পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
কর্মবীৰ চন্দ্রনাথ

নিমিত্তে পুনঃ পুনঃ চেষ্টা কৰিছিল, ‘চেতনা’ উলিয়াওতেওঁ এইটোৱেই তেওঁৰ ঘাই লক্ষ্য আছিল। গুৱাহাটীৰ অ, ভা, উ, সা, সভাও চন্দ্ৰনাথৰ ওচৰত ঋণী। যেতিয়া এই সভাৰ নাম প্ৰায় নুমাব লগা হৈছিল তেতিয়া তেওঁ সম্পাদকৰ ভাৰ লৈ তাক নতুন জীৱন দান কৰে। ১৯১৮ চনৰ মাৰ্চৰ পৰা ১৯২০ চনৰ নবেম্বৰ মাহলৈকে এই সভাৰ কাৰ্য তেওঁ সুচাৰুৰূপে সম্পন্ন কৰিছিল।

 চন্দ্ৰনাথ ‘চেতনা’ৰ সম্পাদক হ’লেও তাত বৰকৈ প্ৰবন্ধ লিখা নাছিল। কিন্তু যি দুই-এটা সম্পাদকীয় উক্তি প্ৰকাশ কৰিছিল তাৰ যথেষ্ট মূল্য আছিল।

 ৰাজনৈতিক আন্দোলনত সম্পূৰ্ণৰূপে যোগ দিয়াৰ পৰা চন্দ্ৰনাথৰ সাহিত্য-চৰ্চালৈ অৱসৰ নাছিল, তথাপি তেওঁৰ অন্তৰত সাহিত্য-প্ৰেমৰ অন্তঃস্ৰোত এদিনলৈকো বন্ধ হোৱা নাছিল।

 
সপ্তদশ অধ্যায়
শিক্ষা বিস্তাৰত চন্দ্ৰনাথ
 

 নিজ কষ্টেৰে শিক্ষা লাভ কৰি চন্দ্ৰনাথে সৰু কালৰেপৰা শিক্ষা-প্ৰচাৰৰ মোল বুজিছিল, লগৰীয়া ছাত্ৰক টানে-আপদে পৰাপক্ষত সাহায্য কৰিছিল। কলেজত পঢ়োতে নিজৰ দুৰৱস্থালৈ পাহৰি শিক্ষাৰ প্ৰতি বিশেষ অনুৰাগ থকা ছাত্ৰক সাহায্য কৰিবলৈ তেওঁ সদায় সাজু আছিল।

 বি, এ, পাছ কৰাৰ পিছৰ পৰা মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফল ওলালেই তেওঁ কোন কোন ভাল ল’ৰা খৰছৰ অভাৱত কলেজলৈ আহিব নোৱাৰে বা আহিও উলটিব লগাত পৰে, তাৰ তালিকা সংগ্ৰহ কৰিছিল আৰু নিজে নোৱাৰিলে আনক ধৰি-মেলিয়েই তেনে ছাত্ৰক সুবিধা কৰি দিবলৈ যত্ন কৰিছিল। ওকালতি পাছ কৰাৰ