পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
কৰ্মবীৰ চন্দ্ৰনাথ

কাম পেলাই থোৱাও দেখা গৈছিল, কিন্তু ৰাজহুৱা কাম কৰিবৰ বেলিকা তেওঁৰ দুৰ্বলতা দূৰ হৈছিল, নৰিয়া গাতো শক্তি সঞ্চাৰ হৈছিল। সুস্থ অৱস্থাত দেশৰ কামত, ৰাইজৰ সেৱাত তেওঁৰ ভাগৰ নালাগিছিল, আনকি আহাৰ নিদ্ৰাও মনত নপৰিছিল। কেতিয়াবা তেনে কামত কেইবা দিনলৈকে অবিশ্ৰাম লাগি থকা দেখি দৰ্শকসকলেও আচৰিত মানিছিল।

 চন্দ্ৰনাথৰ নিৰ্ভীকতাও অতুলনীয়। সাহিত্য বা ৰাজনীতি ক্ষেত্ৰত তেওঁ উচিত বুলি ভবা কথা ক'বলৈ কেতিয়াও সঙ্কোচ নকৰিছিল। ওকালতি পাছ কৰাৰ পিছতেই কমিশ্যনাৰ অফিচৰ বেমেজালি আদিৰ তীব্ৰ সমালোচনা কৰি তাক নিয়মৰ তলতীয়া কৰিছিল। আসামৰ নানা ঠাইত ফুৰোঁতে যেতিয়াই তেওঁ কিবা বেমেজালি দেখিছিল তেতিয়াই তাক কৰ্তৃপক্ষ আৰু ৰাইজৰ আগত দাঙি ধৰি প্ৰতিবিধানৰ চেষ্টা কৰিছিল। এনেকৈ কাম কৰোঁতে কোনো ক্ষমতাপন্ন কৰ্মচাৰীৰ কোপ-দৃষ্টিত পৰিব বুলি কেতিয়াও তেওঁ ভয় কৰা নাছিল।

 চন্দ্ৰনাথৰ কাৰ্যাৱলীলৈ ভালকৈ চকু দিলে তেওঁৰ জীৱনৰ আগছোৱাত দুটা বিষয়ত কিঞ্চিৎ দুৰ্বলতাৰ আভাস পোৱা যায়। এটা হৈছে যশোলিপ্সা আৰু আনটো মৌলিকতাৰ অভাৱ। সৰুকালৰে পৰা তেওঁ ৰাইজৰ মঙ্গলৰ নিমিত্তে মন-প্ৰাণ সঁপি দিছিল, কিন্তু সেই বাবে আনে প্ৰশংসা কৰালৈ অপেক্ষা নকৰি তেওঁ নিজেই আত্ম-প্ৰশংসা কৰিবলৈ এৰা নাছিল। তেওঁ কেনেকৈ নিঃস্বাৰ্থভাৱে কাম কৰিছে তাক আনক জনাবলৈ তেওঁৰ যথেষ্ট আগ্ৰহ আছিল। মুঠতে ৰাইজৰ হকে কাম কৰোতে তেওঁ যি স্বাৰ্থত্যাগ কৰিছিল, তাক তেওঁ নিজে বুজি কড়াই-গণ্ডাই হিছাপ ৰাখিছিল আৰু আনক বুজাবলৈকো যত্ন কৰিছিল। অকল সেয়েই নহয় গোটেইখিনি প্ৰশংসাৰ ভাৰ তেওঁ অকলৈ লবলৈ কেতিয়াবা তেওঁৰ সহকৰ্মীসকলৰ নাম ইচ্ছা কৰিয়েই উল্লেখ নকৰিছিল।

 স্কুলত থাকেঁতে দণ্ডিনাথে ব’ৰাগী নামে এটা কবিতা লিখিছিল।