পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
কর্মবীৰ চন্দ্রনাথ

প্ৰথমতে তেখেতে সেই কথাৰ প্ৰতিবাদ কৰা অনাৱশ্যক বুলি ভাবিছিল, কিন্তু চন্দ্ৰনাথৰ তেনে গঢ়ৰ কথাৰ জোখ বাঢ়ি যোৱা দেখি সেই কথা কোৱা উচিত বিবেচনা কৰিলে। লগতে ইয়াকো ক'লে যে তেখেতে ‘হেমকোষ আৰু বাঁহী’ প্ৰবন্ধৰ প্ৰতিবাদ কৰিব নোখোজে, কিয়নো যি ল’ৰাই তেনে নাভূত-নাশ্ৰুত মিছা কথা লিখিব পাৰে, তেনে ল’ৰা লিখকৰ লিখাত কি সাৰ থাকিব পাৰে তাক ৰাইজে বুজিবলৈ টান নাপায়।

 ‘বাঁহী’-সম্পাদকৰ কথাৰ উত্তৰ স্বৰূপে চন্দ্ৰনাথে যি প্ৰবন্ধ লিখিছিল, তাত এই ফাঁকি কথা আছিল; “কিন্তু পিট চাহাবৰ বৰ ভাগ্য যে তেওঁৰ আগেয়ে বা তেওঁৰ জীৱদশাতে এই দৰৰ পাণ্ডুলিপি (?) এখন প্ৰচাৰ হোৱা নাছিল; হোৱা হলে ২৫ বছৰীয়া গোঁফ ঠুটিওৱা পনীয়া বুদ্ধিৰ পিট চাহাবে ইংলণ্ড হেন দেশৰ (Prime Minister) প্ৰধান মন্ত্ৰী হৈ যাব নোৱাৰিলেহেঁতেন।”

 এই কথা লিখাৰ পৰাই যেয়ে সেয়ে চন্দ্ৰনাথক দেখিলেই পিট পিট বুলি বিদ্ৰূপ কৰিবলৈ ধৰিলে।

 সেই বছৰতে নগাঁৱৰ শ্ৰীযুক্ত ৰত্নকান্ত বৰকাকতিদেৱে কিছুমান শব্দৰ বৰ্ণবিন্যাস সম্বন্ধে ‘হেমকোষ'ৰ আসোঁৱাহ ধৰি অসমীয়া ভাষাৰ আখৰ-জোঁটনি নামেৰে এটা প্ৰবন্ধ লিখি উষাত উলিয়াইছিল। চন্দ্ৰনাথে তাৰ এটা তীব্ৰ প্ৰতিবাদ লিখিলে। উষাৰ সম্পাদকে কিন্তু প্ৰবন্ধটো তেনেভাৱেই নছপাই, তাত হাত ফুৰাই প্ৰতিবাদৰ তীব্ৰতা কমাই দিছিল। তাৰ ফলত দুয়োৰে মাজত মনোমালিন্য ঘটাৰ যি আশঙ্কা আছিল, সি দূৰ হ’ল, বৰং দুইৰো মাজত সদ্ভাবহে স্থাপিত হ’ল। কাকতিদেৱে চন্দ্ৰনাথৰ প্ৰতিবাদৰ উত্তৰ তেওঁলৈকে পঠিয়াই দিলে আৰু তেওঁৰ ইচ্ছামতেহে পিছত তাক ‘উষা’ত প্ৰকাশ কৰিলে। তেতিয়াৰে পৰা দুয়োৰে ভিতৰত দৃঢ় বন্ধুতা স্থাপিত হল।

 এই কেইটাৰ বাহিৰে সেই বছৰত ‘আবৰ জাতি’ আৰু ‘ছাৰ নৃপেন্দ্ৰনাৰায়ণ ভূপ বাহাদুৰ’ নামেৰে চন্দ্ৰনাথৰ আৰু দুটা প্ৰবন্ধ উষাত প্ৰকাশ হৈছিল।