পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
কৰ্মবীৰ চন্দ্ৰনাথ

 মুঠতে মহাত্মা গান্ধীয়ে আৰু কংগ্ৰেছৰ কাৰ্যকৰী কমিটিয়ে যি ‘আধ্যাত্মিক আৰু ধৰ্মবিহিত' উপায়েৰে স্বৰাজ লাভ কৰিব খোজে সেই দৰে স্বৰাজ লাভ কৰিবলৈ তেত্ৰিছ কৌটি ভাৰতবাসীক তেত্ৰিছ কোটি বছৰ লাগিব।

  মই যোৱা পাঁচ-ছয় বছৰ মহাত্মাৰ কাৰ্য আৰু উপদেশ অনুসৰণ কৰি আহিছোঁ‌; তেখেতৰ প্ৰতি শ্ৰদ্ধা-ভক্তিত মই কাৰো পিছ পৰা নহওঁ। এতিয়াও ভগৱানে বৰ্তমান কাৰাবাসৰ পৰা মুক্তি দিলে ব্যক্তিগতভাৱে তেখেতৰ কাৰ্য আৰু হুকুম মানি চলিব পাৰিম। কিন্তু কোনো দেশৰ বা ঠাইৰ প্ৰতিনিধি স্বৰূপে মই কেতিয়াও তেখেতৰ বৰ্তমান প্ৰস্তাৱবোৰ সমৰ্থন কৰিব নোৱাৰোঁ‌। আৰু কাম কৰিব পৰা অৱস্থাত থকা হলে এই সম্বন্ধে অসমৰ হৈ মই মাত মাতিলোঁ‌হেঁতেন। এতিয়া এই মত মই ব্যক্তিগতভাৱেহে প্ৰকাশ কৰিছোঁ‌।

 বাবুলৰ (শ্ৰীযুত শিশিৰ কুমাৰ বৰুৱা) ফাটেকত মোৰ আনন্দও নাই, বেজাৰো নাই। বোধ কৰো তেওঁ ‘এ’ শ্ৰেণীৰ ফাটেকিয়ালৰ ('A' Class Prisoner) ভিতৰত পৰিব। তেতিয়াহ'লে ঘৰৰ পৰা আহাৰ-পাতি, কাপোৰ-কানি, কিনি দিব পাৰিব। মোৰ মনেৰে তেওঁক যদি গুৱাহাটীতে ৰখা হয়, ঘৰৰ পৰা আহাৰ দিয়া আৰু তেওঁ খোৱা উচিত। বৰদুলীৰ প্ৰস্তাৱৰ পিছত দেশৰ বৰ্তমান অৱস্থা আৰু আন্ধাৰ ভৱিষ্যৎ অতি দকৈ ভাবি চাই মই এই কথা কৈছোঁ‌। আপুনি তেওঁক দেখা কৰি ক'লে খাবলৈ ৰাজী হ’ব পাৰে।

 গুৱাহাটীত যদি কংগ্ৰেছ কাগজখন এতিয়াও ওলাই আছে, তেন্তে এই চিঠিৰ এটা ‘নকল’ (Copy) তাত প্ৰকাশ কৰিবলৈ। দিব পাৰে। মোৰ গা আজি দুদিন বৰ বেয়া, জ্বৰ ১০০ৰ কম হোৱাই নাই, ভৰি ফুলা আৰু বিষ আজি বৰকৈ বাঢ়িছে। খোজ দিব নোৱাৰি। আপোনাৰ গা বেয়া বুলি লিখি আছে; তাৰ লগত মন বেয়া নকৰিব। আশা কৰোঁ, সোনকালেই ঈশ্বৰে চকু মেলি চাব। সোণহঁতৰ খবৰ আজি পাম বুলি ভাবিছিলোঁ‌।