সমললৈ যাওক

কৰ্মবীৰ চন্দ্ৰনাথ

ৱিকিউৎসৰ পৰা
 
কৰ্মবীৰ চন্দ্ৰনাথ
 
দণ্ডিনাথ কলিতা
 
অসম প্ৰকাশন পৰিষদ
গুৱাহাটী ৭৮১ ০২১
 

 

উছৰ্গা

অসমীয়া ৰাইজৰ সতৃষ্ণ দৃষ্টিৰ লক্ষ্য,
জন্মভূমিৰ ভৱিষ্যৎ আশাৰ সম্বল,
উঠি-অহা অসমীয়া ডেকাসকলৰ
হাতত লিখকৰ আন্তৰিক প্ৰীতি
আৰু বিশ্বাসেৰে সৈতে চন্দ্ৰনাথ
অৰ্পিত হ’ল।

নিবেদক —
গ্ৰন্থকাৰ
কেতেকীবাৰী, তেজপুৰ
আষাড়, ১৮৪৫ শক।

 

 

গ্ৰন্থকাৰৰ নিবেদন

 বহুত দিনৰ কথা। তেতিয়া এই লিখক আৰু চন্দ্ৰনাথ স্কুলৰ ছাত্ৰ। তেতিয়াই এদিন ধেমালিতে এই লিখক চন্দ্ৰনাথৰ জীৱনী লিখিবলৈ প্ৰতিশ্ৰুত হৈছিল, কিন্তু সেই ধেমালিয়ে কাৰ্যত পৰিণত হ'ব, শোকাশ্ৰু পূৰ্ণ লেখনীৰে যে এই লিখকে তেওঁৰ প্ৰিয় বন্ধুৰ জীৱন-কাহিনী বৰ্ণাব লাগিব, তেনে ভাব তেওঁৰ মনলৈ এদিনো অহা নাছিল। বিধাতাৰ কি ইচ্ছা ক’ব নোৱাৰোঁ, আজি সেই হাঁহি-ধেমালি শোচনীয় সত্যত পৰিণত হ'ল। চন্দ্ৰনাথে তেওঁৰ বন্ধুৰ লগত সকলো পাৰ্থিব সম্বন্ধ চিঙি পৰম পিতাৰ আলোকময় ৰাজ্যত বিচৰণ কৰিছে, আৰু এই লিখকে সংসাৰ সমুদ্ৰৰ ঘূৰ্ণী পাকত পাক-ঘূৰণি খাই তেওঁৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ আদৰ্শ কল্পনা-ৰাজ্যত বাট হেৰুৱাই খপজপাই ঘূৰিব লাগিছে। বন্ধু, গ'লা, যোৱাঁ, বেজাৰ নকৰোঁ, কৰি লাভ নাই। তোমাৰ উদ্দেশ্য সিদ্ধি হৈছে তোমাৰ কাৰ্যৰ—তোমাৰ কৰ্মময় জীৱনৰ আদৰ্শই তোমাৰ, ইপ্সিত লক্ষ্য লাভ কৰিবলৈ ভাবী বংশধৰসকলক বাট দেখুৱাই দিব।

 চন্দ্ৰনাথৰ লোকান্তৰৰ পিছত পূৰ্বৰ প্ৰতিশ্ৰতিৰ কথা এই লিখকৰ মনত পৰিল, লগে লগে নানা ঠাইৰ পৰা সেই একে উদ্দেশ্যই অনুৰোধ- পত্ৰও অহিল; কিন্তু লিখকৰ অৱসৰ নথকাত ততালিকে কাম হাতত ল'ব নোৱাৰিলে! তেওঁ এই কাম আজৰি পোৱা সময়ত আহিলা-পাতি গোটাই লাহে ধীৰে কাৰি থাকিব বুলি ভাবিছিল, কিন্তু বহুতৰ আগ্ৰহ দেখি, ঘাইকৈ ছাত্ৰ-সন্মিলনৰ সম্পাদকৰ অনুৰোধ এৰাব নোৱাৰি তাক তেওঁ যোৱা ১৯২৩ চনৰ জুলাই মাহত লৰা- লৰিকৈ লিখি শেষ কৰিব লগাত পৰে। লিখাৰ পিছতেই পুথিখন উক্ত সন্মিলনৰ সম্পাদকলৈ পাঠিওৱা হৈছিল, কিন্তু তেওঁ যদিও তাক তিন মাহ বন্দীকৈ ৰাখিলে, তথাপি তেওঁৰ পৰা প্ৰেছ সম্বন্ধীয় দুই-এটা অবান্তৰ কথাৰ বাহিৰে কোনো প্ৰকাৰৰ সিদ্ধান্ত বা সঙ্কেত পোৱা নগ’ল। অগত্যা লিখকে তাক যোৱা নগাঁও ছাত্ৰ-সন্মিলনৰ সময়ত সম্পাদকৰ হাতৰ পৰা লৈ আহিবলৈ বাধ্য হ’ল। তেতিয়াৰে পৰা ইমান দিন তাক প্ৰকাশ নকৰাকৈ থৈ দিয়াৰ কাৰণ হৈছে লিখকে ইয়াৰ ভিতৰত আৰু কিবা নতুন কথা যোগ দিবলৈ পাব বুলি আশা কৰিছিল, কিন্তু বিশেষ একোকে সংগ্ৰহ কৰিবলৈ সুযোগ নোলাল।

 এই গ্ৰন্থ ৰচনা কৰোঁতে লিখকে সহকৰ্মীৰূপে নিজে জনা ঘটনা আৰু চন্দ্ৰনাথ তেওঁলৈ লিখা চিঠি-পত্ৰবোৰৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰিছে, সেই কাৰণে তেওঁ নিজে নজনা বা জানিও পাহৰা, নাইবা চিঠিৰ উল্লেখ নথকা বহুতো ঘটনাই ইয়াত ঠাই নোপোৱাৰ সম্ভাৱনা। লিখকৰ অনুৰোধ-কোনো আৱশ্যকীয় ঘটনা বাদ পৰা দেখিলে, অথবা কোনো ভুল–চুক চকুত পৰিলে যেন সহৃদয় পাঠকসকলে অনুগ্ৰহ কৰি লিখকক জানিবলৈ দিয়ে। সেয়ে হলে দ্বিতীয় তাঙৰণত তাক ব্যৱহাৰ কৰিবলৈ চল লাগিব।

 চন্দ্ৰনাথৰ আঁতি-গুৰিসম্পৰ্কীয় মূল কথাখিনি তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা শ্ৰীযুত যোগেশ্বৰ শৰ্মাৰ পৰা পোৱা হৈছে আৰু পুৰীৰ পৰা চন্দ্ৰনাথে লিখা চিঠিখন শ্ৰীযুত দুৰ্গানাথ বৰুৱাই এই পুথিত দিবলৈ অনুমতি দিছে। সেই বাবে লিখক তেওঁলোক দুয়োজনৰ ওচৰতে কৃতজ্ঞ।

 ঘটনাৱলী সজোৱাত লিখকে শ্ৰীযুক্ত বসন্তকুমাৰ বৰুৱা, শ্ৰীযুক্ত নকুলচন্দ্ৰ ভূঞা, শ্ৰীযুক্ত উমেশচন্দ্ৰ চৌধাৰী আদিৰ পৰা পৰামৰ্শ লাভ কৰি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছে আৰু শ্ৰীযুক্ত ৰঘুনাথ চৌধাৰী, শ্ৰীযুক্ত বেণুধৰ শৰ্মা, শ্ৰীযুক্ত গুণকান্ত মহন্ত, শ্ৰীযুক্ত লোচনচন্দ্ৰ বৰুৱা, প্ৰভৃতিৰ পৰা তেওঁলোকৰ লগত সম্পৰ্ক থকা দুই-এটা কথাৰ আভাস পাই তেওঁলোকলৈকো শলাগৰ শৰাই আগবঢ়াইছে।

 এই পুথি ছাপাখানাত দিয়াৰ পৰা ছপা হৈ ওলোৱালৈকে সকলোখিনি কাম শ্ৰীযুক্ত মহাদেৱ শৰ্মাই কৰি নিদিয়াহলে, ইমান সোনকালে ইয়াক ৰাইজৰ আগলৈ উলিয়াব পৰা নগ'লহেঁতেন, সেই বাবে তেখেতসকলোৱে ধন্যবাদৰ পাত্ৰ।

 সামৰণিত একেষাৰ ইয়াকে কওঁ যে এই পুথি পঢ়ি যদি এজনেও চন্দ্ৰনাথৰ আদৰ্শৰ সাৰাংশ গ্ৰহণ কৰিব পাৰে,—স্বদেশ-স্বজাতিৰ সেৱাত আত্মোৎসৰ্গ কৰিবলৈ শিকে, তেনেহলেই লিখকে তেওঁৰ পৰিশ্ৰম সফল মানিব আৰু বন্ধু-বিয়োগ দগ্ধীভূত হৃদয়ে সান্তনাৰ সলিলকণা লাভ কৰি আশ্বস্ত হব পাৰিব। ইতি—

কেতেকীবাৰী, তেজপুৰ
আষাঢ় ১৮৪৬ শক
ৰাইজৰ ভৰিৰ ধূলি
গ্ৰন্থকাৰ
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )