সমললৈ যাওক

পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কৰ্মবীৰ চন্দ্ৰনাথ

মাত্ৰ শিশু-কন্যাটিয়ে নৰিয়া-পাটীত পৰি ছটফট কৰিব লগা হৈছিল, অৱস্থা দিনে দিনে শঙ্কতজনক হৈ আহিছিল। এনে অৱস্থাত ঘৰ এৰি যাবলৈ কাৰো সত নাযায়, কিন্তু চন্দ্ৰনাথৰ সন্মুখত যে তাতোকৈ ডাঙৰ কৰ্তব্য আছে। বৰদলৈ ডাঙৰীয়া বিলাতৰ পৰা আহিয়েই আকৌ কংগ্ৰেছলৈ যোৱাত ‘এচোচিয়েশ্যনৰ দায়িত্বৰ বোজা গোটেইটো আগৰ দৰেই তেওঁৰ মূৰতে থাকিল। তদুপৰি তেওঁৰ অনুপস্থিতত ৰোগী-শুশ্ৰূষাত কোনো ব্যাঘাত নজন্মে, কিন্তু সম্মিলনৰ বিশেষ ক্ষতি হ’ব। সেই কাৰণে সন্তানৰ ভাৰ ঈশ্বৰৰ হাতত অৰ্পণ কৰি তেওঁ বৰপেটালৈ গ'ল। তেওঁৰ সময়ৰ ইমান অভাৱ আছিল যে বাৰ্ষিক কাৰ্য-বিবৰণীও কনফাৰেন্সৰ আগদিনা বৰপেটাত হে শেষ কৰিব পাৰিছিল।

 প্ৰথম দিনাৰ সম্মিলনত অভ্যৰ্থনা সমিতিৰ সভাপতিৰ অভিভাষণ আৰু কম্‌ফাৰেন্সৰ সভাপতিৰ অভিভাষণ শেষ হওঁতেই বেলি পৰিবৰ হ’ল, সেই কাৰণে সম্পাদকৰ বাৰ্ষিক ‘ৰিপোৰ্ট’ পিছ দিনালৈ স্থগিত ৰাখিবৰ নিমিত্তে সভাপতিয়ে প্ৰস্তাৱ কৰিলে। তাকে শুনি চন্দ্ৰনাথে ক'লেঃ ‘মোৰ এটা অনুৰোধ আছে। মোৰ ঘৰত নৰিয়া, একমাত্ৰ সন্তান মৃত্যু-শয্যাত। তথাপিও মাতৃৰ আহ্বানত তেওঁলোকক এৰি থৈ আহিছে। ৰোগীৰ অৱস্থা এনেকুৱা যে কেতিয়া কি দুঃসংবাদ পাওঁ তাৰ ঠিক নাই। যদিও কোনো দুৰ্ঘটনাই মোক এই মহান জাতীয় যজ্ঞৰ পৰা আতৰাই নিব নোৱাৰে, তথাপি কিছু সময়ৰ নিমিত্তে মোৰ দেহ-মন অৱসন্ন হোৱাৰ সম্ভাৱনা। সেই কাৰণে এতিয়াই কোনো অশুভ বাতৰি নৌ পাওঁতেই মোক মোৰ কাৰ্য বিবৰণ পঢ়িবলৈ দিলে কৃতাৰ্থ মানিম।’

 চন্দ্ৰনাথৰ অনুৰোধমতে সভাপতি ডাঙৰীয়াই তেতিয়াই তেওঁক কাৰ্যবিবৰণ পঢ়িবলৈ অনুমতি দিলে। যদিও কম সময়ত লিখা তথাপি বিবৰণখন শুনি সকলোৱে প্ৰশংসা কৰিছিল। তাত তেওঁ দিয়া সঙ্কেতবোৰ সকলোৰে মনোমত হৈছিল। কোনো কোনোৱে কৈছিল— সুদীৰ্ঘ বক্তৃতাতকৈ এনে চুটি অথচ সাৰুৱা মন্তব্য নিশ্চয় বেছি কাৰ্যকৰী হ’ব।