পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কর্মবীৰ চন্দ্রনাথ


গ্ৰহণ কৰে। পুৱা অধ্যয়ন, আৰু আবেলি অধ্যাপনা কৰিও এই কালত চন্দ্ৰনাথে বিবিধ ৰাজহুৱা অনুষ্ঠানত যোগ দিবলৈ সময় উলিয়াইছিল। এই সময়ৰে পৰা তেওঁ ‘আলোচনী’ আৰু ‘আসাম বিলাসিনী’ত লিখিবলৈ আৰম্ভ কৰে, বিশেষকৈ ‘বিলাসিনী’ৰ নিয়মীয়া লিখক হৈ তাৰ মূল্য বহুতো বঢ়ায়। ‘বিলাসিনী’ বন্ধ নোহোৱালৈকে তেওঁ তাৰ প্ৰধান পৃষ্ঠপোষক আছিল।

 তেতিয়াও চন্দ্ৰনাথে আগৰ দৰেই ‘এ, এচ, এল, ক্লাব’ (অসমীয়া ছাত্ৰ-সাহিত্য-সভা), একতা সভা, আৰু অ, ভা, উ, সা, সভাত যোগ দিছিল আৰু অন্যান্য দেশহিতকৰ কাৰ্যত আত্মশক্তি নিয়োগ কৰিছিল।

 শিক্ষক হৈ চন্দ্ৰনাথে দেখিলে উপযুক্ত কিতাপৰ অভাৱত অসমীয়া ল’ৰাই ইংৰাজী অনুবাদ শিকাত বৰকৈ টান পায়। বঙলা কিতাপে এই অভাৱ কেতিয়াও গুচাব নোৱাৰে। সেই কাৰণে ছাত্ৰসকলৰ সুবিধাৰ নিমিত্তে তেওঁ অৱসৰ মতে এখন অসমীয়া-ইংৰাজী অনুবাদৰ পুথি লিখে। এইখনেই তেওঁৰ “মেট্ৰিকুলেশ্যন কম্প’শ্যজিন আৰু ট্ৰেন্স্‌লেশন।” কিতাপখনত ক’ৰবাত ক'ৰবাত দুই-এটা খুঁত থাকিলেও সি যে অতি আৱশ্যকীয় আৰু উৎকৃষ্ট গ্ৰন্থ হৈছিল, তাত সন্দেহ নাই। বহুত কৃতবিদ্য মানুহে তাৰ প্ৰশংসা কৰিছিল। তেওঁৰ জীৱদ্দশাত তাৰ দ্বিতীয় তাঙৰণ ওলোৱা হ’লে সি নিখুঁত আৰু নিভুল হোৱাৰ সম্পূৰ্ণ আশা আছিল।

 পুথিখন ১৯১৬ চনত ছপাখানাত দিয়া হয়। কিতাপ ছপাওঁতে মুঠ খৰছ প্ৰায় বাৰ শ টকা পৰিছিল। এই টকাৰ এটা পইছাও তেওঁৰ নিজৰ নহয়, কড়াই-গণ্ডাই ধাৰ। মাজে-সময়ে ধাৰলৈ ধন নোপোৱাত ছপাকে স্থগিত ৰাখিব লগা হৈছিল। এনেকৈয়ে টকাৰ অভাৱত নানা অসুবিধা ভোগ কৰি যেনে তেনে তেওঁ কিতাপখন ছপাই উলিয়ালে। কিন্তু ইমানতে তেওঁৰ আহুকালৰ অন্ত নপৰিল। যিটো দপ্তৰীক কিতাপ বান্ধিবলৈ দিছিল, তাৰ ধাৰ আছিল, মহাজনে গোচৰ কৰি সেই টকা ডিক্ৰি কৰাই তাৰ সম্পত্তি ক্ৰোক কৰিলে। ক্ৰোক কৰা সম্পত্তিৰ ভিতৰত চন্দ্ৰনাথৰ কিতাপবোৰো পৰিল। চন্দ্ৰনাথ