পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
কৰ্মবীৰ চন্দ্ৰনাথ

কৰি লৈ অনিৰ্দিষ্ট উদ্দেশ্যেৰে গুৱাহাটীলৈ ওলাল। শ্ৰীযুক্ত হেমকান্ত ঠাকুৰেও এই সময়ত কিঞ্চিৎ অৰ্থ-সাহায্য কৰিছিল। চন্দ্ৰনাথে ভাবিছিল তেওঁ যেনে তেনে এটা বৃত্তি পাব আৰু কোনোমতে কলেজত নামটো লগাই ল’ব পাৰিলেই, বাকী কেইটকাৰ জোৰা মাৰিবলৈ কিবা এটা উপায় উলিয়াব পাৰিব। কিন্তু তেওঁৰ আশাৰ মূলতেই কুঠাৰ পৰিল, তেওঁ বৃত্তি নাপালে। চন্দ্ৰনাথ নিৰুপায় হ’ল, কিন্তু আশা নেৰিলে। অনিশ্চিত আৰু অজ্ঞাত সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ কলেজত ভৰ্তি হ'ল। দৰঙৰ গৌৰৱ ৰায় শ্ৰীযুক্ত ভূবনৰাম দাস বাহাদুৰে কিতাপ কিনিবৰ নিমিত্তে তেওঁক কিছু টকা দান কৰিছিল। কিন্তু সময় যোৱাৰ লগে লগে তেওঁৰ অসুবিধাও বাঢ়ি আহিবলৈ ধৰিলে, লাহে লাহে এনেকৈ কলেজত পঢ়া এক ৰকম অসম্ভব হৈ আহিল।

 সেই সময়ত জজৰ পেস্কাৰ গুৱাহাটীৰ উজান বজাৰ নিবাসী অন্নদাকুমাৰ বৰুৱা কন্যাদায়গ্ৰস্ত হৈ বৰৰ অনুসন্ধানত আছিল; চন্দ্ৰনাথৰ ওচৰলৈকো তেওঁৰ প্ৰস্তাৱ আহিছিল। ছাত্ৰ অৱস্থাত বিয়া কৰোৱাৰ তেওঁ পক্ষপাতী নাছিল, কিন্তু এতিয়া তেওঁৰ আৰ্থিক অৱস্থা এই প্ৰস্তাৱৰ অনুকুলে থিয় দিলে। অগত্যা চন্দ্ৰনাথে তেওঁৰ বন্ধু-বান্ধৱৰ অনুমোদন, ককায়েক-মাকহঁতৰ অনুমতি আৰু শ্ৰীযুক্ত পদ্মনাথ বৰুৱা ডাঙৰীয়াৰ উপদেশ মতে এই প্ৰস্তাব গ্ৰহণ কৰিলে। শুভ দিনত শুভ লগ্নত চন্দ্ৰনাথে তেওঁৰ “অকলশৰীয়া জীৱন চমকা- চমকে পিয়ন” এৰি শ্ৰীমতী ভুবনেশ্বৰীৰ হাতত ধৰি নতুন সংসাৰত প্ৰৱেশ কৰিলে। এই বিবাহত কোনো প্ৰকাৰৰ আৰ্থিক আকৰ্ষণ নাছিল, অনুৰাগৰ আপোন পাহৰা ভাব নাছিল, আৰু নাছিল কোনো আদৰ্শৰ প্ৰেৰণা। অৱস্থাই যি বাটে লৈ গৈছিল, সেই বাটেই আগ বাঢ়িছিল মাথোন।

 এই বিবাহত এটা প্ৰধান বিশেষত্ব এই আছিল যে বৰ যাত্ৰীৰ দল সম্পূৰ্ণৰূপে কলেজ-ছাত্ৰ আৰু আন মতা মানুহেৰে পুষ্ট হৈছিল। তেওঁলোকৰ নামৰ সুৰত কন্যাঘৰীয়া নামতীসকল স্তম্ভিত হৈছিল।