নোৱাৰে। কোৱা বাহুল্য যে সেই অভিভাষণ যুগুত কৰোঁতে ফুকণ ডাঙৰীয়াই তাৰ প্ৰত্যেক কথাতে চন্দ্ৰনাথৰ সাহায্য লৈছিল, চন্দ্ৰনাথৰ ৰাজনৈতিক অভিজ্ঞতা এই বক্তৃতাৰ মাজেদি ফুটি ওলাইছিল।
কন্ফাৰেন্স চলি থাকোঁতেই তেওঁ ঘৰৰ পৰা টেলিগ্ৰাম পালে— “তেওঁৰ পত্নীৰ অৱস্থা শঙ্কতজনক, তেওঁৰ উপস্থিতি একান্ত বাঞ্ছনীয়।” টেলিগ্ৰাম পায়ো চন্দ্ৰনাথ আগৰ দৰেই স্থিৰ থাকিল। তেওঁ উত্তৰ দিলে : ‘মাতৃ পূজাতকৈ পত্নীৰ নৰিয়া ডাঙৰ হ’ব নোৱাৰে, মই এই মহাযজ্ঞ এৰি যাব নোৱাৰোঁ। গৃহিনীৰ ভাৰ ঈশ্বৰৰ হাতত সমৰ্পণ কৰিলোঁ, মই গৈ নোপোৱালৈকে নিশ্চয় তেওঁ ৰক্ষা কৰিব।
মানব জাতিৰ শান্তিৰ নিমিত্তে কাৰ্য কৰিবলৈ বুদ্ধদেৱে পত্নী-পুত্ৰক এৰি গৈছিল। স্বদেশৰ মঙ্গলৰ নিমিত্তে কাম কৰোঁতে চন্দ্ৰনাথে তেওঁৰ পত্নীৰ আসন্ন মৃত্যুকো উপেক্ষা কৰিছিল।
তেতিয়া স্বৰ্গীয় ঘনশ্যাম বৰুৱা ৰায়বাহাদুৰ আসাম এচোচিয়েশ্যনৰ সম্পাদক আছিল। কন্ফাৰেন্সৰ সময়ত তেখেত টান নৰিয়াত শয্যাগত হৈ পৰিছিল। তেখেতে সেই বাৰ উক্ত এচোচিয়েশ্যনৰ পৰা অৱসৰ লোৱাত শ্ৰীযুক্ত তৰুণৰাম ফুকন তাৰ সম্পাদক, শ্ৰীযুক্ত কামাখ্যাৰাম বৰুৱা আৰু চন্দ্ৰনাথ সহকাৰী সম্পাদক নিযুক্ত হয়।
গোৱালপাৰাৰ অধিবেশনতে আসাম কন্ফাৰেন্স আৰু সাহিত্য সম্মিলনক তেজপুৰলৈ নিমন্ত্ৰণ কৰা হৈছিল। সেইবাৰ ছাত্ৰ সম্মিলনো তেজপুৰতে বহিবৰ কথা আছিল। আটাই কেইখন সম্মিলন একে বছৰতে পতা টান হ'ব বুলি দুই এজনে কোৱা-মেলা কৰাত চন্দ্ৰনাথে তাৰ বাবে ধন তুলিবলৈ গাত লৈছিল।
ওকালতিত যদিও প্ৰথম দিনাৰে পৰা চন্দ্ৰনাথৰ নাম আছিল, যদিও তেওঁ মোক্কেলৰ অভাৱত নপৰিছিল তথাপি সেই ব্যৱসায়ত তেওঁ একেৰাহে মনোযোগ দিব নোৱাৰিছিল। দেশৰ আহ্বানৰ ওচৰত মোক্কেলৰ আহ্বান, ধনৰ আহ্বান তেওঁ তুচ্ছ বুলি গণনা কৰিছিল।