পৃষ্ঠা:কৰ্মবীৰ চন্দ্ৰনাথ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ক‌ৰ্মবীৰ চন্দ্ৰনাথ


জাহাজত শিলঘাটলৈ যাত্ৰা কৰিলে। শিলঘাটৰ পৰা চাপৰমুখেদি তেখেতৰ যোৰহাটলৈ যোৱাৰ কথা।

 সেই দিনা চন্দ্ৰনাথৰ অৱস্থা বিষম আছিল, সেই কাৰণে তেওঁ মহাত্মাৰ অনুসৰণ কৰিব নোৱাৰিলে। পিছদিনা পুৱা জ্বৰ অলপ শাম কাটিলে, আৰু গালৈ অলপ তত আহিল। তেওঁ আৰু অলপো পলম নকৰিলে, মহাত্মাক যোৰহাটত লগ ধৰিবৰ ইচ্ছাৰে ততালিকে পুৱাৰ ডাক-জাহাজত উঠি ককিলামুখলৈ যাত্ৰা কৰিলে, কিন্তু তেওঁৰ আৰু মহাত্মাৰ লগ ধৰা নহ’ল, বাটতে তেওঁৰ শৰীৰৰ অৱস্থা এনে শোচনীয় হৈ উঠিল যে তেওঁ যোৰহাটলৈ নগৈ তেজপুৰলৈ ঘূৰি আহিবলৈ বাধ্য হ’ল।

 তেজপুৰত কিছু দিন থকাৰ পিছত তেওঁৰ শৰীৰ অলপ ভালৰ ফালে আহিল, কিন্তু তেওঁৰ ৰোগৰ উপশম নোহোৱাকৈয়ে আকৌ আগৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ এটা বিশেষ ক্ষমতা আছিল যে যিবোৰ মানুহে তেওঁক সমূলি দেখিব নোৱাৰিছিল,সেইবিলাকো তেওঁৰ সন্মুখত সেও হৈছিল। যিবিলাক মানুহৰ পৰা আন স্বেচ্ছাসেৱকে একোকে আদায় কৰিব নোৱাৰিছিল, চন্দ্ৰনাথে নিজে তেওঁলোকৰ ওচৰলৈ গৈ আশাতীতৰূপে দান সংগ্ৰহ কৰিছিল। মুঠতে তিলক স্বৰাজ ভঁৰালৰ নিমিত্তে তেজপুৰৰ পৰা নিৰ্দিষ্ট সময়ত যিমান ধন উঠিব লাগিছিল, চন্দ্ৰনাথৰ অক্লান্ত পৰিশ্ৰম আৰু সু-শৃঙ্খল পৰিচালনাৰ ফলত তাতকৈও বেছি উঠিছিল; অথচ আন কোনো জিলাই সেই সময়ৰ ভিতৰত নিজ নিজ ভাগৰ ধন সম্পূৰ্ণ কৈ তুলিব পৰা নাছিল।

 চন্দ্ৰনাথৰ শাৰীৰিক দুৰৱস্থা আৰু অতিপাত পৰিশ্ৰম দেখি এদিন তেওঁৰ বন্ধু এজনে ক'লে, “চন্দ্ৰ, তই এনেকৈ আপোনঘাতী হৈ মৰিব খুজিছ কিয়? আগেয়ে গাটো ভাল কৰি ল, তাৰ পিছত কাম কৰিবি। নহ'লে এনেকৈ বেমাৰলৈ আওকাণ কৰি কাম কৰাৰ ফলত যদি অকাল-মৃত্যু ঘটে, তেতিয়া কাম কৰিব কোনে? সেই কাৰণে প্ৰকৃততে যদি দেশৰ কাম কৰিব খুজিছ তেন্তে তই