এই বছৰ আসাম এচোচিয়েশনৰ কাৰ্য যেনে সুচাৰুৰূপে সম্পন্ন হৈছিল তেনে কেতিয়াও হোৱা নাছিল। ইয়াৰ মূলত যে চন্দ্ৰনাথৰ নিঃস্বাৰ্থ স্বদেশ-প্ৰীতি তাক নকলেও হব। সম্মিলনেও চন্দ্ৰনাথৰ দেশ হিতৈষণাৰ শলাগ লৈ তাৰ চিন-স্বৰূপে তিনি শ টকা বঁটা দিয়ে। চন্দ্ৰনাথে সেই দান তেতিয়া আনন্দেৰে গ্ৰহণ কৰিলে, কিন্তু ৰাইজৰ হকে খাটি তাৰ বেচ লোৱাৰ ইচ্ছা তেওঁৰ সমূলি নাছিল। সেইকাৰণে পিছ বছৰত তেওঁ অসমীয়া আৰু বিলাসিনীত এই জাননী দিছিল—
“ৰাজনৈতিক সাহিত্যৰ বাবে পুৰস্কাৰ ঘোষণা।”
যোৱা বছৰ অসমৰ ৰাজনীতি ক্ষেত্ৰত মোৰ ক্ষুদ্ৰ শক্তিৰে অলপ কাম কৰিব পাৰিছিলোঁ বুলি তাৰ শলাগ লোৱাৰ লগে লগে যোৱা বৰপেটা কন্ফাৰেন্সে মোক তিনি শ টকা পুৰস্কাৰ দিবলৈ বুলি এটি প্ৰস্তাব গ্ৰহণ কৰিছিল। সমূহ অসমীয়াৰ বিৰাট সভাই কৰা এই প্ৰস্তাবত অসম্মতি প্ৰকাশ কৰিবলৈ মোৰ শক্তিৰে নুজুৰিলে; ইফালে মাতৃভূমিৰ উপকাৰজনক কিবা কাম যদি কৰিব পাৰিছোঁ, যৎকিঞ্চিৎ স্বাৰ্থত্যাগ কৰিবলৈ যদি সমৰ্থ হৈছে, তাৰ বাবে কোনো শলাগ বা পুৰস্কাৰ গ্ৰহণ কৰিবলৈ শক্তি মোৰ সমূলি নাই। গতিকে উক্ত প্ৰস্তাবৰ জৰিয়তে অসমীয়া ৰাইজে দিয়া আশীৰ্বাদৰ নিৰ্মালি মই মূৰ দোঁৱাই লৈ তাৰ লগত দিয়া দক্ষিণাফেৰী ৰাজনীতি আলোচনা প্ৰচাৰৰ নিমিত্তে তলত লিখাৰ দৰে দিবলৈ স্থিৰ কৰিছোঁ।
১। “১৯১৯ চনৰ পঞ্জাবৰ দুৰ্ঘটনাৰ চমু বৰ্ণনা (মূল কাৰণ, হত্যাকাণ্ডৰ বৃত্তান্ত, বৰ্তমান ভাৰতীয় ৰাজনীতিত তাৰ কাৰ্য, শেষ ফল) কংগ্ৰেছৰ চাব কমিটিৰ ৰিপোৰ্টৰ গড়িলা লৈ লিখা ১০০ পিঠিৰ এটি কিতাপ হ’ব লাগিব। পুৰস্কাৰ এশ টকা।”
২। “ভাৰতৰ পুনৰুত্থানৰ নিমিত্তে কংগ্ৰেছৰ কাৰ্যকাৰিতা [ মহাত্মা তিলক, গোখেল, নৌৰজী, গান্ধী, মালব্য আৰু এনি- বেছান্তৰ ৰাজনৈতিক পলিছিৰ (Policy) উচিত আলোচনাৰে সৈতে ] ৬০/৭০ পিঠিৰ কিতাপ হ’ব লাগিব। পুৰস্কাৰ ১০০ টকা।”