পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
কর্মবীৰ চন্দ্রনাথ

ওচৰতে তাৰ সুবিচাৰ বিচৰাৰ বাহিৰে আন কোনো উপায়ৰ কথা ভবা নাছিল। আমোলাতন্ত্ৰৰ শাসনত ভাৰত দিনক দিনে হীনবীৰ্য হৈ আহিছে বুলি তেওঁ বিশ্বাস কৰিছিল আৰু তাৰ প্ৰতিকাৰৰ নিমিত্তে আন্দোলন-আলোচনাৰ আৱশ্যকতাও অনুভৱ কৰিছিল। কিন্তু তেনে আন্দোলন কেনেভাৱে চলোৱা উচিত তাক তেওঁ নিজে স্থিৰ কৰিব পৰা নাছিল। তথাপি সৰ্বসাধাৰণৰ মাজত এটা ৰাজনৈতিক ঢৌ তুলি দিব পাৰিলে সিয়েই সময়ত গুণ দিব বুলি তেওঁ অনুমান কৰিছিল।

 বঙ্গদেশ আদিৰ ৰাজনৈতিক নেতাসকলতকৈ পশ্চিম ভাৰতৰ নেতাসকলক চন্দ্ৰনাথে বিশেষভাৱে শ্ৰদ্ধা কৰিছিল। বঙ্গীয় নেতা- সকলৰ ওপৰত তেওঁৰ সমূলি বিশ্বাস নাছিল, তেওঁলোকক ভাবপ্ৰবণ আৰু ব্যক্তিগত স্বাৰ্থৰ বশ বুলিয়েই তেওঁ ধৰি লৈছিল। নৌৰজী, গোখলে আৰু তিলকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা সৰু কালৰে পৰা আছিল। মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত বন্দী হোৱাৰে পৰা চন্দ্ৰনাথৰ আদৰ্শ হৈ উঠিছিল; তেতিয়াৰে পৰা তেওঁ মহাত্মাৰ মত নিৰ্বিবাদে গ্ৰহণ কৰিছিল।

 যেই সেই কাৰ্যতে চন্দ্ৰনাথ উগ্ৰ আছিল, ৰাজনীতি ক্ষেত্ৰতো উগ্ৰপন্থী হোৱাৰহে সম্ভাৱনা আছিল। নিজ কাৰ্যোদ্ধাৰৰ নিমিত্তে আগছোৱাত তেওঁ কূটনীতিৰ আশ্ৰয় লবলৈকো বেয়া নাপাইছিল। তেওঁ তেনে কোনো ফন্দীৰ বিৰুদ্ধে ক’লে তেওঁ এনেকৈ উত্তৰ দিছিল : “সঁচা-মিছা উদ্দেশ্য লৈ বিচাৰ কৰিব লাগে। ধৰ এজনী গাভৰু বাধ্য হৈ এখন হাবিৰ মাজেদি যাব লগা হ’ল, গম পাই কেইটামান গুণ্ডাই তাই পিছ ললে। বিপদৰ সম্ভাৱনা দেখি তেতিয়া তাই হাবিত সোমাল আৰু এজন ক্ষীণকায় সন্ন্যাসীক দেখা পাই আশ্ৰয় ভিক্ষা কৰিলে। সন্ন্যাসীয়ে আন উপায় নেদেখি পঁজা এটাৰ চুকত তাইক সুমুৱাই থৈ ধ্যানত বহিল। অলপ পাছতে গুণ্ডাকেইটাই সন্ন্যাসীৰ ওচৰ চাপি তেওঁক সেই গাভৰুৰ কথা সুধিলে। সন্ন্যাসীয়ে দেখিলে সঁচা কথা ক'লে তেওঁ তাইক ৰক্ষা কৰিব নোৱাৰে। অগত্যা