পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কৰ্মবীৰ চন্দ্ৰনাথ


বঙ্গদেশলৈ নিয়া প্ৰস্তাবৰ প্ৰতিবাদ নহয় আৰু গোৱালপাৰাত অসমীয়া চলোৱাৰ প্ৰস্তাব এৰি দিয়া হয়, তেনেহলেহে তেওঁলোক অভ্যৰ্থনা সমিতিৰ সভ্য হ’ব। প্ৰকৃততে তেনে প্ৰতিশ্ৰুতি দিবলৈ অভ্যৰ্থনা সমিতিৰ কোনো ক্ষমতা নাছিল, আৰু দিয়া হলেও ‘এচোচিয়েশ্যনৰ' নিয়মমতে তাৰ কোনো মূল্য নাথাকিলহেঁতেন। তথাপি জনচেৰেক স্বদেশ-প্ৰেমিক গোৱালপৰীয়াই বঙালীসকলৰ এনে অযুক্তিকৰ কথা শুনি সহিব নোৱাৰিলে আৰু তেওঁলোকৰ সাহায্য নালাগে বুলি স্পষ্টকৈয়ে কৈ দিলে। শ্ৰীযুত হৰেন্দ্ৰনাৰায়ণ দাসে খঙৰ কোবত টান কথা শুনাবলৈকো বাকী নথ'লে। তেওঁ কলে :-“তোমালোক আলহী মানুহ আলহীৰ দৰে বাহিৰত থাকিবা, ভিতৰত সোমাই ভাগ ল'বলৈ আহা কিয়? আমাৰ বাৰিত কল পকিছে, আমি আমাৰ জ্ঞাতি-কুটুম্বসকলেৰে ভাগ কৰি খাম, যদি দুই এটা আগলি থাকে, দিম পেলাই। আগ ধৰি ভাগ বিচাৰিবৰ তোমালোক কোন?”

 এই বাক-বিতণ্ডাৰ ফলত বঙালীসকল আঁতৰি পৰিল আৰু সম্মিলন ব্যৰ্থ কৰিবলৈ উঠি পৰি লাগিল। আনকি কোনো কোনোৱে সভাৰ মণ্ডপ পুৰি পেলাম বুলিও লুকাই-চুৰকৈ হুমিয়াইছিলহে। একমাত্ৰ শ্ৰীযুক্ত কামাখ্যাচৰণ সেন বি, এল, সাহিত্য সম্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হৈ অসমীয়াৰ লগত উজাইছিল। এনে বিবাদে কিবা দুৰ্ঘটনা ঘটাই সকলো আয়োজন পণ্ড কৰে বুলি চন্দ্ৰনাথ আগধৰি নেতাসকলক সাহায্য কৰিবলৈ গৈছিল। সেই একে উদ্দেশ্যই ৰায়বাহাদুৰ ৺ফনিধৰ চলিহা আৰু তেওঁৰ কনিষ্ঠ পুত্ৰ শ্ৰীযুত পদ্মধৰ চলিহাও তালৈ গৈছিল। স্থানীয় নেতা সকলে এওলোকৰ সাহায্য পাই সকলো কাম সুকলমে কৰিব পাৰিছিল।

 ১৯১৮ চনৰ ২৭ ডিছেম্বৰৰ দিনা পুৱা বেলা ‘সাহিত্য সম্মিলন’ আৰু আবেলি ‘আসাম এচোচিয়েশ্যন কন্‌ফাৰেন্স’ আৰম্ভ হয়। এচোচিয়েশ্যনৰ সভাপতি আছিল দেশভক্ত শ্ৰীযুত তৰুণ ৰাম ফুকণ৷ তেখেতৰ অভিভাষণ সুদীৰ্ঘ হলেও সি কেনে হৃদয়গ্ৰাহী, মৰ্মস্পৰ্শী, ৰাজনৈতিক তথ্যপূৰ্ণ আৰু তেজী আছিল, তাক শ্ৰোতাসকলে পাহৰিব