প্ৰথম অধ্যায়
আঁতি-গুৰি
সেই পুৰাণ-প্ৰসিদ্ধ অতীত গৌৰৱৰ অক্ষয় স্মৃতি বিজড়িত বাণনগৰ শোণিতপুৰৰ পৰা এক যোজন আঁতৰত বিহুগুৰি মৌজা। তেজপুৰৰ পৰা মঙ্গলদৈলৈ যোৱা ট্ৰাঙ্ক ৰোড এই মৌজাৰ মাজেদি গৈছে। ইয়াৰ মাটি নগৰৰ ওচৰৰ ঠাইতকৈ দ আৰু সাৰুৱা, কিন্তু বাৰিষা ইয়াত বানপানী সোমায়; বাট-পদূলি, বাৰী-চুক, চোতাল আদি বোকা হয়; ভাল খোৱা পানী দুষ্প্ৰাপ্য হৈ পৰে। খেতি- বাতিৰ অৱস্থা ভাল আৰু প্ৰায় সকলো মানুহেই খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পেটে-ভাতে খাই দিন নিয়ায়।
নিজ বিহুগুৰি এই মৌজাৰে এখন সাধাৰণ গাঁও। এই গাঁৱৰ বাসিন্দা সৰহভাগেই কাটনি, তাৰ মাজতে একে ঘৰ মাথোন ব্ৰাহ্মণ। এওঁলোকে এই গাঁৱতে কেইবা পুৰুষৰে পৰা বসতি কৰিছে। বংশৰ আদি পুৰুষজন শান্তিপুৰৰ পৰা অহা বুলি শুনা যায়।
বৃটিছ আগমনৰ প্ৰাৰম্ভতে যিজন এই বংশৰ মূল মানুহ আছিল তেওঁৰ নাম হৰিনাথ। এওঁ এজন সাত্ত্বিক স্বভাৱৰ মানুহ আছিল।
সেই সময়ত বৰকুলি প্ৰথা আছিল; ব্ৰাহ্মণ-শূদ্ৰ নিৰ্বিশেষে যেই সেই উপাধিবিহীন মানুহকে গবৰ্ণমেন্টে ধৰাই নি কুলি কাম কৰাই লৈছিল। গতি দেখি হৰিনাথ বিমৰ্ষ হ’ল, কেনেকৈ এই উৎপীড়নৰ হাত সাৰিব তাকে ভাবি দিন-ৰাতি কটাবলৈ ধৰিলে। এইদৰে কিছু দিন যোৱাৰ পিছত এদিন সপোনত তেওঁ ধেনুখনা পাহাৰৰ নামনিত থকা শিলডুবি বা ভৈৰৱপদ দেৱালয়ৰ সম্ভেদ পালে। দেৱালয়খন পোৱাৰ পিছত তেওঁ তাৰ ঠাকুৰ হৈ পূজা- সেৱা চলাবলৈ ধৰিলে আৰু তেতিয়াৰ পৰা বৰকুলি খটাৰ হাত সাৰিলে।