পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আশা কৰিছিল, কিন্তু বিশেষ একোকে সংগ্ৰহ কৰিবলৈ সুযোগ নোলাল।

 এই গ্ৰন্থ ৰচনা কৰোঁতে লিখকে সহকৰ্মীৰূপে নিজে জনা ঘটনা আৰু চন্দ্ৰনাথ তেওঁলৈ লিখা চিঠি-পত্ৰবোৰৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰিছে, সেই কাৰণে তেওঁ নিজে নজনা বা জানিও পাহৰা, নাইবা চিঠিৰ উল্লেখ নথকা বহুতো ঘটনাই ইয়াত ঠাই নোপোৱাৰ সম্ভাৱনা। লিখকৰ অনুৰোধ-কোনো আৱশ্যকীয় ঘটনা বাদ পৰা দেখিলে, অথবা কোনো ভুল–চুক চকুত পৰিলে যেন সহৃদয় পাঠকসকলে অনুগ্ৰহ কৰি লিখকক জানিবলৈ দিয়ে। সেয়ে হলে দ্বিতীয় তাঙৰণত তাক ব্যৱহাৰ কৰিবলৈ চল লাগিব।

 চন্দ্ৰনাথৰ আঁতি-গুৰিসম্পৰ্কীয় মূল কথাখিনি তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা শ্ৰীযুত যোগেশ্বৰ শৰ্মাৰ পৰা পোৱা হৈছে আৰু পুৰীৰ পৰা চন্দ্ৰনাথে লিখা চিঠিখন শ্ৰীযুত দুৰ্গানাথ বৰুৱাই এই পুথিত দিবলৈ অনুমতি দিছে। সেই বাবে লিখক তেওঁলোক দুয়োজনৰ ওচৰতে কৃতজ্ঞ।

 ঘটনাৱলী সজোৱাত লিখকে শ্ৰীযুক্ত বসন্তকুমাৰ বৰুৱা, শ্ৰীযুক্ত নকুলচন্দ্ৰ ভূঞা, শ্ৰীযুক্ত উমেশচন্দ্ৰ চৌধাৰী আদিৰ পৰা পৰামৰ্শ লাভ কৰি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছে আৰু শ্ৰীযুক্ত ৰঘুনাথ চৌধাৰী, শ্ৰীযুক্ত বেণুধৰ শৰ্মা, শ্ৰীযুক্ত গুণকান্ত মহন্ত, শ্ৰীযুক্ত লোচনচন্দ্ৰ বৰুৱা, প্ৰভৃতিৰ পৰা তেওঁলোকৰ লগত সম্পৰ্ক থকা দুই-এটা কথাৰ আভাস পাই তেওঁলোকলৈকো শলাগৰ শৰাই আগবঢ়াইছে।

 এই পুথি ছাপাখানাত দিয়াৰ পৰা ছপা হৈ ওলোৱালৈকে সকলোখিনি কাম শ্ৰীযুক্ত মহাদেৱ শৰ্মাই কৰি নিদিয়াহলে, ইমান সোনকালে ইয়াক ৰাইজৰ আগলৈ উলিয়াব পৰা নগ'লহেঁতেন, সেই বাবে তেখেতসকলোৱে ধন্যবাদৰ পাত্ৰ।

 সামৰণিত একেষাৰ ইয়াকে কওঁ যে এই পুথি পঢ়ি যদি এজনেও চন্দ্ৰনাথৰ আদৰ্শৰ সাৰাংশ গ্ৰহণ কৰিব পাৰে,—স্বদেশ-স্বজাতিৰ সেৱাত আত্মোৎসৰ্গ কৰিবলৈ শিকে, তেনেহলেই লিখকে তেওঁৰ পৰিশ্ৰম সফল মানিব আৰু বন্ধু-বিয়োগ দগ্ধীভূত হৃদয়ে সান্তনাৰ সলিলকণা লাভ কৰি আশ্বস্ত হব পাৰিব। ইতি—

কেতেকীবাৰী, তেজপুৰ
আষাঢ় ১৮৪৬ শক
ৰাইজৰ ভৰিৰ ধূলি
গ্ৰন্থকাৰ