতিয়া ভাল নাছিল। চন্দ্ৰনাথৰ সংসাৰৰ পাতনি এনে- কুৱায়েই আছিল। মুঠতে তেওঁৰ ঘৰুৱা জীৱন সমূলি সুখকৰ নাছিল।
এনে অসুখ অশান্তিৰ মাজতে ১৯১৪ চনত 'চন্দ্ৰনাথে বি, এ, পাচ কৰে।
আইন অধ্যয়ন আৰু শিক্ষকতা
[ আসাম ছাত্ৰ-সন্মিলন—বিদ্যাসাগৰ, বাছা ফুল আদিৰ প্ৰকাশ ]
বি, এ, পাচ কৰি বি, এল, পঢ়িবৰ নিমিত্তে চন্দ্ৰনাথ আৰ্ল ল কলেজত ভৰ্তি হয় আৰু সোনাৰাম স্কুলত সহকাৰী শিক্ষকৰ কাম