কৈছিল যে কিছুমান পাঠক আছে, তেওঁলোকে এহাতে ‘হেমকোষ’ আৰু এহাতে ‘বাঁহী’ লৈ ‘বাঁহী’ পঢ়িবলৈ যায়, কিন্তু তেখেতে ‘হেমকোষ’ৰ প্ৰভুত্ব মানিলেও “অটৰাৰ গুৰিৰ পৰা কটৰাৰ গুৰিলৈকে অলপো নেৰেঙোৱাকৈ” মিলি যাব নোখোজ। এই কথাৰ উত্তৰত চন্দ্ৰনাথে কৈছিল “হেমকোষ” হাতত লৈ কোনেও ‘বাঁহী’ পঢ়িবলৈ নাযায়, “হেমকোষ” গুলি-পিহি খোৱা মানুহো আসামত আছে।
বাস্তৱতে চন্দ্ৰনাথে “হেমকোষ”ৰ এনেকৈ আলোচনা কৰিছিল যে শেহত ‘হেমকোষ’ চোৱাৰ আৱশ্যকতা প্ৰায় নোহোৱা হৈছিল। এই ঘটনাৰ পিছত কোনো কোনোৱে তেওঁক ‘হেমকোষ গুলি-পিহি খোৱা’ বুলিও জোকাইছিল।
আখৰ-যোঁটনিত হেমচন্দ্ৰ বৰুৱা আৰু লম্বোদৰ বৰাৰ নিৰ্দিষ্ট বাটৰ এডালমান চুলিৰ আঁতৰে যাবলৈকো চন্দ্ৰনাথৰ দুৰ্ঘোৰ আপত্তি আছিল আৰু কোনোবা গ'লেও তেওঁ মাতি উঠিছিল। তেওঁলোকৰ ৰচনাৰ ওপৰত কোনোবাই হাত দিলে তেওঁ সহিব নোৱাৰিছিল। ৺লম্বোদৰ বৰাৰ আনন্দৰামৰ পাতনিখন অসমীয়া গদ্য ৰচনাৰ কেনে উৎকৃষ্টতম আৰ্হি তাক সকলোৱে জানে, কিন্তু ‘সাহিত্য-সংগ্ৰহ’ত তাৰ অঙ্গ-ক্ষত কৰা হৈছে। চন্দ্ৰনাথে এই পৰিবৰ্তনত মৰ্মান্তিক বেজাৰ পাইছিল, আৰু আসাম সাহিত্য সম্মিলনৰ তেজপুৰ অধিবেশনত অভ্যৰ্থনা সমিতিৰ সভাপতি স্বৰূপে যি অভিভাষণ পঢ়িছিল, তাত এই পৰিবৰ্তনৰ অতি তীব্ৰ অথচ যুক্তিযুক্ত সমালোচনা কৰি অসমীয়া সাহিত্যৰ গতি নিৰ্দেশ কৰিছিল।
ভাষা সম্পৰ্কে চন্দ্ৰনাথৰ মত অতি উদাৰ আছিল। পঞ্চম ভাগ ‘উষা’ত প্ৰকাশ হোৱা বৰ্তমান অসমীয়া ভাষা নামৰ তেওঁৰ প্ৰবন্ধটো পঢ়িলেই এই কথাৰ গম পোৱা যায়। এই প্ৰবন্ধটো ১৯১৫ চনতে গুৱাহাটীৰ অ, ভা, উ, সা, সভাত পঢ়িবলৈ লিখা হৈছিল। প্ৰথমতে প্ৰবন্ধটোৰ নাম দিয়া হৈছিল “উজনি আৰু নামনিৰ অসমীয়া ভাষা”। কিন্তু জনচেৰেক সভাৰ মুখিয়াল সভ্যই আপত্তি কৰাত, পঢ়াৰ আগতে তাৰ কিছু পৰিবৰ্তন ঘটাই নতুন নামকৰণ কৰা