ৰচনা মালিকা

ৱিকিউৎসৰ পৰা
[  ]
[  ]

অসম মাধ্যমিক শিক্ষাবোৰ্ডৰ দ্বাৰা অনুমোদিত নতুন পাঠ্যক্ৰম অনুসৰি

বিদ্যালয়সমূহৰ ৫ম শ্ৰেণীৰ বাবে বিশেষভাবে প্ৰস্তুত

কৰা ৰচনা বিষয়ৰ পাঠ্যপুথি।


ৰচনা-মালিকা


প্ৰথম ভাগ


[ বাৰ বছৰীয়া পাঠ্যক্ৰম অনুযায়ী ৫ম মানৰ বাবে ]


শ্ৰীউমেশ বৈশ্য, এম. এ.

শিক্ষক, বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুল,

গুৱাহাটী।



পুৰ্ব্বাঞ্চল প্ৰকাশনী

গুৱাহাটী-১

[  ]

প্ৰকাশক:

শ্ৰী অমলচন্দ্ৰ গুহ

পূৰ্ব্বাঞ্চল প্ৰকাশনী

গোপীনাথ বৰদলৈ ৰ’ড

গুৱাহাটী-১



প্ৰথম প্ৰকাশ

১৯৭৭ চন



মূল্য—২.৫০ টকা



গ্ৰন্থকাৰৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত


ছপা:

শ্ৰীকালীশঙ্কৰ গুহ

সৰযু প্ৰেছ

শ্ৰীৰামপুৰ, হুগলী

[  ]

পাতনি

 ভাষাৰ কালিকা অটুট ৰাখি কুমলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ পাঠ্যপুথি লিখাটো সহজ কাম নহয়। ছাত্ৰ-ছাত্ৰীৰ মনোজগতৰ লগত দীৰ্ঘদিনৰ পৰিচয় নাথাকিলে ছাত্ৰ-ছাত্ৰীৰ মনঃপুত ফলপ্ৰসু পাঠ্যক্ৰম প্ৰস্তুত কৰাটো টান হৈ পৰে। মনঃপুত ফলপ্ৰসু পাঠ্যক্ৰম সজাই তুলিব নোৱাৰিলে তেওঁলোকক সুশৃঙ্খলৰূপে লক্ষ্যস্থানত তুলি দিয়াটোও সম্ভৱ হব নোৱাৰে। আজি দেখা গৈছে, প্ৰাইমাৰী স্কুলৰ- পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় স্তৰলৈকে এক অসংলগ্ন ত্ৰুটিপূৰ্ণ, পাঠ্যক্ৰম চলি আছে। ছাত্ৰ-ছাত্ৰীৰ মনোজগতৰ লগত পোনপটীয়া ওতঃপ্ৰোত সম্বন্ধ নথকা শিক্ষকসকলৰ বিক্ষিপ্ত চিন্তাধাৰাৰে ৰচিত বিশৃঙ্খল পাঠ্যক্ৰমৰ পাঠ্যপুথিয়ে আজি দেশত বিস্তৰ ক্ষতিসাধন কৰিছে। অৱশ্যে চিন্তাশীলসকলে তথা চৰকাৰে লাহে লাহে এই কথা বুজি পাইছে আৰু এই দোষ দূৰীকৰণাৰ্থে চেষ্টা চলোৱাও দেখা গৈছে। আজি দেশৰ শীৰ্ষস্থানীয় মনোবৈজ্ঞানিক দাৰ্শনিক শিক্ষাবিদ- সকলে সমগ্ৰ দেশৰ বিভিন্ন স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে প্ৰণালীবদ্ধ উপযোগী পাঠ্যক্ৰমৰ নিৰ্দ্দেশ দিছে। এই পাঠ্যক্ৰমৰ ফলাফলো অদূৰ ভবিষ্যতে দেখা পোৱা যাব। শিক্ষাবিদসকলৰ নিৰ্দ্দেশ অনুসৰি আমাৰ অসমৰ মাধ্যমিক শিক্ষাবোৰ্ডেও মাধ্যমিক স্কুলৰ প্ৰতিটো শ্ৰেণীৰ বাবে ভিন ভিন পাঠ্যক্ৰম অনুমোদন কৰিছে। [  ]  মাধ্যমিক শিক্ষা বোৰ্ডে পঞ্চম শ্ৰেণীৰ বাবে অনুমোদন কৰা ৰচনাৰ পাঠ্যক্ৰম অনুসৰি এই পুথিখনি লিখি উলিওৱা হৈছে। কুমলীয়া ছাত্ৰ- ছাত্ৰী সকলৰ বোধ শক্তিলৈ লক্ষ্য ৰাখি পুথিখনি যথাসম্ভৱ সৰল সহজ ভাষাৰে লিখাৰ চেষ্টা কৰা হৈছে। ৰচনা লিখাৰ ক্ষেত্ৰত গতানুগতিকতা বাদ দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীয়ে যি কোনো বিষয়ৰ ওপৰত যাতে নিজে নিজে ভাবি ৰচনা লিখিব পাৰে তাৰ বাবে নতুন ৰীতি পুথিখনিত সন্নিবিষ্ট কৰা হৈছে।

 পুথিখনিৰ ব্যাকৰণ অংশটোও যথাসম্ভৱ সহজ সৰলকৈ লিখাৰ চেষ্টা কৰা হৈছে। ব্যাকৰণৰ পাঠবোৰ ৰসাল কৰাৰ উদ্দেশ্যে পুথিখনিত মাজে মাজে পাঠৰ লগত সম্বন্ধ ৰাখি সূত্ৰগন্ধী ছন্দৰ প্ৰয়োগ কৰা হৈছে।

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ভাষাবিদ শ্ৰীগোলোকচন্দ্ৰ গোস্বামী এম. এ., ডি. ফিল. দেৱে পুথিখনি চকু ফুৰাই চাই তাত থকা দোষ-ত্ৰুটিবোৰ আঙুলিয়াই দি মোক কৃতাৰ্থ কৰিছে। তেখেতে মোলৈ আগবঢ়োৱা বহুমূলীয়া পৰামৰ্শ, উৎসাহ-উদ্দীপনাৰ কথা মই কেতিয়াও নাপাহৰোঁ।

 প্ৰকাশক শ্ৰীঅমল গুহৰ আশাশুধীয়া চেষ্টা নহ’লে এই পুথিখনি লিখা নহ’লহেঁতেন। শ্ৰীগুহৰ নেৰানেপেৰাতাগিদাতহে ৰচনা- মালিকাৰ জন্ম হ’ল। তেখেতৰ ওচৰত মই কৃতজ্ঞ।

 দিনে-ৰাতিয়ে কষ্ট কৰি মোৰ অনুজ ভাই অতুল, ৰমেন আৰু মোৰ শ্ৰীমতীয়ে ততাতৈয়াকৈ পুথিখনিৰ পাণ্ডুলিপি লিখি নিদিলে সময়মতে ইয়াক প্ৰকাশকৰ হাতত তুলি দিব নোৱাৰিলোঁহেঁতেন। তেওঁলোকলৈও মোৰ স্নেহ আৰু শুভেচ্ছা থাকিল। [  ]  পাঠ্যপুথি লিখাৰ ক্ষেত্ৰত এইয়া মোৰ প্ৰথম প্ৰচেষ্টা। গতিকে পুথিখনিত দুই এটা দোষ-ত্ৰুটি ওলোৱাটো তেনেই স্বাভাৱিক। গুণীলোক সকলে দোষ-ত্ৰুটিবোৰ আঙুলিয়াই দিলে মই কৃতজ্ঞ হ’ম।

 অৱশেষত পুথিখনিয়ে ছাত্ৰ-ছাত্ৰীসকলক কিঞ্চিৎমানো উপকাৰ কৰা বুলি জানিলে মই মোৰ শ্ৰমৰ সাৰ্থক হোৱা বুলি ভাবিম।


সঙ্গীতাশ্ৰম
ৰামগিৰি
৩ মাৰ্চ, ১৯৭৭ চন
শ্ৰীউমেশ বৈশ্য
[  ] মোক অন্ধকাৰৰপৰা পোহৰলৈ অনাৰ গুৰিতে হ’ল

 বুঢ়ী আইতা সুন্দৰীপ্ৰিয়া বৈশ্য।

 ৺বুঢ়ী আইতাৰ

 পৱিত্ৰ স্মৃতিত

 ৰচনা-মালিকা উছৰ্গা কৰা হ’ল।

—গ্ৰন্থকাৰ—

[  ]

সূচীপত্ৰ

বিষয়   পৃষ্ঠা
প্ৰথম পাঠ:
ভাষা ...
বৰ্ণ প্ৰকৰণ ...
অনুশীলনী ...
দ্বিতীয় পাঠ : ...
শব্দ ...
তৃতীয় পাঠ :
শব্দ বিভক্তিৰ চমুপৰিচয় আৰু পদ ৰচনা  ...
ধাতু বিভক্তিৰ চমু পৰিচয় ...
চতুৰ্থ পাঠ :
পদ আৰু বাক্য ...
অনুশীলনী ...
পঞ্চম পাঠ :
পদৰ শ্ৰেণী বিভাগ ...
অনুশীলনী ... ২১
ষষ্ঠ পাঠ :
বচন ... ২২
সপ্তম পাঠ :
পুৰুষ ... ২৩
অষ্টম পাঠ :
কাল ... ২৫
[  ]
বিষয়   পৃষ্ঠা

অনুশীলনী
নবম পাঠ:
উদ্দেশ্য আৰু বিধেয়
অনুশীলনী
দশম পাঠ :
বাক্যত পদ বহুওৱাৰ কেইটামান নিয়ম
একাদশ পাঠ :
বানান আৰু যতি চিন
দ্বাদশ পাঠ:
বাক্য ৰচনা
ত্ৰয়োদশ পাঠ:
ছবি চাই বাক্য ৰচনা
অনুশীলনী
চতুৰ্দ্দশ পাঠ :
সাধুকথা ৰচনা
ছবি চাই সাধুকথা ৰচনা
অনুশীলনী
পঞ্চদশ পাঠ:
ৰচনা লিখাৰ কথা-গৰু
ষষ্ঠদশ পাঠ:
প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা :
কুকুৰ, ঘোঁৰা, পাৰ চৰাই, গোলাপফুল, লাইশাক,
ধানখেতি, তিলপিঠা, আমাৰ পঢ়াশালি, আমাৰ
গাওঁ, গুৱাহাটী চিৰিয়াখানা!

...

...
...

...

...

...

...
...

...
...
...

...

...

২৮

২৮
৩০

৩১

৩৩

৩৬

৩৯
৪০

৪১
৪৫
৪৮

৫০

৫৭-৮৪

[ ১০ ]

[ গ ]

বিষয়   পৃষ্ঠা
সপ্তদশ পাঠ : ...
ৰচনাৰ আৰ্হি : ...
আমাৰ জাতীয় উৎসৱ বিহু ... ৮৭
অষ্টাদশ পাঠ :
প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা : ...
ঈদ-উল-ফিটৰ, মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ ... ৯১-৯৩
উনবিংশ পাঠ :
ৰচনাৰ আৰ্হি : ...
মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ ... ৯৫
বিংশ পাঠ :
প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা :
গোপীনাথ বৰদলৈ ... ৯৮
একবিংশ পাঠ :
ৰচনাৰ আৰ্হি :
জৱাহৰলাল নেহৰু ... ১০১
দ্বাবিংশ পাঠ :
প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা :
মোৰ প্ৰিয় বন্ধু ... ১০৪
ত্ৰয়োবিংশ পাঠ :
চিঠি লিখাৰ কথা ... ১০৫
চিঠিৰ আৰ্হি ... ১১০—১২৯
চতুৰ্ব্বিংশ পাঠ :
দিনলিপি বা ডায়েৰী ... ১৩০

[ ১১ ]

ৰচনা-মালিকা

প্ৰথম পাঠ

ভাষা

 মানুহে ইজনে সিজনৰ মাজত মনৰ ভাব প্ৰকাশ কৰিবলৈ মুখেৰে যি কথা কয় তাকে ভাষা বোলে। আমি অসমীয়া মানুহ। আমি সৰুৰেপৰা যি ভাষাৰে আমাৰ মনৰ ভাব প্ৰকাশ কৰি আহিছোঁ সেই ভাষাটোৰ নাম অসমীয়া ভাষা। সেই দৰে বঙালী- সকলে কোৱা ভাষাৰ নাম বঙালী, ইংৰাজসকলে কোৱা ভাষাৰ নাম ইংৰাজী। এই দৰে পৃথিবীত যিমানবোৰ জাতি আছে, সেই সকলোবোৰেৰে নিজা নিজা ভাষা আছে।

 প্ৰত্যেক জাতিয়ে তেওঁলোকৰ নিজা নিজা ভাষাবোৰ শুদ্ধকৈ শিকিবলৈ যত্ন কৰিব লাগে। ভাষা শুদ্ধকৈ কবলৈ নিশিকিলে বা লিখিবলৈ নিশিকিলে সমাজত লাজ পাবলগীয়া হয়। যিয়ে নিজৰ মাতৃভাষা শুদ্ধকৈ কবলৈ বা লিখিবলৈ নাজানে, সি জীৱনত উন্নতি কৰিব নোৱাৰে। গুণীজনে কৈ গৈছে—উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা। সেয়েহে আমিও সৰুৰেপৰা আমাৰ মাতৃভাষা অসমীয়া অতি মনোযোগেৰে শুদ্ধকৈ শিকিবলৈ যত্ন কৰা উচিত।

⸺⸺

[ ১২ ]

বৰ্ণ প্ৰকৰণ

অ-ফলা

অ, আ, ই, ঈ; উ, ঊ ঋ; এ, ঐ, ও, ঔ।

ক-ফলা

ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ,
ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, ৰ, ল, ৱ, শ,
ষ, স, হ, ড়, ঢ়, য়, ৎ, ং, ঃ,ঁ

 এই দুয়োখন ফলাত যিবোৰ চিন দেখিছা সেইবোৰ হৈছে আমাৰ অসমীয়া ভাষাৰ মুখেৰে উচ্চাৰণ কৰা ধ্বনি। এইবোৰ লিখি ৰাখিবলৈ ওপৰত দিয়া চিনবোৰ তৈয়াৰ কৰা হৈছে। এই চিন- বোৰকেই বৰ্ণ বোলে। এতিয়া মনত ৰাখিবা—ভাষাৰ ধ্বনি বুজাবলৈ যি চিন ব্যৱহাৰ হয় তাকেই বৰ্ণ বোলে। বৰ্ণসমূহক একেলগে বৰ্ণমালা বোলে। বৰ্ণমালাৰ অ-ফলাৰ বৰ্ণবোৰক স্বৰবৰ্ণ আৰু ক-ফলাৰ বৰ্ণবোৰক ব্যঞ্জনবৰ্ণ বোলে।

অনুশীলনী

১। ভাষা বুলিলে কি বুজা?

২। অসমীয়া, বঙালী আৰু ইংৰাজসকলৰ নিজা নিজা ভাষাৰ নাম কি?

৩। বৰ্ণ কাক বোলে? বৰ্ণমালা বুলিলে কি বুজা?

৪। অ-ফলা আৰু ক-ফলা দুয়োখনতে সমুদায় কিমান বৰ্ণ আছে?

⸻⸻

[ ১৩ ]

দ্বিতীয় পাঠ

১। শব্দ

 মধু, হৰি, ফুল, ফুলনি, ল, দ, ই এইবোৰ শব্দ। ইহঁতৰ প্ৰত্যেকৰে অৰ্থ আছে। এই শব্দবোৰ কেনেকৈ গঠন হ’ল পৰীক্ষা কৰি চাওঁ।

 প্ৰথমে মধু শব্দটো পৰীক্ষা কৰোঁ। মধু শব্দটোত ম বোলোতে শেষত অ আৰু ধু বোলোতে শেষত উ উচ্চাৰণ হৈছে। অৰ্থাৎ ম্+ অ +ধ্ +উ = মধু। দেখা গল যে মধু শব্দটোত চাৰিটা বৰ্ণ লগ লাগি আছে।

 তেনেকৈ হৰি শব্দটোত হ + অ + ৰ্ + ই এই চাৰিটা বৰ্ণ লগ লাগি আছে।

 ফুল শব্দটোত ফ্ + উ + ল্ এই তিনিটা বৰ্ণ লগ লাগি আছে।

 ফুলনি শব্দটোত ফ্ + উ + ল্ + অ + ন্ + ই এই ছয়টা বৰ্ণ লগ লাগি আছে।

 ল শব্দটোত ল্ + অ এই দুটা বৰ্ণ লগ লাগি আছে।

 দ শব্দটোত দ্ + অ এই দুটা বৰ্ণ লগ লাগি আছে।

 ই শব্দটোত কেৱল ই বৰ্ণটোহে আছে।

 এতিয়া মনত ৰাখিবা—এটা বা তাতকৈ বেছি বৰ্ণ লগ লাগি একোটা অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ বোলে।

⸻⸻

[ ১৪ ]

তৃতীয় পাঠ

১। শব্দ বিভক্তিৰ চমু পৰিচয় আৰু পদৰচনা

 শব্দ বিভক্তি কাক বোলে, ই কেই প্ৰকাৰ ইত্যাদি কথা তোমালোকে ওপৰৰ শ্ৰেণীত বিতংকৈ জানিব পাৰিবা। এতিয়া মাত্ৰ তোমালোকে তলত দিয়া কথাখিনি জানি থোৱা।

 এ, অক, ক, এৰে, ৰে, অলৈ, লৈ, অৰ, ৰ, অত, ত— এই কেইটা শব্দ বিভক্তি। ইহঁত শব্দৰ পিছত যোগ হয়। শব্দত এই বিভক্তিবোৰ যোগ হ’লে একো একোটা পদ হয়। পদবোৰ বাক্যত ব্যৱহাৰ হয়। বাক্যৰ বিষয়ে পিছৰ পাঠত আলোচনা কৰা হৈছে। এতিয়া শব্দত বিভক্তি যোগ হৈ কেনেকৈ পদ হয় চোৱা—

শব্দ   বিভক্তি  পদ
মানুহ মানুহে
মানুহ অক মানুহক
হৰি হৰিক
মানুহ এৰে মানুহেৰে
ভৰি ৰে ভৰিৰে
মানুহ অলৈ মানুহলৈ
গুৰু লৈ গুৰুলৈ
মানুহ অৰ মানুহৰ
যদু যদুৰ
[ ১৫ ]
নগৰ  অত  নগৰত
গুৱাহাটী গুৱাহাটীত


২। ধাতু-বিভক্তিৰ চমু পৰিচয়

ওঁ, আ, অ, এ;

ইছোঁ, ইছা, ইছ, ইছে;

ইলোঁ, ইলা, ইলি, ইলে;

ইছিলোঁ, ইছিলা, ইছিলি, ইছিল;

ইলোঁহেঁতেন, ইলাহেঁতেন, ইলিহেঁতেন, ইলেহেঁতেন; ইল- হেঁতেন, ইম্, ইবা, ইবি, ইব—এই কেইটা ধাতু বিভক্তি।

ইহঁতে ধাতুৰ পিছত যোগ হৈ ক্ৰিয়া পদ তৈয়াৰ কৰে।

ধাতু কি, ক্ৰিয়াপদনো কি এই বিষয়ে পিছত আলোচনা কৰা হৈছে।

⸺⸺


চতুৰ্থ পাঠ

পদ আৰু বাক্য

ৰাম এজন ভাল ল’ৰা। সি সদায় স্কুললৈ যায় নে?

তাক যে ইমান মৰম লাগে!

এই কথাখিনিত তিনিটা খণ্ড আছে।

১। ৰাম এজন ভাল ল’ৰা। —এটা খণ্ড। [ ১৬ ] ২। সি সদায় স্কুললৈ যায় নে? —এটা খণ্ড।

৩। তাক যে ইমান মৰম লাগে! —আন এটা খণ্ড।

 এই খণ্ডবোৰ দাৰি (। ), প্ৰশ্নবোধক (?) আৰু ভাববোধক (!) চিনেৰে শেষ হৈছে। এই খণ্ডবোৰৰ প্ৰতিটোৰে অৰ্থ নাইনে বাৰু? প্ৰতিটো খণ্ডৰে অৰ্থ আছে। এই অৰ্থ থকা প্ৰতিটো খণ্ডই একো একোটা বাক্য। এতিয়া প্ৰথম বাক্যটোলৈ লক্ষ্য কৰা।

 ৰাম এজন ভাল ল’ৰা। এইটো এটা বাক্য। এই বাক্যটোত থকা ৰাম, এজন, ভাল, ল’ৰা—এই চাৰিটা কি বাৰু? তোমালোকে হয়তো ক’বা যে ইহত প্ৰত্যেকেই একো একোটা শব্দ, যিহেতু ইহঁতৰ লগত কোনো বিভক্তি যোগ হোৱা নাই। পিছে এটা কথা মনত ৰাখিবা, বিভক্তি যোগ নহলেও কোনো শব্দ যদি বাক্যত ব্যৱহাৰ হয়, তেতিয়া সি পদ নাম লয়। গতিকে ওপৰৰ বাক্যত থকা ৰাম, এজন, ভাল, ল’ৰা—এই চাৰিটাৰ প্ৰত্যেকটোৱে একো একোটা পদ।

 এতিয়া দ্বিতীয় বাক্যটোলৈ লক্ষ্য কৰা।

 সি সদায় স্কুললৈ যায় নে? এই বাক্যটোত সি, সদায়, স্কুললৈ, যায়, নে—এই পাচোঁটা পদ আছে। এই পাচোঁটা পদৰ ভিতৰত ‘স্কুললৈ’ পদটো লক্ষ্য কৰা। এই পদটো স্কুল শব্দত ‘অলৈ’ বিভক্তি যোগ হৈ তৈয়াৰ হৈছে। স্কুল+অলৈ = স্কুললৈ।

 এইবাৰ তৃতীয় বাক্যটোলৈ চোৱাঃ তাক যে ইমান মৰম লাগে! এই বাক্যতো তাক, যে, ইমান, মৰম, লাগে—এই পাচোঁটা পদ আছে। ইয়াতো ‘তাক’ পদটো ‘সি’ শব্দৰপৰা ওলোৱা ‘তা’ [ ১৭ ] ৰূপটোৰ লগত ‘ক’ বিভক্তি যোগ হৈ তৈয়াৰ হৈছে। তা+ ক = তাক।

 গতিকে দেখা গ’ল যে শব্দ বিভক্তি নোলোৱাকৈ বাক্যত ব্যৱহাৰ হব পাৰে আৰু বিভক্তি লৈয়ো ব্যৱহাৰ হব পাৰে। মুঠতে শব্দ বাক্যত ব্যৱহাৰ হ’লেই যিদৰেই নহওঁক কিয় তোমালোকে কেৱল মনত ৰাখিবা যে তাৰ নাম পদ হয়। পদৰ সূত্ৰ সুধিলে তোমালোকে ক’বা—বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো শব্দকেই পদ বোলে।

 এইবাৰ আকৌ পঢ়া :

 মধুমিতা এজনী ভাল ছোৱালী। এই কথা খিনিৰো অৰ্থ আছে। গতিকে ই এটা বাক্য। এই বাক্যটোৰ প্ৰতিটো পদেই ইটোৰ লগত সিটোৱে অৰ্থ যুক্ত হৈ আছে। পদবোৰ যথা স্থানত থকা কাৰণেহে ইয়াৰ সুন্দৰ অৰ্থ ওলাইছে।

 এই একে বাক্যটোৰ পদবোৰ ওলট-পালটকৈ বহুৱাই চোৱাচোনঃ

 ছোৱালী মধুমিতা ভাল এজনী। এই কথাখিনিৰ কিবা অৰ্থ ওলাইছেনে? কথাখিনিৰ কোনো অৰ্থ ওলোৱা নাই। পদবোৰ যথাস্থানত নবহা কাৰণে ইহঁতে কোনো ভাব প্ৰকাশ কৰিব পৰা নাই। গতিকে ই এটা বাক্য নহ’ল।

 আকৌ পঢ়া :

 গৰুৱে ঘাঁহ খায়।

 এইটো এটা বাক্য। ইয়াৰ পদবোৰৰ পৰস্পৰৰ লগত অৰ্থৰ সঙ্গতি আছে; আৰু ই সম্পূৰ্ণ ভাব প্ৰকাশ কৰিছে। [ ১৮ ] কিন্তু,

 গৰুৱে জুই খায়।

 এই কথাখিনিত গৰুৱে, জুই, খায়,—ইহঁত যথাস্থানত থাকিলেও ইহঁতৰ মাজত পৰস্পৰৰ অৰ্থৰ সঙ্গতি নাই। গতিকে ইহঁতে কোনো অৰ্থ বা ভাব প্ৰকাশ কৰিব পৰা নাই। গৰুৱে জুই কেতিয়াও নাখায়। ই অসম্ভৱ কথা। এনে অসম্ভৱ বিসঙ্গতি পূৰ্ণ কথা লিখিলে তাক বাক্য বুলিব নোৱাৰি।

 ওপৰৰ আলোচনাৰপৰা আমি বুজি পালোঁ যে বাক্য এটা হ’বলৈ হ’লে কেইটিমান পদ লাগিব, আৰু পদবোৰে পৰস্পৰে অৰ্থযুক্ত হৈ বহি ভাব প্ৰকাশ কৰিব পাৰিব লাগিব।

 গতিকে বাক্যৰ সূত্ৰটো আমি এনেকৈয়ো কব পাৰোঁ—পৰম্পৰ অৰ্থৰ সঙ্গতি থকা ভাব প্ৰকাশক পদৰ সমষ্টিকে বাক্য বোলে।


অনুশীলনী

১। ৰাম, হৰি, ধাননি, বিহু—এই শব্দ কেইটাৰ বৰ্ণবোৰ ভাঙি দেখুওৱা।

২। পদ বুলিলে কি বুজা?

৩। পাঁচোটা শব্দৰ লগত শব্দ-বিভক্তি যোগ কৰি পাঁচোটা পদ তৈয়াৰ কৰা।

৪। শব্দ আৰু পদৰ মাজত পাৰ্থক্য কি?

৫। বাক্য কাক বোলে?

৬। তলত দিয়া বোৰ বাক্য হয় নে নহয় লিখা।

 (ক) মেঘে পোহৰ দিয়ে। (খ) বৰষুণে কাপোৰ শুকায়। (গ) ভূপেন হাজৰিকা এজন বিখ্যাত গায়ক। (ঘ) কামাখ্যা এখন দেৱালয়। [ ১৯ ] ৭। পৰিপাটিকৈ বাক্য সাজাঁঃ—

 কবা সদায় কথা সত্য। ধৰ্ম্ম অহিংসা পৰম। আমি দেশৰ মানুহ স্বাধীন। ৰাম আছিল ৰজা এজন। মই পঢ়োঁ শ্ৰেণীত পঞ্চম।

⸻⸻

পঞ্চম পাঠ

পদৰ শ্ৰেণী বিভাগ

 পদ কাক বোলে ইতিমধ্যে তোমালোকে পাই আহিছা। এতিয়া তোমালোকে পদ প্ৰধানকৈ কেইবিধ, এই কথা জানিব লাগিব।

 পদ প্ৰধানকৈ পাঁচ ভাগত ভগাব পাৰি। যেনে—বিশেষ্য পদ, বিশেষণ পদ, সৰ্ব্বনাম পদ, অব্যয়পদ আৰু ক্ৰিয়া পদ। প্ৰত্যেক বিধ পদৰ বিষয়ে তোমালোকে এতিয়া অলপ-অচৰপ জানি থোৱা। ওপৰৰ শ্ৰেণীতে গৈ এই বিষয়ে সবিশেষ জানিব পাৰিবা।

১। বিশেষ্য পদ

(১) বাঘে মানুহ খায়।

(২) মানুহ মৰণশীল।

(৩) ভূপেনে গান গায়।

(৪) কলমটো ধুনীয়া।

(৫) গুৱাহাটী এখন বিখ্যাত ঠাই।

(৬) দয়া স্বৰ্গীয় গুণ। [ ২০ ] (৭) আমি সুখে-দুখে জীয়াই আছোঁ।

(৮) ভ্ৰমণ শিক্ষাৰ প্ৰধান অঙ্গ।

 এই বাক্য কেইটাত বৰ হাতৰ পদ কেইটাই কি বুজাইছে? ১ম বাক্যটোত ‘বাঘে’ পদটোৱে এবিধ জন্তুৰ নাম বুজাইছে? ২য় বাক্যটোত ’মানুহ’ পদটোৱে এবিধ প্ৰাণীৰ নাম বজাইছে। ৩য় বাক্যটোতে ‘ভূপেনে’ পদটোৱে এজন মানুহৰ নাম বুজাইছে। ৪ৰ্থ বাক্যটোত ’কলম’ পদটোৱে এটা বস্তুৰ নাম বুজাইছে। ৫ম বাক্যটোত 'গুৱাহাটী’ পদটোৱে এখন ঠাইৰ নাম বুজাইছে। ৬ষ্ঠ বাক্যটোত ‘দয়া’ পদটোৱে এবিধ গুণৰ নাম বুজাইছে। ৭ম বাক্যটোত ‘সুখে-দুখে’ পদটোৱে এটা অৱস্থাৰ নাম বুজাইছে। ৮ম বাক্যটোত ‘ভ্ৰমণ’ পদটোৱে ফুৰা কাৰ্য্য়ৰ নাম বুজাইছে।

 এই নাম বুজোৱা আটাইবোৰ পদকেই বিশেষ্য পদ বোলে। এই খিনিতে তোমালোকে আৰু অলপ কথা জানি থোৱা ভাল হ’ব।

 তলৰ বাক্য দুটা পঢ়া।

 জেলিল অঙ্কত বৰ চোকা। সি অঙ্কত সকলোতকৈ বেছি নম্বৰ পায়। এই বাক্য দুটাৰ প্ৰথমটোত ‘জেলিল’ পদটো বিশেষ্য। ই- এজন লৰাৰ নাম পোনপটীয়াকৈ বুজাইছে। ২য় বাক্যটোৰ ‘সি’ পদটোৱে কাক বুজাইছে বাৰু? ‘সি’ পদটোৱে জেলিলক বুজোৱা নাইনে? নিশ্চয় জেলিলকে বুজাইছে কিন্তু বুজালেও ‘সি’ পদটোৱে জেলিলক আওপকীয়াকৈহে বুজাইছে। পোনপটীয়াকৈ বুজোৱা নাই। তোমালোকে মনত ৰাখিবা, বিশেষ্য পদ হ’বলৈ হ'লে যি কোনো বস্তুৰে নাম পোনপটীয়াকৈ বুজাব লাগিব। [ ২১ ]  এতিয়া বিশেষ্য পদৰ সূত্ৰ তোমালোকে এনেকৈ ক’ব পাৰা— যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে।

: মুখস্থ কৰা :

যত আছে জীৱজন্তু, ঘৰ, দুৱাৰ বয়-বস্তু
গুণ, কাৰ্য্য, অৱস্থাৰ নাম জগতত;
সবেই বাক্যত বহে বিশেষ্য পদ ৰূপে
চিৰ দিন এই সত্য ৰাখিবা মনত।

⸻⸻

২। সৰ্ব্বনাম পদ

 অনিমা এজনী ভাল ছোৱালী। অনিমা অতি শান্ত।

 অনিমা সদায় স্কুললৈ যায়। অনিমাক সকলোৱে মৰম কৰে।

 ওপৰৰ বাক্য কেইটা শুনিবলৈ শুৱলা হৈছেনে? অনিমা পদটো বাৰে বাৰে কৈ থকা কাৰণে কথাখিনি শুনিবলৈ শুৱলা হোৱা নাই। সেই একে কথাকেই তলত দিয়া ধৰণে প্ৰকাশ কৰিলে কেনে হয় চোৱা।

 অনিমা এজনী ভাল ছোৱালী। তাই অতি শান্ত।

 তাই সদায় স্কুললৈ যায়। অনিমাক সকলোৱে মৰম কৰে।

 এই বাৰৰ কথাখিনি আগৰ কথাখিনিতকৈ শুনিবলৈ শুৱলা হৈছে। কি কাৰণে শুনিবলৈ শুৱলা হল ক’ব পাৰানে? শুনিবলৈ শুৱলা হোৱাৰ একমাত্ৰ কাৰণ হ’ল এই যে কথাখিনিত ‘অনিমা’ পদটো বাৰে বাৰে ব্যৱহাৰ কৰা নাই। ২য় আৰু ৩য় বাক্যত [ ২২ ] “অনিমা’ পদটোৰ সলনি ‘তাই’ পদ ব্যৱহাৰ কৰা হৈছে। এইদৰে কথা শুনিবলৈ শুৱলা কৰাৰ কাৰণে বিশেষ্য পদৰ সলনি কিছুমান পদ ব্যৱহাৰ কৰা হয়। এই পদ বোৰকেই সৰ্ব্বনাম পদ বোলে।

 তেনেহলে ‘অনিমা’ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা “তাই’’ পদ সৰ্ব্বনাম পদ।

 সৰ্ব্বনাম পদৰ সূত্ৰ সুধিলে এতিয়া তোমালোকে এইদৰে কবা :—

 বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাকে সৰ্ব্বনাম পদ বোলে।

: মুখস্থ কৰা :

বিশেষ্য পদৰ হৈ বহে সৰ্ব্বনাম।
বাক্য শুৱলা কৰে এয়ে তাৰ কাম॥

⸻⸻

৩। (ক) ক্ৰিয়াপদ

 তলৰ বাক্যবোৰ পঢ়া আৰু বৰ হাতৰ পদবোৰলৈ লক্ষ্য কৰা; নৰেন আমাৰ ঘৰলৈ সদায় আহে। নিভাই জাকৈৰে মাছ মাৰিছে। আমি সদায় স্কুললৈ যাওঁ। ৰমেশ পৰীক্ষাত প্ৰথম হৈছে। সি মিছা কথা নকয়। মীনা সদয় স্কুললৈ নাযায়

 এতিয়া এই বৰ হাতৰ পদবোৰে কি বুজাইছে চোৱা :

 ‘আহে’ পদে অহা কাম কৰা বুজাইছে। 'মাৰিছে’ পদে মৰা কাম কৰা বুজাইছে। ‘যাওঁ’ পদে যোৱা কাম কৰা বুজাইছে। [ ২৩ ] ‘হৈছে’ পদে কামটো হোৱা বুজাইছে। ‘নকয়’ পদটোৱে কোৱা কামটো যে নকৰে তাকে বুজাইছে। ‘নাযায়’ পদটোৱে যোৱা কামটো যে নকৰে তাকে বুজাইছে।

 এইবাৰ আকৌ তলৰ বাক্য কেইটা পঢ়া :

 মটৰখন দৌৰি আছে। মই গোটেই ৰাতি পঢ়ি আছিলোঁ। কেচুৱাটো শুই আছিল।

 এই বাক্য কেইটাত থকা বৰ হাতৰ পদ কেইটাই—কি বুজাইছে চোৱা।

 ‘দৌৰি’ পদে দৌৰা কামটো কৰি থকা বুজাইছে বা হৈ থকা বুজাইছে।

 ‘পঢ়ি’ পদে পঢ়া কামটো কৰি থকা বুজাইছে বা হৈ থকা বুজাইছে।

‘শুই’ পদে শোৱা কামটো কৰি থকা বা হৈ থকা বুজাইছে।

 এতিয়া ক্ৰিয়া পদৰ সূত্ৰ সুধিলে তোমালোকে এনেকৈ কব পাৰা— যি পদে কোনো কাম কৰা বা হোৱা, নকৰা বা নোহোৱা নাইবা কৰি থকা বা হৈ থকা বুজায় তাকে ক্ৰিয়া পদ বোলে।

: মুখস্থ কৰা :

কৰা, হোৱা, নকৰা, নোহোৱা
কৰি থকা, হৈ থকা আদি
 বুজায় যি পদে,
সেই পদ ক্ৰিয়া পদ
 জানিবা সততে।

[ ২৪ ]

ক্ৰিয়ার প্ৰধান ভাগ

 ক্ৰিয়া প্ৰধানকৈ দুবিধ। যেনেঃ— সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। এইবাৰ— তোমালোকে সমাপিকা আৰু অসমাপিকা ক্ৰিয়া কাক বোলে শিকিব লাগিব।

 তলৰ কথাখিনি পঢ়া—

 ৰামে অঙ্ক কৰি—

 হৰি গা ধুই—

 ইয়াত ‘ৰামে’ অঙ্ক কৰি বুলি কওঁতে ভাবটো শেষ হৈছেনে? ভাবটো বা কথাখিনি শেষ হোৱা নাই। ‘কৰি’ ক্ৰিয়াৰ পিছত কোনো এটা ক্ৰিয়া বহুৱালেহে কথাখিনি বা বাক্যটো শেষ হ’ব। হয়তো আমি কব লাগিব—ৰামে অঙ্ক কৰি আছে। নাইবা আমি ক’ব পাৰোঁ—ৰামে অঙ্ক কৰি থকা নাই। মুঠতে ‘কৰি’ ক্ৰিয়াৰ পিছত আন এটা ক্ৰিয়া বহুৱাবই লাগিব। তেতিয়াহে বাক্যটো শেষ হব। ‘কৰি’ ক্ৰিয়াই বাক্য শেষ কৰিব পৰা নাই।

 সেইদৰে ‘হৰি গা ধুই’ বুলি কওঁতে কথাখিনি শেষ হোৱা নাই। কথাখিনি শেষ কৰিবলৈ হ’লে হয়তো কব লাগিব—হৰি গা ধুই আছে, নাইবা হৰি গা ধুই উঠিছে। ইয়াত ‘আছে’ আৰু ‘উঠিছে’ ক্ৰিয়াইহে বাক্য কেইটা শেষ কৰিছে। ‘ধুই’ ক্ৰিয়াই বাক্য শেষ কৰিব পৰা নাই।

 এতিয়া তোমালোকে বুজিলা যে কিছুমান ক্ৰিয়াই বাক্য শেষ কৰিব পাৰে আৰু কিছুমান ক্ৰিয়াই বাক্য শেষ কৰিব নোৱাৰে। [ ২৫ ] বাক্য শেষ কৰিব পৰা ক্ৰিয়াবোৰেই হ’ল সমাপিকা ক্ৰিয়া আৰু বাক্য শেষ কৰিব নোৱাৰা ক্ৰিয়াবোৰেই হ’ল অসমাপিকা ক্ৰিয়া। এতিয়া তোমালোকে মনত ৰাখিবা :—

 যি ক্ৰিয়াই বাক্য শেষ কৰা বুজায় তাক সমাপিকা ক্ৰিয়া বোলে।

 যি ক্ৰিয়াই বাক্য শেষ কৰা নুবুজায় তাক অসমাপিকা ক্ৰিয়া বোলে।

 তেনেহলে ‘ৰামে অঙ্ক কৰি আছে। ’ এই বাক্যটোত ‘কৰি’ অসমাপিকা ক্ৰিয়া—আৰু ‘আছে’ সমাপিকা ক্ৰিয়া। সেইদৰে ‘হৰি গা ধুই আছে। ’ নাইবা ‘হৰি গা ধুই উঠিছে। ’ এই বাক্য দুটাত ‘ধুই’ অসমাপিকা ক্ৰিয়া আৰু আছে, উঠিছে ক্ৰিয়া দুটা সমাপিকা ক্ৰিয়া।

 মন দিয়াঃ কেতিয়াবা কেতিয়াবা সমাপিকা ক্ৰিয়াই অসমাপিকা ক্ৰিয়াৰো ৰূপ-লব পাৰে। যেনে :—মোৰ যাওঁ যাওঁ লাগিছে। ইয়াত ‘যাওঁ’ ক্ৰিয়া যদিও সমাপিকা ৰূপত আছে; ই যাওঁ যাওঁ ৰূপে বহি অসমাপিকা ক্ৰিয়াৰ কাম কৰিছে।

: মুখস্থ কৰা :

বাক্য যেয়ে কৰে শেষ।
 ক্ৰিয়া সমাপিকা,
বাক্য নকৰিলে শেষ
 অসমাপিকা।

[ ২৬ ]

৩। (খ) ধাতু আৰু ক্ৰিয়া পদ গঠন

 তোমালোকে পূজাৰ প্ৰতিমা নিশ্চয় দেখিছা, নহয়নে? অইন প্ৰতিমা নেদেখিলেও সৰস্বতী প্ৰতিমা নিশ্চয় দেখিছা। সৰস্বতী প্ৰতিমা দেখিবলৈ বৰ ধুনীয়া নহয়নে? পিছে এই ধুনীয়া প্ৰতিমাৰ ভিতৰত কি থাকে ক’ব পাৰানে? প্ৰতিমাৰ ভিতৰত থাকে খেৰৰ জুমুধি। সেই জুমধিটোৱে প্ৰতিমাৰ মূল বস্তু। তাৰ ওপৰত মাটি, ৰং আদি লগালেহে ধুনীয়া প্ৰতিমা হৈ উঠে।

 প্ৰতিমাৰ ভিতৰত জুমুধি থকাৰ দৰে ক্ৰিয়াবোৰৰ ভিতৰতো একোটা জুমুধি থাকে। ইয়েই ক্ৰিয়াবোৰৰ মূলবস্তু। ক্ৰিয়াৰ ভিতৰত থকা—এই মুলকে ধাতু বোলে। জুমুধিৰ ওপৰত মাটি, ৰং আদি সানি ধুনীয়া প্ৰতিমা তৈয়াৰ কৰাৰ দৰে ধাতুৰ ওপৰতো ধাতু বিভক্তি আদি যোগ দি ক্ৰিয়াপদ তৈয়াৰ কৰা হয়। এতিয়া উদাহৰণ স্বৰূপে কৰোঁ, ধৰোঁ আদি ক্ৰিয়া কেনেকৈ গঠন হৈছে চোৱাঃ

 ‘কৰোঁ’ ক্ৰিয়া পদ। ইয়াৰ মূল ‘কৰ’। এতেকে ‘কৰ্’ ‘কৰোঁ’ ক্ৰিয়াৰ ধাতু। এই ‘কৰ্’ ধাতুত “ওঁ” ধাতু বিভক্তি যোগ হৈ ‘কৰোঁ’ ক্ৰিয়া গঠন হৈছে। কৰ্+ওঁ=কৰোঁ। সেইদৰে ‘ধৰোঁ’ এটা ক্ৰিয়া পদ। ইয়াৰ মূল ‘ধৰ্’। অৰ্থাৎ ‘ধৰ্’ ‘ধৰোঁ’ ক্ৰিয়াৰ ধাতু। এই ‘ধৰ্’ ধাতুত ‘ওঁ’ ধাতু বিভক্তি যোগ হৈ ‘ধৰোঁ। ’ ক্ৰিয়া গঠন হৈছে। ধৰ+ওঁ = ধৰোঁ।

 এতিয়া ক্ৰিয়াপদ কেনেকৈ গঠন হয় বুজিলানে? এইদৰে [ ২৭ ] ধাতুৰ লগত বেলেগ বেলেগ ধাতু বিভক্তি যোগ হলে ক্ৰিয়াপদ গঠন হয়। তলত কেইটামান ক্ৰিয়াৰ গঠন দেখুওৱা হ’ল।

 ক্ৰিয়াপদ    ধাতু    ধাতু বিভক্তি 

যাওঁ
উঠিছিলা
বহিম
খাব

যা
উঠ্
বহ্
খা

ওঁ
ইছিলা
ইম্
ইব


 এইবাৰ কৰি, ধৰি আদি ক্ৰিয়া—কেনেকৈ গঠন হৈছে, চোৱা :—

 ‘কৰি’ ক্ৰিয়াটোৰ ধাতু হ’ল—‘কৰ্’। ‘কৰ’ ধাতুত ‘ই’ বিভক্তি যোগ হৈ ‘কৰি’ ক্ৰিয়া গঠন হৈছে। কৰ্+ই= কৰি। সেইদৰে ‘ধৰি’ ক্ৰিয়াটোৰ ধাতু হ’ল ‘ধৰ্’। ‘ধৰ্’ ধাতুত ‘ই’ বিভক্তি যোগ হৈ ‘ধৰি’ ক্ৰিয়া গঠন হৈছে। ধৰ্ + ই= ধৰি। এইদৰে ধাতুত ‘ই’ বিভক্তি যোগ হৈয়ো ক্ৰিয়াপদ গঠন হয়। এনেকুৱা ক্ৰিয়া কিছুমানৰ গঠন তলত দেখুওৱা হ’ল।

  ক্ৰিয়াপদ   ধাতু  যোগ হোৱা বিভক্তি

মৰি
উঠি
খাই
খেলি
মৰি

মৰ্
উঠ্
খা
খেল্
মৰ্





[ ২৮ ]

৪। অব্যয় পদ


 অব্যয়ৰ অৰ্থ ব্যয় নোহোৱা। অৰ্থাৎ খৰচ নোহোৱা। তাৰ মানে অব্যয়ৰ লগত কোনো বিভক্তি আদি যোগ নহয়। ৰূপৰ কোনো পৰিৱৰ্ত্তন নোহোৱাকৈয়ে ই বাক্যত ব্যৱহাৰ হয়। অব্যয় কি তলত উদাহৰণসহ বুজাই দিয়া হ’ল।

 কমলা আৰু মাইকণ বাই-ভনী। এই বাক্যটোত কমলা, আৰু, মাইকণ, বাই-ভনী—প্ৰত্যেকটোৱে একো একোটা পদ। প্ৰয়োজন অনুসৰি—কমলা, মাইকণ, বাই-ভনী এই তিনিটা পদৰ ৰূপৰ পৰিৱৰ্ত্তন ঘটাব পাৰি। যেনে :— কমলা + ক = কললাক; কমলা +ৰ= কমলাৰ; মাইকণ+ অক = মাইকণক; মাইকণ+অৰ= মাইকণৰ; বাই-ভনী+ক = বাই-ভনীক; বাই-ভনী+ৰ= বাই-ভনীৰ ইত্যাদি।

 কিন্তু আৰু পদটোৰ লগত কোনো বিভক্তি আদি যোগ নহয়। আৰু+ক = আৰুক; আৰু+লৈ আৰুলৈ। আৰুক, আৰুলৈ এনে ধৰণৰ অৰ্থ নোহোৱা পদ বাক্যত ব্যৱহাৰ হোৱা ক’ৰবাত শুনিছানে? আৰুক, আৰুলৈ আদিৰ দৰে পদ অসমীয়া ভাষাত নাই। গতিকে দেখা গল যে ‘আৰু’-ৰ ৰূপৰ কোনো পৰিৱৰ্ত্তন নাই। ই যি দৰে আছে সেইদৰেই বাক্যত ব্যৱহাৰ হয়। এনে ধৰণৰ ৰূপৰ সাল-সলনি নোহাৱা পদবোৰকে অব্যয় পদ বোলে। তেনেহলে—

 ‘কমলা আৰু মাইকণ বাই-ভনী। ’ এই বাক্যটোতে থকা ‘আৰু’ পদটো অব্যয় পদ। [ ২৯ ] অব্যয়ৰ সূত্ৰ এতিয়া এনেকৈ ক’বা—

যি পদ ৰূপান্তৰ নোহোৱাকৈ বাক্যত ব্যৱহাৰ হয় তাকে অব্যয় পদ বোলে।

 কেইটামান অব্যয়ৰ নাম মনত ৰাখা—

 প্ৰতি, বিনে, বা, নাইবা, জানোচা, কিম্বা, উস্, ছিঃ, বাঃ, বাৰু, হবলা, নতুবা, কি, তেন্তে, সৈতে, মাত্ৰ, আৰু, যদি, অতি, নিচিনা, খাটাং, কেৱল, স্বয়ং, কদাপি।

: মুখস্থ কৰা :

অব্যয় অব্যয় হেৰা অব্যয়,
তুমি যে ব্যয়হীন পালোঁ পৰিচয়।

⸻⸻

৫। বিশেষণ পদ

 নিৰোগী মানুহ বেছিদিন জীয়াই থাকে।

 এই বাক্যটোত থকা বৰ হাতৰ পদটোলৈ লক্ষ্য কৰা।

 নিৰোগী মানে কি? নিৰোগী মানে বেমাৰ-আজাৰ নোহোৱা। কেনেকুৱা মানুহ বেছিদিন জীয়াই থাকে? নিৰোগী মানুহ বেছিদিন জীয়াই থাকে। অৰ্থাৎ বেমাৰ-আজাৰ নোহোৱা স্বাস্থ্যবান মানুহ বেছিদিন জীয়াই থাকে। ইয়াত দেখা গল ‘নিৰোগী’ পদটোৱে ‘মানুহ’ বিশেষ্য পদটোক বিশেষকৈ বুজাইছে। এই নিৰোগী পদটো বিশেষণ। [ ৩০ ]  আকৌ তলৰ বাক্যটো পঢ়া —

 ৰাম বৰ ভাল ল’ৰা

 এই বাক্যটোত থকা বৰ হাতৰ পদ দুটালৈ লক্ষ্য কৰা। কেনেকুৱা ল’ৰা? ভাল ল’ৰা। ইয়াত ‘ভাল’ পদটোৱে ‘ল’ৰা’ বিশেষ্য পদটোক বিশেষ কৰিছে। এই ‘ভাল’ পদটো বিশেষণ কেনেকুৱা ভাল? বৰ ভাল। ইয়াত ‘বৰ’ পদটোৱে ‘ভাল’ বিশেষণ পদটোক বিশেষকৈ বুজাইছে। গতিকে ‘বৰ’ পদটোও বিশেষণ পদ। এতেকে দেখা গ'ল যে বিশেষণ পদে বিশেষ্যকো বিশেষকৈ বুজায় আৰু বিশেষণকো বিশেষকৈ বুজায়।

 এইবাৰ আকৌ তলৰ বাক্যটো পঢ়া।

 আমজেদ, ৰফিক আৰু ৰহমান আমাৰ গাওঁৰে ল’ৰা। সিহঁত মহাধূৰ্ত্ত।

 ইয়াত বৰ হাতৰ ’মহাধূৰ্ত্ত’ পদটোলৈ লক্ষ্য কৰা।

 সিহঁত কেনেকুৱা? মহাধূৰ্ত্ত। ‘সিহঁত’ পদটো কি পদ? সৰ্ব্বনাম পদ। এই পদটো আমজেদ, ৰফিক আৰু ৰহমান বিশেষ্য পদকেইটাৰ পৰিৱৰ্ত্তে ব্যৱহাৰ হৈছে। ইয়াত ‘সিহঁত’ সৰ্ব্বনাম পদটোক ‘মহাধূৰ্ত্ত’ পদটোৱে বিশেষকৈ বুজাইছে। গতিকে ‘মহাধূৰ্ত্ত’ পদটো বিশেষণ পদ।

 এই বাৰো তলৰ বাক্যটো পঢ়া—

 ভাত খৰকৈ নাখাবা, ডিঙিত সোপা লাগিব।

 ইয়াত বৰ হাতৰ ’খৰকৈ’ পদটোলৈ লক্ষ্য কৰাঃ

 কৈনেকৈ নাখাবা? খৰকৈ। ইয়াত ‘খৰকৈ’ পদটোৱে [ ৩১ ] ‘নাখাবা’ ক্ৰিয়াটোক বিশেষকৈ বুজাইছে। গতিকে ‘খৰকৈ’ পদটো বিশেষণ পদ।

 এতিয়া তোমালোকে বিশেষণ পদৰ সূত্ৰ এনেকৈ ক’ব পাৰাঃ

 যি পদে কোনো পদৰ গুণ, ধৰ্ম্ম আদি বিশেষকৈ বুজায় তাকে বিশেষণ পদ বোলে।

: মুখস্থ কৰা :

যি পদে কোনো পদক বিশেষ কৰে,
সেই পদে বিশেষণ পদ নাম ধৰে।


অনুশীলনী

 ১। পদ কেইবিধ আৰু কি কি? প্ৰত্যেক বিধৰে সূত্ৰ লিখা আৰু একোটাকৈ উদাহৰণ দিয়া।

 ২। বিশেষ্য পদেৰে খালী ঠাই পূৰ্ণ কৰা।

 আমাৰ এটা ——আছে। চাউলৰ পৰা——হয়। গৰুৱে⸺ খায়। দুখীয়াসকলক আমি——কৰা উচিত। আমি ৰাতিপুৱা—— পঢ়োঁ।

 ৩। তলৰ বাক্যবোৰত থকা বিশেষণ পদবোৰ বাছি উলিওৱা।

ৰামহঁতৰ এখন ধুনীয়া ফুলনি আছে। ফুলনিত বগা ফুল নাই; ৰঙা ফুলহে আছে। আমাৰ দেউতা ওখ মানুহ। তেওঁ মৰমিয়াল। দেউতাই বেগাই খোজ কাঢ়ে।

 ৪। তলৰ বাক্যবোৰত থকা সৰ্ব্বনাম পদবোৰ বাছি উলিওৱা—

মালতীয়ে মিছা কথা কয়। তাইক মানুহে বেয়া পায়। আমি সদায় সঁচা কথা কওঁ। দেউতা গুৱাহাটীত থাকে। তাত এখন চিৰিয়াখানা আছে। [ ৩২ ]  ৫। দহোটা অব্যয়ৰ নাম লিখা।

 ৬। অব্যয়েৰে খালী ঠাই পূৰণ কৰা—

ৰমেন, অতুল——ৰাতুল মোৰ সৰু ভাই। ৰিণা——বিৰিণা আহিলেই হব। সি দেউতাকৰ——ফুৰিবলৈ গৈছে। তুমি——নাহা, মই——নাযাওঁ।

 ৭। ক্ৰিয়া প্ৰধানকৈ কেইবিধ? প্ৰত্যেক বিধৰ সূত্ৰ লিখা আৰু উদাহৰণ দিয়া।

 ৮। ধাতু কাক বোলে? ধাতুৰ লগত ধাতু বিভক্তি যোগ দি তিনিটা ক্ৰিয়া পদ গঠন কৰা।

 ৯। খালী ঠাইবোৰত উপযুক্ত ক্ৰিয়া বহুওৱা।

 আমি কিতাপ—–। আয়ে ভাত——। মটৰখন——আছে। ছোৱালীজনীয়ে গান গাই—— আমি স্কুলৰপৰা——খেলিম।

⸻⸻

ষষ্ঠ পাঠ

বচন

 ১। মই ভাত খাওঁ।

 ২। আমি গীত গাওঁ।

 ৩। মানুহজন আহিছে।

 ৪। মানুহবিলাক দৌৰিছে।

 ৫। কিতাপখন ধুনীয়া—

 ৬। কিতাপবোৰ ভালকৈ থোৱা।

 ওপৰৰ বাক্যবোৰত থকা বৰ হাতৰ পদবোৰলৈ চোৱা। ১নং বাক্যত থকা ‘মই’ পদে আৰু ৩নং বাক্যত থকা ‘মানুহজন’ পদে [ ৩৩ ] একোজন একোজন ব্যক্তিক বুজাইছে। ৫নং বাক্যত থকা ‘কিতাপখন’ পদে এখন কিতাপক বুজাইছে। ২নং বাক্যত থকা ‘আমি’ পদে আৰু ৪নং বাক্যত থকা ‘মানুহবিলাক’ পদে এজন ব্যক্তিতকৈ বেছি ব্যক্তিক বুজাইছে। ৬নং বাক্যত থকা ‘কিতাপবোৰ’ পদেও এখন কিতাপতকৈ বেছি কিতাপক বুজাইছে।

 এইদৰে যিয়ে এক, আৰু বহুতৰ বোধ জন্মায় তাকে বচন বোলে।

 বচন দুবিধ। যেনে :— একবচন আৰু বহুবচন।

 একবচন :—যিয়ে এটাক বুজায় তাক একবচন বোলে। যেনে :—মই, মানুহজন, কিতাপখন ইত্যাদি।

 বহুবচন :— যিয়ে এটাতকৈ অধিক বুজায় তাক বহুবচন বোলে। যেনে :—আমি, মানুহবিলাক, কিতাপবোৰ ইত্যাদি।

 একবচনৰপৰা বহুবচন কেনেকৈ কৰা হয় সেই বিষয়ে ওপৰৰ শ্ৰেণীত গৈ বহলাই শিকিব পাৰিবা।

⸻⸻

সপ্তম পাঠ

পুৰুষ

অসমীয়া ভাষাত পুৰুষ তিনিটা। যেনে :—

 ১। উত্তম পুৰুষ

 ২। (ক) মধ্যম মান্য পুৰুষ

 (খ) মধ্যম তুচ্ছ পুৰুষ

 ৩। নাম পুৰুষ [ ৩৪ ]  উত্তম পুৰুষ :—মই আৰু আমি এই দুটা সৰ্ব্বনাম উত্তম পুৰুষ।

 মধ্যম মান্য পুৰুষ :—তুমি আৰু তোমালোক এই দুটা সৰ্ব্বনাম মধ্যম মান্য পুৰুষ।

 মধ্যম তুচ্ছ পুৰুষ;—তই আৰু তহঁত এই দুটা সৰ্ব্বনাম মধ্যম তুচ্ছ পুৰুষ।

 নাম পুৰুষ :—সি, সিহঁত, তাই, তাইহঁত, তেওঁ, তেওঁলোক, তেখেত, তেখেতসকল, আপুনি, আপোনালোক এই সৰ্ব্বনাম কেইটাৰ উপৰিও পৃথিবীৰ সকলোবোৰ বস্তুৱে নাম পুৰুষ।

 পুৰুষৰ তালিকা এখন তলত দেখুওৱা হ'ল।

পুৰুষ
উত্তম পুৰুষ
মধ্যম পুৰুষ
নাম পুৰুষ
সি, সিহঁত, তাই,
মই, আমিমধ্যম মান্য পুৰুষ
মধ্যম তুচ্ছ পুৰুষতাইহঁত, তেওঁ,
তেওঁলোক
তুমি, তোমালোক
তই, তহঁততেখেত, তেখেত
সকল,আপুনি,
আপোনালোক,
আকাশ, বায়ু,
পানী আদি
পৃথিবীৰ সকলো-
বোৰ বস্তু

⸻⸻⸻

[ ৩৫ ]

অষ্টম পাঠ

কাল

 কাল মানে সময়। ক্ৰিয়া সম্পন্ন হোৱা এটা নিৰ্দিষ্ট সময় আছে। ক্ৰিয়াৰ এই সময়কে কাল বোলে।

কাল তিনিবিধ

 (১) বৰ্ত্তমান কাল

 (২) অতীত কাল বা ভূত কাল

 (৩) ভৱিষ্যৎ কাল

 (১) বৰ্ত্তমান কাল :

 তলৰ বাক্য কেইটা পঢ়া আৰু বৰ হাতৰ পদ কেইটালৈ লক্ষ্য কৰা—

 মানুহ মৰে। পৃথিবী ঘূৰে। আমি ভাত খাওঁ। ৰাম, তুমি স্কুললৈ যোৱা। সি পঢ়িছে।

 ইয়াত মৰে, ঘূৰে, খাওঁ, যোৱা, পঢ়িছে বৰ্ত্তমান কালৰ ক্ৰিয়া। মানুহ মৰে। ইয়াত ‘মৰে’ ক্ৰিয়াই মানুহ এতিয়াও মৰে, সদায় মৰে বুজাইছে। মানুহ মৰাটো এটা নিয়ম। তেনেকৈ ‘ঘূৰে’ ক্ৰিয়াই পৃথিবী এতিয়াও ঘূৰে, সদায় ঘূৰে বুজাইছে। পৃথিবী ঘূৰাটো এটা নিয়ম। ‘খাওঁ’ ক্ৰিয়াই ভাত এতিয়াও খাওঁ আৰু সদায় খাওঁ বুজাইছে। খোৱাটো আমাৰ এটা অভ্যাস। ‘যোৱা’ ক্ৰিয়াই যোৱা কামটো চলিত সময়ত হোৱা বুজাইছে। ‘পঢ়িছে’ ক্ৰিয়াটোৰ অৰ্থ হল ‘পঢ়ি আছে’। [ ৩৬ ]  সি পঢ়িছে। এই বাক্যটোৰ অৰ্থ হ’ল সি পঢ়ি আছে। অৰ্থাৎ তাৰ পঢ়া কামটো চলি আছে। ‘পঢ়িছে’ ক্ৰিয়াই পঢ়া কামটো এতিয়াও চলি থকা বুজাইছে।

 গতিকে দেখা গল সদায় চলি থকা নিয়ম, অভ্যাস, চলিত সময়ত কোনো কাম কৰা বা হোৱা, নাইবা কোনো কাম এতিয়াও কৰি থকা বা হৈ থকা বুজাবলৈ বৰ্ত্তমান কাল ব্যৱহাৰ কৰা হয়।

 এতেকে,

 সদায় চলি থকা নিয়ম, অভ্যাস, চলিত সময়ত কোনো কাম কৰা বা হোৱা, নাইবা কোনো কাম এতিয়াও কৰি থকা বা হৈ থকা বুজাবলৈ যি কাল ব্যৱহাৰ কৰা হয় তাকে বৰ্ত্তমান কাল বোলে।

 (২) অতীত কাল :

 তলৰ বাক্য কেইটা পঢ়া আৰু বৰ হাতৰ পদ কেইটালৈ লক্ষ্য কৰা—

 মানুহজন এইমাত্ৰ আহিল। ৰাম অযোধ্যাৰ ৰজা আছিল। হৰি অহা-হেঁতেন মই তেওঁৰ লগত গলোঁহেঁতেন

 এই বাক্য কেইটাত থকা ‘আহিল’, ‘আছিল’, ‘অহাহেঁতেন আৰু ‘গলোঁহেঁতেন’ ক্ৰিয়া-কেইটা অতীত কালৰ ক্ৰিয়া।

 মানুহজন এইমাত্ৰ আহিল। অৰ্থাৎ আহি পোৱাৰ বেছি সময় হোৱা নাই। অহা কামটো শেষ হ’ল মাত্ৰ। ‘আহিল’ ক্ৰিয়াই অহা কামটো অলপ আগতে শেষ হোৱা বুজাইছে।

 ৰাম অযোধ্যাৰ ৰজা আছিল। ইয়াত ‘আছিল’ ক্ৰিয়াটোৱে আগতে থকা কথাটো বুজাইছে।

 হৰি অহাহেঁতেন মই তেওঁৰ লগত গলোঁহেঁতেন। পিছে হৰিয়ো [ ৩৭ ] নাহিল ময়ো নগলোঁ। ইয়াত গলোঁহেঁতেন’ ক্ৰিয়াটোৱে হৰি আহিলে ময়ো হৰিৰ লগত যোৱাৰ সম্ভাৱনা আছিল কথাটো বুজাইছে। আকৌ ‘অহাহেঁতেন’ ক্ৰিয়াটোৱেও হৰি অহাৰ সম্ভাৱনা আছিল কথাটো বুজাইছে। পিছে হৰি অহাটো হৈ নুঠিল, গতিকে মোৰো যোৱাটো হৈ নুঠিল। সময় এনেয়ে উকলি গ’ল। এতিয়া ভালদৰে মনত ৰাখিবাঃ

 অতীত কালৰ ক্ৰিয়াই কোনো এটা কাম এইমাত্ৰ শেষ কৰা বা হোৱা নাইবা আগতে শেষ কৰা বা হোৱা নাইবা —

 কোনো কাম আগতে কৰা বা হোৱা কথা আছিল; কিন্তু কৰা নহ’ল বা হৈ নুঠিল এনে ভাবো বুজায়।

 গতিকে,

 কোনো কাম এইমাত্ৰ শেষ হোৱা বুজাবলৈ নাইবা আগতে শেষ হোৱা বুজাবলৈ নাইবা কোনো কাম আগতে শেষ হোৱা কথা আছিল; কিন্তু শেষ নোহোৱাকৈ সময় উকলি গ’ল—এনে ভাব বুজাবলৈ যি কাল ব্যৱহাৰ কৰা হয় তাকে অতীত কাল বোলে।

 (৩) ভৱিষ্যৎকাল :

 তলৰ বাক্য দুটা পঢ়া আৰু বৰ হাতৰ পদ কেইটালৈ লক্ষ্য কৰা—

 সি চিলঙলৈ যাব। দেউতাই পুতলা আনিব

 ইয়াত ‘যাব’ আৰু ‘আনিব’ ক্ৰিয়া দুটা ভৱিষ্যৎ কালৰ ক্ৰিয়া। সি চিলঙলৈ যাব। অৰ্থাৎ আগলৈ কোনোবা এদিন যাব, আজি নাযায়। ক্ৰিয়াৰ কামটো আগলৈহে সম্পন্ন হব। সেইদৰে দেউতাই পুতলা আনিব। পুতলা আগলৈহে আনিব, আজি নানে। এইদৰে [ ৩৮ ] কোনো কাম আগলৈহে সম্পন্ন হ’ব—এই ভাব বুজোৱা ক্ৰিয়াবোৰেই হ’ল ভৱিষ্যৎ কালৰ ক্ৰিয়া।

 গতিকে,

 আগলৈ ক্ৰিয়া সম্পন্ন হ’ব—এনে ভাব বুজাবলৈ যি কাল ব্যৱহাৰ কৰা হয় তাকে ভৱিষ্যৎ কাল বোলে।

অনুশীলনী

 ১। কাল বুলিলে কি বুজা?

 ২। কাল কেইবিধ আৰু কি কি?

 ৩ | বৰ্ত্তমান কাল কাক বোলে সূত্ৰ লিখি উদাহৰণ দিয়া।

 ৪। অতীত কাল কাক বোলে সূত্ৰ লিখি উদাহৰণ দিয়া।

 ৪। ভৱিষ্যৎ কাল কাক বোলে সূত্ৰ লিখি উদাহৰণ দিয়া।

নবম পাঠ

উদ্দেশ্য আৰু বিধেয়।

 বিশেষ্য, বিশেষণ, সৰ্ব্বনাম, অব্যয়, ক্ৰিয়া আদি পদ লগ লাগি বাক্য গঠন হোৱা কথাটো তোমালোকে বুজিব পাৰিলা। এইবাৰ বাক্যৰ বিষয়ে আৰু অলপ নতুন কথা শিকা। তলৰ বাক্যটো পঢ়া।

শিক্ষকে ব্যাকৰণ শিকাইছে।

 ইয়াত শিকোৱা কামটো যিয়ে কৰিছে তেঁৱেই কৰ্ত্তা। শিকোৱা কামটো কৰিছে শিক্ষকে। গতিকে ‘শিক্ষকে’ পদটো কৰ্ত্তা। [ ৩৯ ] কৰ্ত্তাক লক্ষ্য বা উদ্দেশ্য কৰিয়ে সাধাৰণতে কথা কোৱা হয়। সেই কাৰণে কৰ্ত্তাৰ আন এটা নাম উদ্দেশ্য। ওপৰৰ বাক্যটোত শিক্ষকক উদ্দেশ্য কৰিয়ে কথাখিনি কোৱা হৈছে। গতিকে বাক্যটোত উদ্দেশ্য হ’ল ‘শিক্ষকে’।

 এতিয়া ‘ব্যাকৰণ’ পদটো কি হ’ব চোৱা। কৰ্ত্তাই যাৰ ওপৰত ক্ৰিয়া সম্পন্ন কৰে, অৰ্থাৎ কৰ্ত্তাই যাৰ ওপৰত কোনো কাম কৰে, সিয়েই কৰ্ম্ম। শিক্ষকে ব্যাকৰণৰ ওপৰতহে শিকোৱা কামটো কৰিছে। অৰ্থাৎ শিক্ষকে ব্যাকৰণহে শিকাইছে। এতেকে ‘ব্যাকৰণ’ পদটো হ’ল কৰ্ম্ম।

 ‘শিকাইছে’ পদটো সমাপিকা ক্ৰিয়া।

 বাক্যটোত শিক্ষকে ব্যাকৰণ শিকোৱা কথা কোৱা হৈছে। বা ব্যাকৰণ শিকাইছে বুলি কোৱা হৈছে। মনত ৰাখিবা— যি কথা কোৱা হয় বা যি বুলি কোৱা হয় সিয়েই বিধেয়।

 কৰ্ম্ম আৰু ক্ৰিয়া লগলাগি বিধেয় হয়। কোনো কোনো বাক্যত কৰ্ম্ম নাথাকে। তেতিয়া ক্ৰিয়াই বিধেয় হয়। যেনে : কেচুৱাই কান্দে। ইয়াত কৰ্ম্ম নাই। গতিকে ‘কান্দে’ ক্ৰিয়াই বিধেয়।

 এতিয়া তেনেহলে ‘শিক্ষকে ব্যাকৰণ শিকাইছে’। এই বাক্যটোত ‘ব্যাকৰণ শিকাইছে’ এইখিনি বিধেয়।

 উদ্দেশ্যত উদ্দেশ্যৰ লগতে তাৰ দোষ-গুণ বুজোৱা পদবোৰো থাকে। তেনেকৈ বিধেয়তো কৰ্ম্ম আৰু ক্ৰিয়াৰ দোষগুণ বুজোৱা পদবোৰ থাকে। [ ৪০ ]  এতিয়া তোমালোকে শিকিলা যে বাক্যৰ প্ৰধান ভাগ দুটা। এটা উদ্দেশ্য আৰু আনটো বিধেয়।

 তলত কেইটামান বাক্য উদ্দেশ্য আৰু বিধেয় এই দুই ভাগত কেনেকৈ ভগোৱা হৈছে চোৱা :

বাক্য উদ্দেশ্য বিধেয়

লাচিতে মোমায়েকক কাটিছিল
 বাবুল এজন ভাল ল’ৰা।
ভাল ল’ৰাই সদায় স্কুললৈ যায়।
ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধান মন্ত্ৰী

লাচিতে
বাবুল
ভাল ল’ৰাই
ইন্দিৰা গান্ধী

মোমায়েকক কাটিছিল
এজন ভাল ল’ৰা।
সদায় স্কুললৈ যায়।
ভাৰতৰ প্ৰধান মন্ত্ৰী


অনুশীলনী

 ১। উদ্দেশ্য আৰু বিধেয় বুলিলে কি বুজা?

 ২। তলৰ বাক্যবোৰৰ উদ্দেশ্য আৰু বিধেয় অংশ দুটা বেলেগ কৰি দেখুওৱা।

 (ক) শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন মহাপুৰুষ আছিল।

 (খ) প্ৰণতিয়ে বিহুগীত গাইছে।

 গ) ভদীয়াই ঢোল-পেপা বজাইছে।

 (ঘ) সকলোৱে বিহুতলীলৈ ঢাপলি মেলিছে।

 (ঙ) দয়ালু মানুহে সকলোকে মৰম কৰে।

 (চ) কেতিয়াও মিছা কথা নক’বা।

[ ৪১ ]

দশম পাঠ

বাক্যত পদ বহুওৱাৰ কেইটামান নিয়ম

 বাক্য এটা লিখিবলৈ হ’লে পদবোৰ যথা স্থানত বহুৱাব জানিব লাগিব। পদবোৰ যথাস্থানত নবহিলে একো অৰ্থ নোলায়। অৰ্থ নোলালে সি বাক্যও নহয়। গতিকে বাক্য লিখিবলৈ হ’লে তোমালোকে কেইটামান নিয়ম জানিবই লাগিব। সেই নিয়ম- বোৰ তলত উল্লেখ কৰা হ’ল; মনোেযোগেৰে পঢ়া :

 (১) বাক্যত প্ৰথমতে কৰ্ত্তাপদ আৰু তাৰ পিছত সমাপিকা ক্ৰিয়াপদ বহুৱাব লাগে। যেনে :— মালতীয়ে হাঁহিছে। সি শুইছে।

 (২) বাক্যত কৰ্ত্তা যি পুৰুষত লিখা হয়, ক্ৰিয়াটোও সেই পুৰুষত লিখিব লাগে। যেনে :—মই যাওঁ। সি যায়।

 (৩) বাক্যত কৰ্ত্তা এক বচনো হব পাৰে বহুবচনো হ’ব পাৰে; কিন্তু ক্ৰিয়া দুয়ো বচনতে একে থাকে। যেনে :—মই যাওঁ। আমি যাওঁ। সি যায়। সিহঁত যায়।

 (৪) এটা বাক্যত যদি উত্তমপুৰুষ, মধ্যমপুৰুষ আৰু নামপুৰুষৰ তিনিওটা এটা ক্ৰিয়াৰ কৰ্ত্তা হিচাপে থাকে, তেতিয়া ক্ৰিয়াটো উত্তম- পুৰুষৰ হয়। বাক্যটোত তিনিওটা পুৰুষ লিখোঁতে প্ৰথমে নামপুৰুষ, তাৰ পিছত মধ্যমপুৰুষ আৰু শেষত উত্তমপুৰুষ লিখিব লাগে। যেনে :— দীনবন্ধু, তুমি আৰু মই যাম।

 (৫) বাক্যত কৰ্ত্তা মধ্যমপুৰুষ আৰু নামপুৰুষ হলে প্ৰথমে নাম[ ৪২ ] পুৰুষ, তাৰ পিছত মধ্যমপুৰুষ লিখি ক্ৰিয়াটো মধ্যমপুৰুষত লিখিব লাগে। যেনে—হুচেইন আৰু তুমি যাবা।

 (৬) বাক্যত কৰ্ত্তা উত্তমপুৰুষ আৰু মধ্যমপুৰুষ হ’লে প্ৰথমে মধ্যম পুৰুষ, তাৰ পিছত উত্তমপুৰুষ লিখি ক্ৰিয়াটো উত্তমপুৰুষত লিখিব লাগে। যেনেঃ— তুমি আৰু মই যাম।

(৭) বাক্যত কৰ্ত্তা উত্তমপুৰুষ আৰু নামপুৰুষ হ’লে প্ৰথমে নামপুৰুষ তাৰ পিছত উত্তমপুৰুষ লিখি ক্ৰিয়াটো উত্তমপূৰুষত লিখিব লাগে। যেনেঃ—সি আৰু মই গৈছিলোঁ।

 (৮) যিবিলাক বাক্যত কৰ্ম্ম থাকে সেইবিলাক বাক্যত কৰ্ম্মটো কৰ্ত্তা আৰু ক্ৰিয়াৰ মাজত বহুৱাব লাগে। যেনেঃ—মেকুৰীয়ে মাছ খায়।

 (৯) কৰ্ত্তা, কৰ্ম্ম আৰু ক্ৰিয়াৰ যদি কিবা বিশেষণ থাকে, তেনে হলে সেই বিশেষণবোৰ কৰ্ত্তা, কৰ্ম্ম আৰু ক্ৰিয়াৰ বাওঁ হাতে ঠিক কাষতে লিখিব লাগে। যেনেঃ—কলা মেকুৰীটোৱে ভজা মাছ চুৰকৈ খালে।

 (১০) অসমাপিকা ক্ৰিয়া সমাপিকা ক্ৰিয়াৰ আগত বহে। যেনে:— ল’ৰাবোৰে খেলি আছে।

 (১১) ক্ৰিয়া হোৱাত সন্দেহ থাকিলে তাৰ আগত নাইবা পিছত ‘যদি’ অব্যয় ব্যৱহাৰ কৰা হয়। যদি অব্যয় আগৰ বাক্যত ব্যৱহাৰ কৰিলে পিছৰ বাক্যত ‘তেন্তে’ বা ‘তেনেহলে’ ব্যৱহাৰ কৰিব লাগে। যেনে:—যদি মৃণাল যায় তেন্তে ময়ো যাম। আৰতিয়ে যদি খায় তেনেহলে ময়ো খাম। [ ৪৩ ]  (১২) আগৰ বাক্যত ‘যি’ ব্যৱহাৰ কৰিলে পিছৰ বাক্যত ‘সি’ বা ‘তেওঁ’ ব্যৱহাৰ কৰিব লাগে। যেনে;— যি যত্ন কৰে সি ৰত্ন পায়। যি এলেহুৱা তেওঁ সুখ নাপায়।

 ওপৰত উল্লেখ কৰা নিয়ম কেইটাৰ উপৰিও উচ্চ পৰ্য্যায়ৰ ধুনীয়া ধুনীয়া বাক্য লিখিবৰ কাৰণে তোমালোকে আৰু কিছুমান নিয়ম জানিব লাগিব। সেই নিয়মবোৰ ওপৰৰ শ্ৰেণীত গৈ শিকিব পাৰিবা।

একাদশ পাঠ

বানান আৰু যতি চিন

 ধান আৰু শিলগুটি মিহলি ভাত খাই ভাল লাগেনে? জহা চাউলৰ ভাত হ’লেও ধান, শিলগুটি আদি মিহলি ভাত খাই কেতিয়াও ভাল নালাগে। ঠিক সেইদৰে ধুনীয়া আখৰ হলেও যদি তাত বানান ভুল থাকে, তেন্তে সেই লেখা পঢ়িতো ভাল নালাগেই বৰং ই অৰ্থ আদিৰ বিসঙ্গতি ঘটাই লেখাটো নিৰৰ্থক কৰিহে তোলে। পৰীক্ষাত বানান ভুলৰ কাৰণে বহুত নম্বৰ কটা বাবে তোমালোকে এতিয়াৰে পৰা বানানৰ প্ৰতি লক্ষ্য ৰাখিবা। শিক্ষাগুৰুসকলে তোমালোকৰ যি বিলাক বানান ভুল বুলি কাটি দিয়ে সেই বিলাক লগে লগে কিতাপত চাই নাইবা শিক্ষাগুৰুক সুধি শুদ্ধ কৰি ল’বা। বানানৰ বিষয়ে ক’বলগীয়া বহু কথা আছে। সেইবিলাক ওপৰৰ [ ৪৪ ] শ্ৰেণীত বহলাই পাবা। এতিয়া তোমালোকে শিক্ষাগুৰুৱে শিকোৱা মতে আৰু কিতাপত থকা বানান অনুসৰি শুদ্ধকৈ বানান লিখিবলৈ যত্ন কৰিবা।

 যতি চিনৰ বিষয়েও তোমালোকে বহু কথা জানিব লাগিব। এতিয়া তোমালোকে যতি চিন সম্বন্ধে অলপ কথা শিকি থোৱা।

 আমি কথা কওঁতে আৰু পঢ়োতে মাজে মাজে অৰ্থবোধৰ বাবে কিছু সময় ৰৈ যাওঁ। ৰৈ যোৱা ঠাইবোৰত কিছুমান চিনৰ প্ৰয়োগ কৰা হয়। এই চিনবোৰৰ নামেই যতি বা কুট। তলত কেইটামান যতি চিনৰ কথা কোৱা হ’ল।

 ১। (। ) বন্ধনীৰ মাজত দিয়া চিনটোৰ নাম দাৰি। বাক্য এটা শেষ হলে এই চিন বহুৱাব লাগে। যেনে :—গোলাপফুল দেখিবলৈ ধুনীয়া। ঘড়ীৰ টিক্ টিক্ টিক্ টিক্ শব্দ শুনিছানে? এই শব্দৰ গতিত ১,২,৩ বুলি উচ্চাৰণ কৰোঁতে যিমান সময় লাগে দাৰি (। ) ত সিমান সময় ৰব লাগে।

 ২। (;) এইটো চেমিকোলন বা গুৰু যতি চিন। ঘড়ীৰ শব্দৰ গতিত ১,২ বুলি উচ্চাৰণ কৰোঁতে যিমান সময় লাগে এই চিনত সিমান সময় ৰব লাগে। যেনে:—ৰাম এজন দুষ্ট ল’ৰা; কিন্তু সি বৰ দয়ালু।

 ৩। (,) এইটো কমা বা লঘু যতি চিন। ঘড়ীৰ শব্দৰ গতিত ১ বুলি উচ্চাৰণ কৰোঁতে যিমান সময় লাগে এই চিনত সিমান সময় ৰব লাগে। যেনে—জীবন, মোহন, কমল আৰু উজ্জল গ’লেই হ’ব।

 মুঠতে আটাইতকৈ কম সময় ৰ’বলৈ হ'লে কমা (,), তাতকৈ [ ৪৫ ] অলপ বেছি সময় ৰ’বলৈ হ’লে চেমিকোলন (;) আৰু বাক্যটো শেষ হলে দাৰি (।) বহুৱাব লাগে।

 ৪। (?) এই চিনটোৰ নাম প্ৰশ্নবোধক চিন। প্ৰশ্ন কৰা বুজাবলৈ বা প্ৰশ্ন সুধিবলৈ হ’লে এই চিন ব্যৱহাৰ কৰা হয়। যেনে—তুমি ঘৰলৈ যাবানে?

 ৫। (!) এইটো সম্বোধন বা ভাববোধক চিন। কাৰোবাক মাতিবলৈ বা সম্বোধন কৰিবলৈ হ’লে এই চিনটো ব্যৱহাৰ কৰা হয়। যেনে—হে ঈশ্বৰ! মোক ৰক্ষা কৰা। বিষাদ, আনন্দ, আচৰিত আদি ভাব বুজাবলৈ হলেও এই চিন ব্যৱহাৰ কৰা হয়। যেনে— হায়! বেচেৰা মৰিল। বাঃ! কি মধুৰ দৃশ্য। ইকি! তুমি হ’য়াত।

 ৬। (“...”) এইটো চিনৰ নাম উৰ্দ্ধ কমা। নিজৰ লিখা কথাৰ মাজত যদি আনৰ কথা লিখিব লগা হয় তেনেহলে সেই আনৰ কথা খিনিৰ দুয়ো কাষে এই চিন ব্যৱহাৰ কৰা হয়। যেনে:—ৰামে কলে, “মধু এজন বুধিয়ক ল’ৰা।”

 ৭। (’) এইটোও উৰ্দ্ধ কমাৰ চিন।

অলৈ, তলৈ, ব’ৰাগী গ’ল,
চ’ৰা ঘৰলৈ, ৰ’দালী, ব’ল,
চ’ত, ব’হাগত, ৰ’দ, হ’ল
ৰ’বলৈ, ক’বা, ল’ৰা দল—ইত্যাদি বোৰত (’)
এই চিনৰ ব্যৱহাৰ কৰিবা।

 ৮। (ঁ) এইটো চন্দ্ৰবিন্দুৰ চিন।

খাওঁ, লওঁ, যাওঁ, বহিছিলোঁ,
তেওঁ, কৰোঁতে, কৰিছিলোঁ,
কাঁহ, কৰোঁতাক, ধোঁৱা, দিওঁতাক
উঠোঁতে, বহোঁতে, মৰিছিলোঁ—আদিত সদায়
চন্দ্ৰবিন্দু লিখিবা।

[ ৪৬ ]

দ্বাদশ পাঠ

বাক্য ৰচনা

(১) বিশেষ্য পদৰ সহায়ত বাক্য ৰচনা—

নদী—গঙ্গা এখন ডাঙৰ নদী

পৰ্ব্বত—ভাৰতৰ উত্তৰে হিমালয় পৰ্ব্বত

কালিদাসকালিদাস ভাৰতৰ বিখ্যাত কবি আছিল।

স্বাস্থ্যস্বাস্থ্য পৰম ধন।

সোণ—মোৰ আঙঠিটো সোণেৰে তৈয়াৰী।

অনুশীলনী

১। যিকোনো দহোটা পদেৰে দহোটা বাক্য ৰচনা কৰা।

(২) বিশেষণ পদৰ সহায়ত বাক্য ৰচনা

ভাল—শেৱালী এজনী ভাল ছোৱালী।

বেয়া—বিভা এজনী বেয়া ছোৱালী।

কলা—আমাৰ এটা কলা কুকুৰ আছে।

বগা—মই বগা ফুল ভাল পাওঁ।

ওখ—সি ৰমাতকৈ ওখ।

অনুশীলনী

১। যি কোনো দহটা বিশেষণ পদেৰে দহোটা বাক্য ৰচনা কৰা।

৩। সৰ্ব্বনাম পদৰ সহায়ত বাক্য ৰচনা—

মইমই কেতিয়াও মিছা কথা নকওঁ।

আমিআমি সদায় স্কুললৈ যাওঁ।

সিসি এজন দুষ্ট ল’ৰা।

সিহঁতসিহঁত দেউতাকৰ লগত ফুৰিবলৈ গ’ল।

তেওঁতেওঁ মোৰ বন্ধু।

অনুশীলনী

১। কি কোনো দহোটা সৰ্ব্বনাম পদেৰে দহোটা বাক্য ৰচনা কৰা। [ ৪৭ ]

(৪) অব্যয় পদৰ সহায়ত বাক্য ৰচনা

কিন্তু—সি দুখীয়া; কিন্তু অতি উদাৰ।

আৰু—মাণিক আৰু তুমি গলেই হ’ব।

বা— যাদৱ বা মাধৱ আহিলেই হ’ব৷

যদি—তুমি যদি যোৱা ময়ো যাম।

সৈতে—কৈলাশ মোমায়েকৰ সৈতে পূজা চাবলৈ যাব।

অনুশীলনী

১। যি কোনো দহোটা অব্যয় পদেৰে দহোটা বাক্য ৰচনা কৰা।

⸺ ⸺

(৫) ক্ৰিয়া পদৰ সহায়ত বাক্য ৰচনা

যাওঁ—মই সদায় বজাৰলৈ যাওঁ

শুনিছোঁ—অলপ মনে মনে থাকা, মই ৰেডিঅ’ৰ বাতৰি শুনিছোঁ

মৰিল—মানুহজন এই মাত্ৰ মৰিল

খাইছিল—দেৱতাসকলে অমৃত খাইছিল

কৰিলোঁহেঁতেন—তুমি যদি বিপদত সহায় কৰিলাহেঁতেন ময়ো কৰিলোঁহেঁতেন।

খেলিব — অহা কালি হৰিধনহঁতে বল খেলিব

আহি—আমি স্কুলৰপৰা আহি ভাত খাম।

অনুশীলনী

১। বৰ্ত্তমান কালৰ যিকোনো পাঁচোটা ক্ৰিয়াৰে পাঁচোটা বাক্য সাজা।

২। অতীত কালৰ যিকোনো পাঁচোটা ক্ৰিয়াৰে পাঁচোটা বাক্য সাজা। [ ৪৮ ] ৩। ভৱিষ্যৎ কালৰ যি কোনো পাঁচোটা ক্ৰিয়াৰে পাঁচোটা বাক্য সাজা।

৪। যি কোনো পাঁচোটা অসমাপিকা ক্ৰিয়াৰে পাঁচোটা বাক্য সাজা।

⸺⸺

(৬) প্ৰশ্নবোধক বাক্য ৰচনা

নে—তুমি ভাত খালা নে?

কোন—তোমাৰ দেউতাৰা কোন?

কিয়—তুমি ইয়ালৈ কিয় আহিলা?

কলৈ—তোমালোক কলৈ যাবা?

কেনেকৈ—ৰঘু তালৈ কেনেকৈ গ’ল?

অনুশীলনী

১। যি কোনো দহোটা প্ৰশ্নবোধক বাক্য ৰচনা কৰা।

⸻⸻

(৭) নেতি বাচক (নোহোৱা বুজোৱা) বাক্য ৰচনা

নহয়—তাৰ নাম ব্ৰজেন নহয়

নিদিয়ে—দেউতাই মোক কেতিয়াও কু-সঙ্গত ফুৰিব নিদিয়ে

নেখেলোঁ —মই তোমাৰ লগত নেখেলোঁ

নাপাহৰোঁ—আমি তোমাক কেতিয়াও নাপাহৰোঁ

নুশুবা—দেৰিকৈ নুশুবা।

নোপোৱা—ভোগমণ বুঢ়া জীৱনত কোনো সুখ নোপোৱাকৈয়ে ঢুকাল।

অনুশীলনী

১। যি কোনো দহোটা নেতিবাচক (নোহোৱা বুজোৱা) বাক্য ৰচন কৰা৷

⸻⸻

[ ৪৯ ]

ত্ৰয়োদশ পাঠ

ছবি চাই বাক্য ৰচনা

(১) মেকুৰী এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু।

(২) ই দেখাত প্ৰায় বাঘৰ দৰে।

(৩) মেকুৰীৰ গাটো কোমল আৰু ঘন নোমেৰে ভৰা।

(৪) মেকুৰীৰ মুখখন ঘূৰণীয়া।

(৫) ইয়াৰ মূখত গোঁফ থাকে।


(১) এইটো এটা বগলী।

(২) বগলীটোৱে পানীৰ কাষত থিয় হৈ মাছ ৰখি আছে।

(৩) হঠাতে সি এটা মাছ দেখা পালে।

(৪) বগলীটোৱে মাছটো খাবলৈ চেষ্টা কৰিছে।


৫) বগলীৰ ঠেং দুখন বৰ দীঘল। [ ৫০ ]


(১) এইজনী গাৱঁলীয়া ছোৱালী।

(২) তাই জাকৈৰে বিলত মাছ। ধৰিছে।

(৩) তাই কঁকালত এটা খালৈ আৰি লৈছে।

(৪) ছোৱালীজনীয়ে এটা ফুট ফুটীয়া চোলা পিন্ধিছে।

(৫) ছোৱালীজনীয়ে ধুনীয়াকৈ খোপা বান্ধিছে।

(১) এইজন মগনিয়াৰে ভিক্ষা মাগিছে।

(২) মগনিয়াৰজনে খাবলৈ নাপাই শুকাই গৈছে।

(৩) সি লাখুঠিত ভৰ দি খোজ কাঢ়ে।

(৪) তাৰ কোচত ভিক্ষাৰ টোপোলা আছে।

(৫) তাৰ মুখখন দাড়ি-চুলিৰে ভৰি পৰিছে।


(১) এইজনী ছোৱালী সূতা কাটি আছে।

(১) তাই যঁতৰত সূতা কাটিছে।

(৩) ছোৱালীজনী এটা ফ্ৰক পিন্ধিছে।

(৪) বাওঁখন হাতেৰে তাই সূতা- ডাল ধৰি আছে।

[ ৫১ ]

(৫) সোঁখন হাতেৰে তাই যঁতৰ ঘূৰাইছে।

অনুশীলনী

১। তলত দিয়া প্ৰাকৃতিক দৃশ্যটি চাই তাৰ বিষয়ে দহোটো বাক্য লিখা।

⸻ ⸻

চতুৰ্দ্দশ পাঠ

১। সাধু কথা ৰচনা

 সকলো দেশৰ ভাষাতে কিছুমান চলিত সাধু কথা আছে। ল’ৰা-ছোৱালীৰ চৰিত্ৰ গঠনত এই সাধুবোৰে যথেষ্ট সহায় কৰে। কিয়নো এইবোৰত ল’ৰা-ছোৱালীয়ে শিকিবলগীয়া বহু উপদেশ থাকে। আমাৰ অসমীয়া ভাষাতো শুনিলে শুনি থাকিবৰ মন যোৱা বুঢ়ী আইৰ সাধুবোৰ আছে। ঈচপৰ সাধুবোৰো পৃথিবী বিখ্যাত সাধু। এই সাধুবোৰ তোমালোকে পঢ়িবা।

 সাধু কথা লিখাৰ কিছুমান ঠাচ্ আছে। সেই ঠাচ্ সোনকালে আয়ত্ত কৰা টান। ভাষাৰ ওপৰত দখল থাকিলেহে এই কাম সহজ [ ৫২ ] হৈ পৰে। পিছে সুন্দৰ ঠাচত সাধুকথা লিখিব নোৱাৰিলেও চকুৰ আগত দেখা দুই এটা ঘটনা সাধুকথাৰ আকাৰত তোমালোকে লিখিবলৈ যত্ন কৰা উচিত। চেষ্টা কৰি থাকিলে এদিন তোমালোকেও ভাল সাধুকথা লিখিব পৰা হ’বা।

 সাধুকথা বহু ধৰণে লিখিব পাৰি। এই শ্ৰেণীত তোমালোকক কেৱল ছবিৰ সহায়ত কেনেকৈ সাধু লিখিব পাৰি তাকেহে শিকোৱা হ’ব। সঙ্কেত বাক্যৰ সহায়তো সাধু লিখিব পাৰি। সেই বিষয়ে ওপৰৰ শ্ৰেণীত শিকোৱা হ’ব।

 এতিয়া ছবি চাই সাধু কথা লিখোঁতে সাধুবোৰ কেনে হব লাগে তাৰ এটা আৰ্হি তলত দিয়া হ’ল। মন দি পঢ়া। তোমালোকে এই আৰ্হিমতে সাধু কথা লিখিবলৈ চেষ্টা কৰিবা।

সাধু কথাৰ আৰ্হি

(১) দৰ্জ্জীৰ ভুল

 ইন্দ্ৰপুৰ নামে এখন নগৰ আছিল। নগৰখন অতি মনোৰম। নগৰখনৰ ঠায়ে ঠায়ে ওখ-চাপৰ টিলাবোৰ। তাত থকা সৰু-বৰ অট্টালিকাবোৰ ইমান ধুনীয়া যে চালে চাই থাকিবৰ মন যায়। নগৰখনৰ কাষেৰে এটা সৰু নদী বৈ গৈছে।

 সেই নগৰৰে এজন সদাগৰৰ এটা হাতী আছিল। হাতীটো প্ৰায় মানুহৰ দৰেই জ্ঞানী। সি সকলো কথা বুজি পায়। হাতীটোৱে সদায় দুপৰীয়া মাউত নোহোৱাকৈয়ে অকলে অকলে নদীত গা-ধুবলৈ আহে। গা ধুই আকৌ ঘৰলৈ উভতি যায়।

 হাতীটো অহা-যোৱা কৰা বাটৰ কাষতে এজন দৰ্জ্জীয়ে এখন দোকান দিছিল। দৰ্জ্জীজনে বৰ ভালকৈ কাপোৰ চিলাই কৰিছিল। [ ৫৩ ] সেয়েহে নগৰৰ ধনী ধনী মানুহবোৰেও তাৰ ওচৰত দামী দামী কাপোৰ আদি চিলাই কৰিছিল। দৰ্জ্জীয়ে তাৰ দুৱাৰ মুখেৰে যাওঁতে হাতীটোক সদায় চাই থাকে। এনেকৈ চাওঁতে চাওঁতে হাতীটোলৈ তাৰ মৰম উপজিল।

 এদিন দৰ্জ্জীয়ে হাতীটোক অলপ খোৱা বস্তু দিলে। হাতীটোৱে বস্তু খিনি ৰংমনে খালে। তাৰ পিছ দিনাখনো সি হাতীটোক মৰমেৰে খোৱা বস্তু দিলে। হাতীটোৱে দৰ্জ্জীৰ মৰম বুজি পালে। এইদৰে কিছুদিন যোৱাৰ পিছত হাতীটোৱে তাৰ শুঁৰডাল খোৱা- বস্তুৰ আশাত দৰ্জ্জীৰ দোকানৰ ভিতৰলৈ আগবঢ়াই দিবলৈ আৰম্ভ কৰিলে। দৰ্জ্জীয়েও তাক নিতৌ খোৱাবস্তু দিয়োটো নিয়ম হৈপৰিল। এইদৰে লাহে লাহে হাতী আৰু দৰ্জ্জীৰ মাজত বন্ধুত্ব বাঢ়ি আহিল।

 এদিনাখনৰ কথা। দৰ্জ্জীৰ কিবা কাৰণত খং উঠি আছিল। সেই সময়তে হাতীটো আহি উপস্থিত হ’ল আৰু তাৰ শুঁৰডাল দৰ্জ্জীলৈ আগবঢ়াই দিলে। পিছে সেই দিনা দৰ্জ্জীয়ে হাতীক খোৱা বস্তুতো নিদিলেই, তাৰ পৰিৱৰ্ত্তে হাতীটোৰ শুঁৰত এটা বেজীহে


খঙেৰে সোমাই দিলে। হাতীটোৱে দুখ পাই শুঁৰডাল কোচ খুৱাই [ ৫৪ ] আনিলে। দৰ্জ্জীৰ এই ব্যৱহাৰত হাতীটোৰ বৰ লাজ লাগিল আৰু খং উঠিল। সি লাজে-খঙে নদীলৈ গ’ল।

 নদীত সি ভালদৰে গা ধুই ল’লে। সি কিন্তু দৰ্জ্জীৰ ব্যৱহাৰৰ কথা পাহৰা নাছিল। দৰ্জ্জীক সিও এসেকা দিবলৈ ঠিক কৰিলে। সেইকাৰণে হাতীটোৱে তাৰ শুঁৰত ইচ্ছামতে ঘোলাপানী কিছুমান ভৰাই লৈ ঘৰ মুৱাকৈ খোজ ল’লে। দৰ্জ্জীৰ দুৱাৰ মুখ পায়েই ততালিকে সি শুঁৰডাল দোকানৰ ভিতৰলৈ সোমাই দি ঘোলা পানীবোৰ চাৰিওফালে ছটিয়াই দিলে। ঘোলাপানী লাগি দোকানৰ সকলো দামী দামী কাপোৰ নষ্ট হৈ গ’ল। দৰ্জ্জীয়ে মনত বৰ দুখ পালে। হাতীটোলৈ কৰা বেয়া ব্যৱহাৰৰ ফলতেই যে তাৰ এনে গতি হ’ল সি বুজি পালে আৰু শেষত সি অনুতাপ কৰিলে।

 এতেকে দেখা গ’ল, খঙত অধীৰ হৈ কৰা কামৰ ফল কেতিয়াও ভাল নহয়।

⸺⸺⸺

(২) এটা কুকুৰ আৰু এটুকুৰা মাংস

 এদিনাখন এটা কুকুৰে ক’তো একো খাবলৈ নাপাই চাৰিওফালে আহাৰ বিচাৰি ঘূৰি ফুৰিছিল। অৱশেষত সি ঘূৰি ঘূৰি এখন কচাইখানাৰ সন্মুখত উপস্থিত হ’লগৈ। কচায়ে তেতিয়া খাহী এটা মাৰি তাৰ মাংস কাটি আছিল। কুকুৰটোৱে আশাপালি ৰখি থকা কাৰণে কচায়ে তালৈ খাহীৰ ঠেং এখন দলিয়াই দিলে। কুকুৰটোৱে মাংস টুকুৰা কামুৰি ললে আৰু খোৱাৰ কাৰণে নিৰাপদ ঠাই বিচাৰি যাবলৈ ধৰিলে।

 গৈ থাকোতে বাটতে সি এটা নদী পালে। নদীটোৰ ওপৰত এখন দলং আছে। নদীখন পাৰ হ’বলৈ সি দলঙত উঠিল। দলঙত [ ৫৫ ] উঠাৰ লগে লগে তাৰ ছাঁটো নদীৰ পানীত পৰিল। কুকুৰটোৱে ছাঁটোক আচল কুকুৰ বুলি ভাবিলে। সি ভাবিলে যে আন এটা কুকুৰে মুখত মঙহ লৈ গৈ আছে। তাৰ সেই মঙহ টুকুৰালৈ লোভ লাগিল আৰু মঙহ খিনি পাবলৈ সি ভুকিবলৈ ধৰিলে। তেতিয়া

তাৰ মুখৰপৰা মাংস টুকুৰা সৰি পানীত পৰিল। ইমান কষ্ট কৰি অনা মাংস টুকুৰা পানীৰ পৰাত কুকুৰটোৰ বৰ দুখ লাগিল। নিজৰ মাংস থাকোঁতেও আনৰ মাংসলৈ লোভ কৰাৰ ফলত কুকুৰটোৱে শেষত নিজে লঘোণে থাকিব লগা হ’ল।

 এতেকে নিজৰ থাকোঁতে আনৰ বস্তুলৈ লোভ কৰা উচিত নহয়।

⸻⸻⸻

২। ছবি চাই সাধু কথা ৰচনা

 ছবি চাই তোমালোকে বাক্য ৰচনা কৰিবলৈ ইতিমধ্যে শিকিলা। ছবি চাই সাধুও ৰচনা কৰিব পাৰি। এইদৰে সাধু লিখিবলৈ হ’লে ওচৰা-ওচৰিকৈ দিয়া ছবিবোৰ প্ৰথমৰেপৰা শেষলৈ ভালদৰে চাই ল’ব লাগে। তাৰ পিছত ছবিবোৰ সম্বন্ধে হ’ব পৰা প্ৰশ্নবোৰ এফালৰপৰা মনতে ভাবিব লাগে আৰু সেই প্ৰশ্ন অনুসৰি তাৰ উত্তৰবোৰ লানি লগাই লিখি যাব লাগে। এইদৰে লিখিলে একোটা সাধু হৈ উঠে। সাধুটো লিখোঁতে একোএকোটা ভাবত [ ৫৬ ] একো একোটা অনুচ্ছেদ বা দফা কৰি লিখিব লাগে। সাধুৰ ভাষা যাতে সৰল সহজ হয় আৰু লেখাখিনিত যাতে বানান ভুল নহয়। তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

 ছবিৰ সহায়েৰে কেনেকৈ সাধু লিখিব পাৰি তাৰ এটা আৰ্হি তলত দেখুৱা হ'ল।

 এই ছবিবোৰৰ সহায়ত সাধুটো তলত দিয়া ধৰণে সজাই লিখা হ’ল৷ [ ৫৭ ]

কাউৰী আৰু কলহ

 এদিনাখনৰ কথা। সেইদিনা বৰ চোকা ৰ’দ। পানীৰ পিয়াহত ৰব নোৱাৰি এজনী কাউৰী চাৰিওফালে উৰি ফুৰিছে। তাই আহি এডাল গছৰ ডালত পৰিল। ইফালে সিফালে চাওঁতে তাই ওচৰৰে মানুহ এঘৰৰ কাষত এটা মাটিৰ কলহ দেখা পালে। কাউৰীজনী ততালিকে তালৈ উৰা মাৰি গ’ল। তাই কলহটোৰ কানত পৰিল আৰু তাৰ ভিতৰলৈ জুমি চালে। জুমি চাই দেখিলে যে তাত পানী অলপহে আছে। সেইখিনি পানী তাই ঠোঁটেৰে ঢুকি নাপায়। কাউৰীজনী বিবুধিত পৰিল। এনেতে হঠাৎ তাই ওচৰতে কিছুমান শিলগুটি দেখা পালে। তাইৰ ততালিকে বুদ্ধি ওলাল। তাই ভাবিলে যে কলহটোত শিলগুটি পেলাই দিলে পানীখিনি ওপৰলৈ উঠি আহিব আৰু ঠোঁটেৰে ঢুকি পালেই তাই পানী খাব পাৰিব।

 কাউৰীজনী শিলগুটিৰ কাষলৈ উৰি গ’ল। তাই শিলগুটিবোৰ ঠোঁটেৰে এটি এটিকৈ আনি কলহটোত ভৰাবলৈ ধৰিলে। কিছু সময়ৰ পিছত লাহে লাহে পানীখিনি কলহটোৰ কানলৈকে উঠি আহিল। কাউৰীজনীয়ে পানীখিনি ঠোঁটেৰে ঢুকি পালে আৰু তাই পিয়াহ পলুৱাই পানী খালে। পানী খাই কাউৰীজনী ৰং মনে উৰি গুচি গ'ল।

 এতেকে বুদ্ধি থাকিলে উপায় ওলায়। বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে সহজে কৰিব পাৰি। [ ৫৮ ]

অনুশীলনী

১। তলত দিয়া ছবিবোৰলৈ ভালকৈ লক্ষ্য কৰা আৰু ছবিবোৰৰ সহায়েৰে এটা সাধু ৰচনা কৰা।

এটা ভালুক আৰু দুজন বন্ধু

[ ৫৯ ]

 ২। তলত দিয়া ছবিবোৰলৈ ভালকৈ লক্ষ্য কৰা আৰু ছবিবোৰৰ সহায়েৰে এটা সাধু ৰচনা কৰা।

এটা বুধিয়ক শিয়াল

৩। ৫০ পৃষ্ঠাত দিয়া ছবিবোৰলৈ ভালকৈ লক্ষ্য কৰা আৰু ছবিবোৰৰ সহায়েৰে এটা সাধু ৰচনা কৰা। [ ৬০ ]

এটা কৃপণ শিয়াল


পঞ্চদশ পাঠ

ৰচনা লিখাৰ কথা

 যি কোনো এটা বিষয়ে জনা কথাবোৰ এফালৰপৰা শৃঙ্খলাপূৰ্ণ- ভাবে লিথি প্ৰকাশ কৰিব পাৰিলেই একোখন ৰচনা হৈ উঠে। এই পৃথিবীত য’ত যিমান প্ৰাণী, জীৱ-জন্তু, বয়-বস্তু, উৎসৱ-পাৰ্ব্বন আদি [ ৬১ ] আছে, সেই সকলোবোৰৰ বিষয়ে ৰচনা হ’ব পাৰে। চকুৰে নেদেখা বস্তুৰ বিষয়েও ৰচনা লিখিব পাৰি। যেনে :— স্বাস্থ্য, দয়া, ক্ষমা, সাধুতা আদি চকুৰে নেদেখা বস্তু। এইবোৰৰ বিষয়েও ৰচনা লিখিব পাৰি। পিছে চকুৰে নেদেখা বস্তু বিলাকৰ বিষয়ে ৰচনা লিখাটো সহজ নহয়। এই বিলাকৰ বিষয়ে ৰচনা লিখিবলৈ হ’লে লিখোঁতাজনৰ বিষয়বস্তুৰ ওপৰত ভাল জ্ঞান থাকিব লাগিব। তোমালোক প্ৰত্যেকৰে বয়স এতিয়া দহ বা বাৰ বছৰৰ বেছি নহয়। এই কোমল বয়সত চকুৰে নেদেখা বস্তু বিলাকৰ বিষয়ে তোমালোকৰ বেছি জ্ঞান হোৱা নাই। গতিকে এই বিষয়বোৰৰ ওপৰত এতিয়া তোমালোকে ৰচনা লিখিব নালাগে। তোমালোকে এই বয়সত চকুৰ আগত দেখা পোৱা বস্তু বিলাকৰ বিষয়েহে ৰচনা লিখিব পাৰিবা। কাৰণ সদায় দেখি থকা বস্তুবিলাকৰ বিষয়ে তোমালোকে নিশ্চয় কিছু নহয় কিছু কথা জানা। এটা কথা মনত ৰাখিবা : নিজৰ অভিজ্ঞতা নাথাকিলে বা নিজে কোনো কথা নাজানিলে আনৰ পৰা শুনি কোনেও ৰচনা লিখিব নোৱাৰে। গতিকে তোমালোকে জনা কথাৰ ওপৰতহে ৰচনা লিখিব লাগিব।

 এতিয়া তোমালোকৰ বাবে সহজ ৰচনা কি কি হব পাৰে ভাবি চোৱা :

 গৰু, ঘোঁৰা, হাতী, ছাগলী, কুকুৰ, মেকুৰী আদি প্ৰাণী; চকী, মেজ, কাগজ, কলম, পিঠা আদি বস্তু; ধান, কলগছ, শাক-পাচলি, ফল-মূল, ফুল আদি উদ্ভিদ; গাওঁ, নগৰ, দেৱালয় আদি স্থান তোমালোকে সদায় দেখি আহিছা। এই বিলাকৰ বিষয়ে তোমা- লোকে হয়তো কিছু কথা জানা। সেইদৰে বিহু, দুৰ্গাপূজা, সৰস্বতী [ ৬২ ] পূজা, মহৰম, বৰদিন আদি উৎসৱ তোমালোকে পালন কৰি আহিছা। এইবোৰৰ বিষয়েও কিছু নহয় কিছু কথা নিশ্চয় জানা। শৰাইঘাটৰ ৰণ, মোৱামৰীয়া বিদ্ৰোহ, মিৰজুমলাৰ অসম আক্ৰমণ ইত্যাদি কিছুমান বুৰঞ্জীৰ ঘটনাও হয়তো তোমালোকে জানা। তোমালোকে এই বিষয়বোৰৰ ওপৰতে ৰচনা লিখিব পাৰা। আমাৰ দেশত শঙ্কৰদেৱ, মাধৱদেৱ, কবীৰ, নানক আদি মহাপুৰুষে জন্ম গ্ৰহণ কৰিছিল। মহাত্মাগান্ধী, জৱাহৰলাল নেহৰু, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ আদি স্বদেশ হিতৈষী পুৰুষসকলেও এই দেশতে জনম লৈছিল। আজিও আমাৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদিৰ দৰে ৰাজনৈতিক নেতা আমাৰ দেশত আছে। লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম বৰুৱা আদিৰ দৰে সাহিত্যিক, পণ্ডিত সকলো দেশৰ অমূল্য সম্পদ। অতীত আৰু বৰ্ত্তমানৰ এই সকলোবোৰ মহৎ লোকৰ বিষয়েও তোমালোকে ৰচনা লিখিব পাৰা। তোমালোকে নিশ্চয়কৈ ৰেলত উঠি নাইবা মটৰত উঠি কোনো দূৰ ঠাই চাবলৈ গৈছা৷ কোনো কোনোৱে হয়তো খোজ কাঢ়িয়ে ভ্ৰমণ কৰিছা। দূৰ ঠাই ভ্ৰমণৰ অভিজ্ঞতা যদি তোমালোকৰ আছে তেনেহলে তাৰ বিষয়ে লিখিলেও ৰচনা হব পাৰে।

 বাৰু, এতিয়া আমি যি কোনো এটা জনা বিষয় বাছি লওঁ আৰু তাৰ ওপৰত এখন ৰচনা লিখাৰ চেষ্টা কৰোঁ।

 গৰুৰ বিষয়ে আমি সকলোৱে কম-বেছি পৰিমাণে জানো। গতিকে ৰচনাৰ বিষয় হওক ‘গৰু’।

 এতিয়া গৰুৰ বিষয়ে আমি কিমান কথা জানো ভাবি উলিয়াওঁ। [ ৬৩ ] ভাবোঁতে কিন্তু আমি কথাবোৰ এফালৰপৰা ক্ৰমান্বয়ে ভাবি যাব লাগিব। ক্ৰমান্বয়ে ভাবি নগলে আমি জনা কথাও হয়তো ক’ৰবাত ৰৈ যাব পাৰে। যেনে—ধৰি লোৱা আমি গৰুটোৰ ৰূপ বা আকৃতিৰ কথা ভাবিলোঁ ৷ আকৃতিৰ কথা ভাবোঁতে আমি গৰুৰ মূৰৰ ফালৰ পৰা ভাবি আহিব পাৰোঁ মূৰটোত যি যি বস্তু থাকে তাৰ কথাখিনি প্ৰথমে লিখিলোঁ। তাৰ পিছতে হয়তো ডিঙি বা গলৰ কথা ভাবিলোঁ ৷ সেই বিষয়ে যি জানো লিখিলোঁ। তাৰ পিছতে হয়তো গাটোৰ কথা ভাবিলোঁ। গাটোৰ বিষয়ে যি জানো লিখিলোঁ৷ এই দৰে আমি মূৰৰপৰা আৰম্ভ কৰি নেজলৈকে ভাবি গৰুটোৰ আকৃতিৰ বিষয়ে সকলোখিনি কথা লিখিব পাৰোঁ।

 আকৃতিৰ কথা ভবাৰ পিছত হয়তো আমি গৰুৰ বৰণৰ কথাই ভাবিব পাৰোঁ।

 গাৰ বৰণৰ কথা ভবাৰ পিছত হয়তো আমি গৰুৰ স্বভাৱ চৰিত্ৰৰ কথাই ভাবিব পাৰোঁ। এই দৰে শৃঙ্খলাপূৰ্ণভাৱে এটাৰ পিছত এটাকৈ ভাবি অহাকে ক্ৰমান্বয়ে ভাবি অহা বোলে। ক্ৰমান্বয়ে ভাবি আহিলে মাজতে কোনো কথা ৰৈ যোৱাৰ ভয় নাথাকে। কিন্তু এনেকৈ নাভাবি যদি প্ৰথমে মূৰৰ কথা, তাৰ পিছত নেজৰ কথা, তাৰ পিছত ঠেঙৰ কথা, তাৰ পিছত উপকাৰিতাৰ কথা, তাৰ পিছত বৰণৰ কথা আদি জপিয়াই জপিয়াই ভাবি যাওঁ আৰু লিখি যাওঁ তেনেহলে ৰচনাখন ভাল নহ’ব। এনেদৰে লিখিলে মাজে মাজে বহু জনা কথাও ৰৈ যাব পাৰে। এনেদৰে জপিয়াই জপিয়াই ভবাকে বিশৃঙ্খলকৈ ভবা বোলে। আমি ৰচনা লিখোঁতে [ ৬৪ ] কেতিয়াও জপিয়াই জপিয়াই বিশৃঙ্খলকৈ ভাবিব নালাগে। এফালৰ পৰা ক্ৰমান্বয়ে ভাবি লিখি গ’লেহে সুন্দৰ ৰচনা গঢ় লৈ উঠিব।

 গতিকে আমি গৰুৰ বিষয়ে ক্ৰমান্বয়ে এফালৰ পৰা ভাবি যাওঁ। এই বিষয়ে আমি যদি কিছুমান ধাৰাবাহিক প্ৰশ্ন ভাবি উলিয়াব পাৰোঁ তেনেহলে তাৰ উত্তৰত গৰুৰ বিষয়ে আমি জনা সকলো কথা ওলাই পৰিব। এতেকে গৰুৰ বিষয়ে আমি যিমানবোৰ প্ৰশ্ন সাজিব পাৰোঁ সেইবোৰ সাজি যাওঁ আৰু লগতে তাৰ উত্তৰবোৰো লিখি উলিয়াওঁ।

 প্ৰশ্ন :—গৰু কি?

 উত্তৰ :— গৰু এবিধ জন্তু।

 প্ৰশ্ন :—এই জন্তু বনৰীয়া নে ঘৰচীয়া?

 উত্তৰ :— গৰু এবিধ ঘৰচীয়া জন্তু। ইয়াক মানুহে পোহে।

 প্ৰশ্ন :—দীঘলে আৰু ওখই ই কেইমিটাৰ মানকৈ হয়?

 উত্তৰ :— গৰু দীঘলে প্ৰায় তিনি মিটাৰ আৰু ওখই প্ৰায় দুই মিটাৰ মনকৈ হয়।

 প্ৰ :— গৰুৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কি কি?

 উ :—ইয়াৰ এখন দীঘল মুখ, দুটা চকু, দুখন কাণ, দুটা শিং, এপাৰি দাঁত, চাৰিখন ঠেং, এটা ডিঙি, ডিঙিৰ তলত এখন গলবিচনী, ডিঙি আৰু পিঠিৰ লগলগা-ঠাইত এটা চুট, এটা শকত গা আৰু এডাল নেজ আছে।

 প্ৰঃ—ইয়াৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কেনেকুৱা আৰু গৰুৱে এই বোৰৰ কোন বিধেৰে কি কাম কৰে? [ ৬৫ ]  উঃ—গৰুৰ শিং দুটা জোঙা আৰু ঘোৰ খোৱা। ইয়াৰে গৰুৱে আত্মৰক্ষা কৰে। মুখৰ ভিতৰত তলৰ পাৰি দাঁত হে আছে। ওপৰৰ পাৰি দাঁত নাই; পিছে ঠৰুৱা পাৰি ৰবৰৰ দৰে ডাঠ। ঠৰুৱা আৰু দাঁতেৰে গৰুৱে ঘাঁহবোৰ চিঙি চিঙি পেটত ভৰায়। গৰুৰ ঠেং চাৰিখন। গাটোৰ তুলনাত ঠেং কেইখন সৰু। খুৰা- বোৰ ফটা। সেই কাৰণে ই বোকাত সহজে খোজ কাঢ়িব পাৰে। গাটো চুটি চুটি নোমেৰে ঢকা। নোমবোৰে ইয়াক জাৰ আৰু জহৰপৰা ৰক্ষা কৰে। গৰুৰ নেজ দীঘল। নেজ ডালৰ মূৰত একোছা দীঘল চুলি থাকে। ইয়াৰে ই মাখি, মহ, ডাঁহ আদি খেদে।

 প্ৰঃ—শিং নোহোৱা গৰুক কি বোলে?

 উঃ—শিং নোহোৱা গৰুক লাওমূৰা বোলে।

 প্ৰঃ—কি কি বৰণৰ গৰু দেখিবলৈ পোৱা যায়?

 উঃ— ৰঙা, বগা, কলা, মুগা, পখৰা, আদি নানা বৰণৰ গৰু দেখিবলৈ পোৱা যায়৷

 প্ৰঃ—গৰুক কেইটামান শ্ৰেণীত ভাগ কৰিব পাৰি?

 উঃ—গৰুক প্ৰধানকৈ দুটা শ্ৰেণীত ভগাব পাৰি। যেনে :— মতা গৰু আৰু মাইকী গৰু। মতা গৰুক আকৌ তিনিটা ভাগত ভগাব পাৰি। যেনেঃ— দমৰা, ষাঁড় আৰু বলদ। মতা গৰুক সৰুতে দমৰা বোলে। দমৰাবোৰ শকত-আৱত আৰু ডাঙৰ হ’লে সিহঁতক ষাঁড় বোলে। দমৰাবোৰ হালবোৱা বা গাড়ীটনাৰ বাবে উপযুক্ত কৰিবলৈ বজনাই লোৱা হয়। বজনাই লোৱাৰ পিছত সিহঁতক বলদ বোলে। মাইকী গৰুক দুই শ্ৰেণীত ভগাব পাৰি। যেনে :— [ ৬৬ ] চেঁউৰী আৰু গাই। মাইকী গৰুক সৰুতে চেঁউৰী বোলে। চেঁউৰীয়ে যেতিয়া পোৱালি দিয়ে তেতিয়া তাইক গাই বোলে।

 প্ৰঃ—গৰুৰ স্বভাৱ কেনেকুৱা?

 উত্তৰ :—ই বৰ শান্ত প্ৰাণী। গৰুৱে সাধাৰণতে কাৰো একো অন্যায় নকৰে। ই ঘাঁহ, গছ-লতাৰ পাত, ভুচি, খলিহৈ আদি খাই জীয়াই থাকে। ঘাঁহবোৰ প্ৰথমেই চিঙি চিঙি ভালকৈ নোচাবোৱাকৈ এনেয়ে পেটত ভৰাই থয়। ৰাতি জিৰণি সময়ত পেটৰ পৰা উলিয়াই আকৌ পাগুলি খায়। গৰুৱে জাকপাতি ফুৰি ভাল পায়। গাই গৰুৱে বছৰত এবাৰকৈ পোৱালি দিয়ে।

 প্ৰঃ—গৰু ক’ত ক’ত পোৱা যায়?

 উঃ—গৰু পৃথিবীৰ সকলো দেশতে পোৱা যায়।

 প্ৰঃ—গৰুৱে আমাৰ কি কি উপকাৰ কৰে?

 উঃ—গৰু আমাৰ অতি উপকাৰী জন্তু। গাইগৰুৱে আমাক গাখীৰ দিয়ে। গাখীৰ এবিধ পুষ্টিকৰ খাদ্য। গাখীৰৰপৰা আমি ঘি, মাখন, ছানা আদি নানা ধৰণৰ বস্তু তৈয়াৰ কৰি খাওঁ। বলদ গৰুৰ সহায়েৰে মানুহে হাল বায় আৰু গাড়ী চলায়। গৰুৰ ছামৰাৰ পৰা জুতা, বেগ আদি তৈয়াৰ কৰা হয়। গৰুৰ গোবৰ এবিধ ভাল সাৰ। এই সাৰে খেতি পথাৰ সাৰুৱা কৰে। গৰুৰ হাড়ৰ পৰা বুতাম আদিও তৈয়াৰ কৰা হয়।

 প্ৰঃ—এনে উপকাৰী জন্তুৰ প্ৰতি আমি কি কৰা উচিত?

 উঃ-এনে উপকাৰী জন্তুৰ প্ৰতি আমি সকলোৱে যত্ন লোৱা উচিত।

 এই দৰে গৰুৰ বিষয়ে কৰা ধাৰাবাহিক প্ৰশ্নবোৰৰ উত্তৰ দি [ ৬৭ ] যাওঁতে এই বিষয়ে আমি জনা সকলো কথা ওলাই পৰিল। এতিয়া প্ৰশ্নৰ উত্তৰখিনি শৃঙ্খলাপূৰ্ণভাবে সজালে এখন ৰচনা হ’ব। ৰচনাখন সজাওঁতে কেইটামান জানিবলগীয়া কথা আছে। সেই কেইটা তলত দিয়া হ’ল পঢ়ি চোৱা :

 (১) ৰচনাৰ বিষয়টোৰ ওপৰত ভাবি যাওঁতে প্ৰতিটো ভাব অনুসৰি পোৱা কথাখিনি একোটা দফা বা অনুচ্ছেদত লিখিব লাগে।

 (২) বাক্যবোৰ যথাসম্ভৱ সৰল আৰু চুটি হব লাগে।

 (৩) অদৰ্কাৰী কথা লিখি ৰচনা দীঘল কৰিব নালাগে।

 (৪) আখৰ ভাল আৰু বানান শুদ্ধ হব লাগে।

 (৫) ৰচনা লিখা শেষ হোৱাৰ পিছত পুনৰ পঢ়ি চাই বানান আদি ভুল থাকিলে শুদ্ধ কৰিব লাগে।

 এতিয়া গৰুৰ বিষয়ে ৰচনাখন কেনেকৈ সজোৱা হ’ল চোৱা:


গৰু

 গৰু এবিধ ঘৰচীয়া জন্তু। ইয়াক মানুহে পোহে।

 গৰু দীঘলে প্ৰায় তিনিমিটাৰ আৰু ওখই প্ৰায় দুই মিটাৰ মানকৈ হয়। ইয়াৰ এখন দীঘল মুখ, দুটা চকু, দুখন কাণ, দুটা শিং, এপাৰি দাঁত, চাৰিখন ঠেং, এটা ডিঙি, ডিঙিৰ তলত এখন গলবিচনী, ডিঙি আৰু পিঠি লগলগা ঠাইত এটা চুট, এটা শকত গা আৰু এডাল দীঘল নেজ আছে। গৰুৰ শিং দুটা জোঙা আৰু ঘোৰ খোৱা। [ ৬৮ ] ইয়াৰে গৰুৱে আত্মৰক্ষা কৰে। গৰুৰ তলৰ পাৰি দাঁতহে আছে। ওপৰৰ পাৰি দাঁত নাই; কিন্তু ওপৰৰ ঠৰুৱা পাৰি ৰবৰৰ দৰে ডাঠ। ঠৰুৱা আৰু দাঁতেৰে গৰুৱে ঘাঁহবোৰ চিঙি চিঙি পেটত ভৰায়। গৰুৰ ঠেং চাৰিখন। গাটোৰ তুলনাত ঠেং কেইখন সৰু। খুৰাবোৰ ফটা। সেই কাৰণে ই বোকাত সহজে খোজ কাঢ়িব পাৰে।

গাটো চুটি চুটি নোমেৰে ঢকা। নোমবোৰে ইয়াক জাৰ আৰু জহৰ পৰা ৰক্ষা কৰে। গৰুৰ নেজডালৰ মুৰত একোছা দীঘল চুলি থাকে। ইয়াৰে ই মাখি, মহ, ডাঁহ আদি খেদে। কিছুমান গৰুৰ শিং নাথাকে। শিং নোহোৱা গৰুক লাওমূৰা বোলে।

 গৰু নানা বৰণৰ আছে। যেনে ৰঙা, বগা, কলা, মুগা; পখৰা ইত্যাদি।

 গৰুক প্ৰধানকৈ দুটা শ্ৰেণীত ভগাব পাৰি। যেনে:— মতা গৰু আৰু মাইকী গৰু। মতা গৰুক আকৌ তিনিটা ভাগত ভগাব পাৰি। যেনে:— দমৰা, ষাঁড় আৰু বলদ। মতাগৰুক সৰুতে দমৰা বোলে। দমৰাবোৰ শকত-আৱত আৰু ডাঙৰ হৈ উঠিলে সিহঁতক [ ৬৯ ] ষাঁড় বোলে। দমৰাবোৰ হালবোৱা বা গাড়ীটনা আদি কামৰ বাবে উপযুক্ত কৰিবলৈ বজনাই লোৱা হয়। বজনাই লোৱাৰ পিছত সিহঁতক বলদ বোলে। মাইকী গৰুক দুই ভাগত ভগাব পাৰি। যেনে :—চেঁউৰী আৰু গাই। মাইকী গৰুক সৰুতে চেঁউৰী বোলে। চেঁউৰীয়ে যেতিয়া পোৱালি দিয়ে তেতিয়া তাইক গাই বোলে।

 গৰু বৰ শান্ত প্ৰাণী। ই সাধাৰণতে কাৰো একো অন্যায় নকৰে। গৰুৱে ঘাঁহ, গছ-লতাৰ পাত, ভুচি, খলিহৈ আদি খাই জীয়াই থাকে। প্ৰথমে গৰুৱে ঘাঁহ আদি খোৱা বস্তুবোৰ চিঙি চিঙি আধা চোবোৱাকৈ পেটত ভৰাই থয়। ৰাতি জিৰণিৰ সময়ত ই পেটৰপৰা আকৌ উলিয়াই আনে আৰু পাগুলি পাগুলি খায়। গৰুৱে জাক পাতি ফুৰি ভাল পায়। গাই গৰুৱে বছৰত এবাৰকৈ পোৱালি দিয়ে।

 গৰু পৃথিবীৰ সকলো দেশতে পোৱা যায়।

 গৰু আমাৰ অতি উপকাৰী জন্তু। গাই গৰুৱে আমাক গাখীৰ দিয়ে। গাখীৰ এবিধ পুষ্টিকৰ খাদ্য। গাখীৰৰ পৰা আমি ঘিউ, মাখন, ছানা আদি নানাবিধ বস্তু তৈয়াৰ কৰি খাওঁ। বলদ গৰুৰ সহায়েৰে মানুহে হাল বায় আৰু গাড়ী চলায়। গৰুৰ ছামৰাৰ পৰা জুতা, বেগ আদি তৈয়াৰ কৰা হয়। গৰুৰ গোবৰ এবিধ ভাল সাৰ। এইবিধ সাৰ দিলে খেতি আটাইতকৈ ভাল হয়। গৰুৰ হাড়ৰ পৰা বুতাম আদিও তৈয়াৰ কৰা হয়।

 সকলো পোহনীয়া জন্তুৰ ভিতৰতে গৰু আমাৰ আটাইতকৈ উপকাৰী জন্তু। সেয়েহে আমি সকলোৱে গৰুৰ প্ৰতি ভালদৰে যত্ন লোৱা উচিত। [ ৭০ ]  মন দি চাবলগীয়া : এই পদ্ধতি অনুসৰি লিখোঁতে গৰুৰ বিষয়ে এখন সুন্দৰ ৰচনা হৈ উঠিল। সকলো প্ৰকাৰৰ ৰচনা লিখোঁতে তোমালোকে এই প্ৰশ্নোত্তৰ পদ্ধতি প্ৰয়োগ কৰিব পাৰিবা। কেৱল ৰচনাৰ বিষয়বস্তু ভেদে ভাববোৰ বেলেগ বেলেগ হব আৰু সেই ভাব অনুসৰি প্ৰশ্নবোৰ সাজিব লাগিব। সেই প্ৰশ্ন মতে উত্তৰ উলিয়াই উত্তৰবোৰ দফা দফা কৈ পাৰিপাটিকৈ সজালেই একোখন সুন্দৰ ৰচনা হৈ উঠিব।


ষোড়শ পাঠ

প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা

কুকুৰ


 প্ৰঃ—কুকুৰ কি?

 উঃ—কুকুৰ এবিধ জন্তু।

 প্ৰঃ—ই বনৰীয়া নে ঘৰচীয়া?

 উঃ—কুকুৰ ঘৰচীয়া জন্তু। ইয়াক মানুহে পোহে। [ ৭১ ]  প্ৰঃ—দীঘলে আৰু ওখই ই কেইমিটাৰ মানকৈ হব?

 উঃ—কিছুমান জাতিৰ কুকুৰ দীঘলে প্ৰায় এক মিটাৰ আৰু ওখই প্ৰায় আধা মিটাৰ মানকৈ হয়। কিছুমান আকৌ বোন্দামেকুৰীতকৈ অলপহে ডাঙৰ হয়।

 প্ৰঃ—কুকুৰৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কি কি?

 উঃ—কুকুৰৰ এখন মুখ, দুপাৰি দাঁত, দুটা চকু, দুখন কাণ, এটা নাক, চাৰিখন ঠেং আৰু এডাল নেজ আছে।

 প্ৰঃ—ইয়াৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কেনেকুৱা আৰু কুকুৰে এইবোৰৰ কোনবিধেৰে কি কাম কৰে?

 উঃ— কুকুৰৰ মুখখন অলপ দীঘল ধৰণৰ আৰু ই ক্ৰমে আগলৈ জোঙা। কোনো কোনো জাতিৰ কুকুৰৰ মুখ জোঙা নহয়, থোপোকা। মুখৰ ভিতৰত দুপাৰি চোকা দাঁত আৰু এখন দীঘল জিভা আছে। দাঁতেৰে ই আহাৰ আদি চোবাই খোৱাৰ উপৰিও দৰ্কাৰ হলে আত্মৰক্ষা কৰে। ইয়াৰ মুখত চুটি চুটি কোমল গোঁফ থাকে। কুকুৰৰ যেতিয়া বৰ গৰম আৰু ভাগৰ লাগে তেতিয়া ই জিভা উলিয়াই বিশ্ৰাম লয়। কোনো কোনো জাতিৰ কুকুৰৰ কাণ থিয় আৰু কোনো কোনো জাতিৰ কুকুৰৰ কাণ ওলমি পৰা। কুকুৰৰ ঠেং চাৰিখন সৰু; কিন্তু শক্তিশালী। কুকুৰৰ চাৰিওখন ঠেঙতে চোকা চোকা নখ থাকে। দৰ্কাৰ হলে ই নখেৰে আত্মৰক্ষা কৰে। সাধাৰণতে কুকুৰৰ নেজডাল ওপৰলৈ ঘোৰ খোৱা। ইচ্ছা কৰিলে ই নেজডাল পোনাব পাৰে। কুকুৰৰ গোটেই গাটো চুটি চুটি নোমেৰে ঢকা। কোনো কোনো জাতিৰ কুকুৰৰ নোমবোৰ দীঘল। [ ৭২ ]  প্ৰঃ—কি কি বৰণৰ কুকুৰ দেখিবলৈ পোৱা যায়?

 উঃ—ৰঙা, বগা, কলা, মুগা, পখৰা আদি নানা বৰণৰ কুকুৰ দেখিবলৈ পোৱা যায়।

 প্ৰঃ—কুকুৰ কি কি জাতিৰ আছে?

 উঃ—কুকুৰ বহু জাতিৰ আছে। যেনে-ভুটীয়া, দেশী, গ্ৰে-হাউণ্ড, বুলডগ, এলচেচিয়ান ইত্যাদি।

 প্ৰঃ—কুকুৰক প্ৰধানকৈ কেই ভাগত ভগাব পাৰি। ভাগ কেইটা কি কি?

 উঃ—কুকুৰক প্ৰধানকৈ দুই ভাগত ভগাব পাৰি। যেনে –মতা কুকুৰ আৰু মাইকী কুকুৰ।

 প্ৰঃ—মতা কুকুৰ আৰু মাইকী কুকুৰক কি বোলে?

 উঃ—মতা কুকুৰক ধেকুৰা আৰু মাইকী কুকুৰক ধেকুৰী বোলে৷

 প্ৰঃ— কুকুৰৰ স্বভাৱ কেনেকুৱা?

 উঃ—কুকুৰ বৰ প্ৰভুভক্ত। গৰাকীৰ বাবে ই দৰ্কাৰ হলে প্ৰাণো দিব পাৰে। ই অলপতে সন্তুষ্ট হয়। ইয়াৰ নিদ্ৰা কম। কুকুৰৰ শ্ৰৱণ শক্তি অতি প্ৰবল। গছৰ পাত এটা সৰি পৰিলেও ই তৎক্ষণাৎ সাৰ পাই উঠে। ইয়াৰ ঘ্ৰাণশক্তিও অত্যন্ত বেছি। শুঙিলেই ই শত্ৰু-মিত্ৰ চিনি পায়। আনকি ঘ্ৰাণশক্তিৰে কুকুৰে চোৰ পৰ্য্যন্ত ধৰিব পাৰে। ই বেগাই দৌৰিব পাৰে। কুকুৰৰ প্ৰধান আহাৰ মাংস। ভাত-মাছ আদি খায়ো কুকুৰে ভাল পায়। মাইকী কুকুৰে একোবাৰত চাৰি- পাঁচটাকৈ পোৱালি দিয়ে। পোৱালিবোৰে মাকৰ পিয়াহ খাই [ ৭৩ ] ডাঙৰ হয়। কুকুৰে সাধাৰণতে ছাইৰ দ’ম আদিত শুই ভাল পায়। ই সমাজ পাতি থাকিব নোৱাৰে।

 প্ৰঃ—কুকুৰ ক’ত ক’ত পোৱা যায়?

 উঃ—কুকুৰ পৃথিবীৰ প্ৰায় সকলো দেশতে পোৱা যায়।

 প্ৰঃ—কুকুৰে আমাৰ কি কি উপকাৰ কৰে?

 উঃ—কুকুৰে আমাৰ বহুত উপকাৰ কৰে। ই ৰাতি সাৰে থাকি গৰাকীৰ ঘৰত পহৰা দিয়ে। কুকুৰৰ সহায়ত চিকাৰীসকলে চিকাৰ কৰে। আজি কালি পুলিচে কুকুৰৰ সহায়ত চোৰ-ডকাইতও ধৰে।

 প্ৰঃ—কুকুৰে আমাৰ কিবা অপকাৰ কৰেনে?

 উঃ—নিৰোগী অৱস্থাত সাধাৰণতে কুকুৰে কাকো একো অন্যায় নকৰে। কেতিয়াবা কুকুৰ পগলা হয়। তেতিয়া ই মানুহ, গৰু আদি কামোৰে। পগলা কুকুৰে যাক কামোৰে তৎক্ষণাৎ চিকিৎসা নললে সিও পগলা হৈ মৃত্যুমুখত পৰিব পাৰে। গতিকে পগলা কুকুৰে কামোৰাৰ লগে লগে ডাক্তৰৰ আশ্ৰয় লব লাগে। কেতিয়াবা কোনো কাৰণত ভাল কুকুৰেও কামোৰে। তেতিয়াও ডাক্তৰ আদিৰ আশ্ৰয় নললে মানুহ কিছুদিনৰ পিছত পগলা হৈ মৰিব পাৰে। গতিকে কুকুৰৰ প্ৰতি সকলোৱে সাৱধানে থাকিব লাগে।

  • ওপৰৰ প্ৰশ্নোত্তৰ বোৰৰ সহায়ত তোমালোকে কুকুৰৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা। [ ৭৪ ]

ঘোঁৰা

 প্ৰঃ—ঘোঁৰা কি?

 উঃ—ঘোঁৰা এবিধ জন্তু।

 প্ৰঃ—এই জন্তু বনৰীয়া নে ঘৰচীয়া?

 উঃ—ঘোঁৰা এবিধ ঘৰচীয়া জন্তু। ইয়াক মানুহে পোহে।

 প্ৰঃ—ঘোঁৰা দীঘলে আৰু ওখই কেই মিটাৰ মানকৈ হয়?

 উঃ—ঘোঁৰা দীঘলে প্ৰায় তিনি মিটাৰ আৰু ওখই প্ৰায় দুই মিটাৰ মানকৈ হয়।

 প্ৰঃ—ঘোঁৰাৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কি কি?

 উঃ—ইয়াৰ এখন দীঘল মুখ, দুটা চকু, দুখন কাণ, দুপাৰি দাঁত, চাৰিখন ঠেং, এটা ডিঙি, ডিঙিৰ ওপৰত একোছা কেশৰ, এটা শকত গা আৰু এডাল নেজ আছে।

 প্ৰঃ—ইয়াৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কেনেকুৱা আৰু ঘোঁৰাই এইবোৰৰ কোন বিধেৰে কি কাম কৰে?

 উঃ—ঘোঁৰাৰ কাণ দুখন থিয়। ইয়াৰ দাঁত দুপাৰি শক্তিশালী। ইয়াৰে ই ঘাঁহবোৰ চিঙি চিঙি খায়। ঘোঁৰাৰ ঠেং চাৰিখন শক্তিশালী। ইয়াৰ ঠেঙ চাৰিটাত খুৰা আছে। খুৰাবোৰ ফটা নহয়। [ ৭৫ ] সেইকাৰণে ই বোকাত খোজ কাঢ়িব নোৱাৰে। ঘোঁৰাৰ ডিঙিটোৰ ওপৰত থকা কেশৰখিনি দেখিবলৈ ধুনীয়া। ঘোঁৰাৰ গাটো চুটি চুটি মিহি নোমেৰে ভৰা। ঘোঁৰাৰ নেজডাল একোচা দীঘল চুলিৰ সমষ্টি মাথোন। ইয়াৰে ই মাখি, মহ, ডাঁহ আদি খেদে।

 প্ৰশ্ন :— কি কি ধৰণৰ ঘোঁৰা দেখিবলৈ পোৱা যায়?

 উত্তৰ :— ৰঙা, বগা, কলা আদি নানা ধৰণৰ ঘোঁৰা দেখিবলৈ পোৱা যায়।

 প্ৰঃ— ঘোঁৰা কিমান প্ৰকাৰৰ আছে?

 উঃ—ঘোঁৰা অনেক প্ৰকাৰৰ আছে। যেনে—দেশী ঘোঁৰা, মণিপুৰী ঘোঁৰা, ভুটীয়া ঘোঁৰা, বিলাতী ঘোঁৰা, আৰবৰ ঘোঁৰা ইত্যাদি। দেশী ঘোঁৰাবোৰ সৰু। মণিপুৰী আৰু ভুটীয়া ঘোঁৰাও সৰু আৰু চাপৰ, কিন্তু ইহঁতে দেশী ঘোঁৰাতকৈ বেছি দৌৰিব পাৰে। আৰৱ আৰু বিলাতৰ ঘোঁৰাবিলাক যথেষ্ট শকত-আৱত আৰু শক্তিশালী। ইহঁতেও অতি বেগাই দৌৰিব পাৰে।

 প্ৰঃ—ঘোঁৰাৰ স্বভাৱ কেনেকুৱা?

 উঃ-ঘোঁৰা বৰ শান্ত প্ৰাণী। ই সহজে পোহ মানে। ই বৰ প্ৰভুভক্ত। ঘোঁৰা বৰ বলী। ই যথেষ্ট পৰিশ্ৰম কৰিব পাৰে। ঘোঁৰাই ঘণ্টাত দহ-বাৰ কিলোমিটাৰ বাট সহজে দৌৰিব পাৰে। ঘোঁৰাই থিয়ই থিয়ই টোপনি মাৰে। মাইকী ঘোঁৰাই এবাৰত এটাকৈ পোৱালি দিয়ে। ঘোঁৰাই ঘাঁহ, মাহ, বুট আদি খাই জীয়াই থাকে।

 প্ৰ:—ঘোঁৰা ক’ত ক’ত পোৱা যায়?

 উঃ—ঘোঁৰা পৃথিবীৰ প্ৰায় সকলো দেশতে পোৱা যায়।

 প্ৰঃ—ঘোঁৰাই আমাৰ কি কি উপকাৰ কৰে? [ ৭৬ ]  উঃ—ঘোঁৰা আমাৰ বৰ উপকাৰী জন্তু। ঘোঁৰাই গাড়ী টানে। কোনো কোনো দেশত ঘোঁৰাৰে হাল বোৱা হয়। ঘোঁৰাৰ পিঠিত উঠি মানুহ দূৰ ঠাইলৈ অহা-যোৱা কৰে। যুদ্ধৰ সময়তো ঘোঁৰাই যথেষ্ট সহায় কৰে। ঘোঁৰাৰে চাৰ্কাচ আদিত নানা খেল দেখুওৱা হয়। পুৰণি কালত ঘোঁৰাৰ পিঠিত উঠি মানুহে ডাক অনা-নিয়া কৰিছিল।

 প্ৰঃ—ঘোঁৰাৰ প্ৰতি আমি কি কৰা উচিত?

 উঃ—যি সকলে ঘোঁৰা পোহে সেই সকলে ঘোঁৰাৰ প্ৰতি ভাল দৰে যত্ন লোৱা উচিত।

‡ ওপৰৰ প্ৰশ্নোত্তৰবোৰৰ সহায়ত তোমালোকে ঘোঁৰাৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸻⸻


পাৰ চৰাই

 প্ৰঃ—পাৰ কেনে ধৰণৰ চৰাই?

 উঃ—পাৰ এবিধ পোহনীয়া চৰাই। প্ৰায় সকলো মানুহে ঘৰে ঘৰে পাৰ পোহে। [ ৭৭ ]  প্ৰঃ—পাৰৰ আকৃতি কেনেকুৱা?

 উঃ—ই দেখিবলৈ ধুনীয়া। পাৰ দীঘলে প্ৰায় এক ফুট মান হয়৷ ইয়াৰ এটা টান ঠোঁট আছে। দুটা চকু আছে। চকু দুটা ঘূৰণীয়া। দুখন ঠেং আছে। প্ৰতিখন ঠেঙতে চাৰিটাকৈ নখ আছে। দুখন ডেউকা আছে। পাৰৰ এখন দীঘল ফিচা আছে।

 প্ৰঃ—পাৰ কি কি বৰণৰ আছে?

 উঃ—বগা, কলা, পখৰা আদি নানা বৰণৰ পাৰ চৰাই আছে।

 প্ৰঃ—ইয়াৰ স্বভাৱ কেনে?

 উ:—পাৰ চৰাই অতি নিৰীহ। ই জাক পাতি থাকি ভাল পায়। ই ধান, মাহ, সৰিয়হ, চাউল, খুদ আদি ঠোঁটেৰে খুটিয়াই খাই জীয়াই থাকে। ডেউকাৰ সহায়ত ই উৰি ফুৰে। কণী পৰাৰ সময়ত ই বাঁহলৈ খেৰকুটা কঢ়িয়ায়। সেই খেৰকুটাৰ ওপৰতহে ই কণী পাৰে। ই এবাৰত দুটাকৈ কণী পাৰে। পাৰই কণীত উম্ দি পোৱালি জগায়। ই সাধাৰণতে মাহে মাহে কণী পাৰে।

 প্ৰঃ—-পাৰৰপৰা আমাৰ কি উপকাৰ হয়?

 উঃ—পাৰৰপৰা আমাৰ নানা ধৰণৰ উপকাৰ হয়। পাৰ বেচি আমি টকা আৰ্জ্জিব পাৰোঁ। ইয়াৰ মঙহ বৰ সোৱাদ। ইয়াক খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। পাৰই ৰাতিপুৱা ৰুণ দিয়ে। পাৰৰ মাতে আমাক পুৱাতে শোৱাপাটী এৰাত সহায় কৰে।

 প্ৰশ্ন :—পাৰৰ প্ৰতি আমাৰ কৰ্ত্তব্য কি?

 উঃ—আমি অতি যত্ন আৰু মৰমেৰে পাৰ পুহিব লাগে। ইহাৰ শত্ৰুও আছে। শেন, মেকুৰী আদি ইয়াৰ প্ৰধান শত্ৰু। এই [ ৭৮ ] শত্ৰুবোৰে যাতে পাৰৰ কোনো জীৱন নাশ কৰিব নোৱাৰে তাৰ বাবে আমি চকু ৰাখিব লাগে।

  • ওপৰৰ প্ৰশ্নবোৰৰ সহায়ত পাৰৰ বিষয়ে এখন ৰচনা লিখা।

⸻⸻

গোলাপ

 প্ৰশ্ন :—গোলাপ কি জাতীয় উদ্ভিদ?

 উত্তৰ :—গোলাপ লতা জাতীয় উদ্ভিদ।

 প্ৰশ্ন :—ই দেখিবলৈ কেনেকুৱা?

 উত্তৰ —ই দেখিবলৈ অতি ধুনীয়া। গোলাপক ফুলৰ ৰাণী বোলে। এই উদ্ভিদৰ কিছুমানৰ কাঁইট আছে আৰু কিছুমানৰ কাঁইট নাই। গোলাপৰ পাতৰ ৰং সেউজীয়া।

 প্ৰঃ—গোলাপফুল কি কি বৰণৰ আছে?

 উঃ— ৰঙা, বগা, হালধীয়া আদি নানা ৰঙৰ গোলাপ ফুল আছে।

 প্ৰঃ—ইয়াৰ গোন্ধ আছেনে?

 উঃ—গোলাপৰ গোন্ধ আছে। ইয়াৰ গোন্ধে মন আকৰ্ষণ কৰে।

 প্ৰঃ—গোলাপ গছ কেনেকৈ ৰোৱে?

 উঃ—গোলাপ গছ কলমৰ পৰা হয়। ভাল নিৰোগী গোলাপৰ ডাল কাটি সাৰুৱা মাটিত ৰুলে এই গছ হয়। [ ৭৯ ]  প্ৰঃ— গোলাপফুল ক’ত ক’ত পোৱা যায়?

 উঃ—এই ফুল পৃথিবীৰ সকলো দেশতে পোৱা যায়। পাৰস্য দেশৰ গোলাপ ফুল পৃথিবী বিখ্যাত।

 প্ৰঃ—গোলাপ ফুলৰ উপকাৰিতা কি?

 উঃ—গোলাপৰ সুগন্ধই আমাক আনন্দ দিয়ে। পূজা-পাৰ্ব্বন আদিত এই ফুল ব্যৱহাৰ কৰা হয়। উৎসৱ আদিত এই ফুলেৰে ফুলদানি, তোৰণ আদি জাক-জমককৈ সজাব পাৰি। গোলাপ ফুল খোপাত গুজিলেও সৌন্দৰ্য্য বাঢ়ে। এই ফুলৰপৰা আঁতৰ আদিও তৈয়াৰ কৰা হয়।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰৰ সহায়ত গোলাপ ফুলৰ বিষয়ে এখন

ৰচনা লিখা।

⸺⸺


লাই-শাক

 প্ৰঃ — লাই শাক কি বস্তু? [ ৮০ ]  উঃ—লাই শাক এবিধ সৰু সেউজীয়া উদ্ভিদ। ইয়াৰ পাতবোৰ মানুহে শাক হিচাপে ৰান্ধি খায়।

 প্ৰঃ—এই শাকৰ খেতি কেনেকৈ কৰে?

 উঃ—লাই শাক সাধাৰণতে আহিন-কাতি মাহত হয়। ই ৰবি শস্যৰ ভিতৰত পৰে। এই খেতি কৰিবলৈ হলে প্ৰথমতে মাটিখিনি হালেৰে নাইবা কোৰেৰে পৰিষ্কাৰকৈ চাহ কৰিব লাগে। মাটিখিনি সাৰুৱা নহ’লে তাত গোবৰৰ সাৰ দিব লাগে। মাটিখিনিৰ জেকা মৰাৰ পিছত তাত লাই শাকৰ গুটি সিঁচি দিব লাগে।

 প্ৰঃ—গুটি সিঁচাৰ কেইদিনমান পিছত ই গজি উঠে?

 উঃ—গুটি সিঁচাৰ তিনি-চাৰি দিন পিছতে ই গজি উঠে।

 প্ৰঃ—শাকৰ পুলিবোৰ গজি উঠা ঠাইৰপৰা তুলি নি আন ঠাইত ৰুব পাৰিনে?

 উঃ—আন ঠাইত মাটি পৰিষ্কাৰকৈ চাহ কৰি লাই শাকৰ পুলি- বোৰ ন-দহ চেন্টিমিটাৰ আঁতৰে আঁতৰে ৰুব পাৰি। এনেকৈ ৰুলে ই সোনকালে ডাঙৰ হৈ উঠে আৰু পাতবোৰ ডাঙৰ ডাঙৰ হয়। এঠাইৰ পৰা আন ঠাইলৈ পুলিবোৰ তুলি নিনিয়াকৈয়ো এই খেতি কৰিব পাৰি।

 প্ৰঃ—গুটি সিঁচাৰ কিমান দিন পিছত এই শাক খাব পাৰি?

 উঃ—বিশ-পঁচিশ দিনমান পিছত এই শাক খাব পাৰি।

 প্ৰঃ—এই শাক কিমান দিনলৈ খাব পাৰি?

 উঃ—প্ৰায় ডেৰ মাহ বা দুমাহ মানলৈ এই শাক খাব পাৰি।

 প্ৰঃ—লাই শাক কিমান ধৰণৰ আছে? [ ৮১ ]  উঃ—লাই শাক কেবা ধৰণৰ আছে। যেনেঃ—জেং লাই, কবি লাই, সৰু লাই, বৰ লাই, টকৌ লাই ইত্যাদি।

 প্ৰঃ—প্ৰত্যেকবিধ শাক কেনেকুৱা?

 উঃ—জেং লাইৰ পাতবোৰ সৰু আৰু পাতৰ কাষবোৰ ছিৰিলা- ছিৰিল। কবি লাইৰ পাতবোৰ কবিৰ পাতৰ দৰে ডাঙৰ। সৰু লাইৰ পাতবোৰ সৰু। বৰ লাইৰ পাতবোৰ ডাঙৰ। টকৌ লাইৰ পাতবোৰ দেখিবলৈ টকৌ পাতৰ দৰে।

 প্ৰঃ—লাই শাকৰ উপকাৰিতা কি?

 উঃ—এই শাক বৰ উপকাৰী। লাই শাকত আমাৰ শৰীৰক লগা যথেষ্ট ভিটামিন থাকে।

 প্ৰঃ—আমি এই শাকৰ খেতি কৰিব লাগেনে?

 উঃ—আমি সকলোৱে ঘৰে ঘৰে এই খেতি কৰিব লাগে। অতি কম পৰিশ্ৰমতে আমি এই খেতি কৰিব পাৰোঁ। সেউজীয়া শাক- পাচলি আদি যথেষ্ট পৰিমাণে খালেহে স্বাস্থ্য ভালে থাকিব। অসমীয়া ফকৰাতো আছে—

শাকে শুকুতাই ভক্ষণ,
সেয়ে পুৰুষৰ লক্ষণ।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰ চাই লাই শাকৰ বিষয়ে এখন ৰচনা লিখা।

⸻⸻

[ ৮২ ]

ধান খেতি

 প্ৰঃ—ধান কি জাতীয় উদ্ভিদ?

 উঃ—ধান তৃণ জাতীয় উদ্ভিদ।

 প্ৰঃ —এই খেতি বিশেষকৈ কেইবিধ আৰু কি কি?

 উঃ— এই খেতি বিশেষকৈ তিনিবিধ। যেনেঃ— আহু, শালি, আৰু বাও।

 প্ৰঃ—আহু খেতি কেনেকৈ কৰে?

 উঃ— আহু খেতিৰ কাৰণে বাম মাটি লাগে। এই খেতি ফাগুন-চ’ত মাহত কৰে। মাঘ-ফাগুন মাহত খেতিয়কসকলে হাল বাই এই খেতিৰ বাবে মাটি চাহ কৰে। মাটি চাহ হোৱাৰ পিছত ফাগুন মাহৰ শেষৰ পিনে নাইবা চ’ত মাহৰ আৰম্ভণিতে মাটিত [ ৮৩ ] আহুধান সিঁচে। ধানবিলাক অলপ ওখ হলে গুৰিৰ বন-জাবৰ আদি চাফ কৰি দিয়ে। আহাৰ-শাওণ মাহত ধানে থোৰ মেলে। সেই মাহতে ধান পকে। পকা ধান কাটি আনি মৰণা মাৰি খেতিয়কে ভঁৰালত থয়।

 প্ৰঃ—শালি খেতি কেনেকৈ কৰে?

 উঃ—শালি খেতিৰ কাৰণে কিছু দ মাটি লাগে। এই খেতিৰ কাৰণে খেতিয়কে জেঠ মাহত কঠীয়া সিঁচে। কঠীয়া সিঁচাৰ বাবে ওখ মাটি চাহ কৰি বোকা কৰি লয়। সেই বোকা মাটিত ধানৰ বীজ সিঁচিলে কঠীয়ায়। কঠীয়াবিলাক এমাহ মানৰ ভিতৰতে এক- ডেৰ ফুট ওখ হয়। তেতিয়া সেই কঠীয়াবিলাক সেই ঠাইৰপৰা তুলি নিয়ে আৰু বেলেগ মাটি চহাই বোকা কৰি তাত এক-ডেৰ ফুট আঁতৰে আঁতৰে দুই-চাৰি ডালকৈ কঠীয়া ৰুই দিয়ে। আঘোণ-পুহ মাহত ধান পকে। খেতিয়কসকলে সেই সময়ত ধানবিলাক কাটি আনে আৰু মৰণা মাৰি ভঁৰালত থয়।

 প্ৰঃ—বাও খেতি কেনেকৈ কৰে?

 উঃ—বাও খেতিৰ কাৰণে বেছি দ মাটি লাগে। খেতিয়ক- সকলে ব’হাগ-জেঠ মাহত দ মাটি হাল বাই চাহ কৰে। সেই মাটিত পাতল পাতলকৈ বীজ সিঁচি দিয়ে। পানী বাঢ়ি অহাৰ লগে লগে এই ধানো ওখ হৈ বাঢ়ি আহে। বাও ধান আঘোণ-পুহত পকে। খেতিয়কে সেই পকা ধান কাটি আনি মৰণা মাৰি ভঁৰালত থয়।

 প্ৰঃ—ধান খেতি কেনেকুৱা ঠাইত হয়?

 উঃ— যিবোৰ ঠাইত যথেষ্ট পৰিমাণে বৰষুণ হয়, তাত ধান খেতি হয়। [ ৮৪ ]  প্ৰঃ— ধানৰপৰা আমাৰ কি উপকাৰ হয়?

 উঃ—ধানৰপৰা আমাৰ বহুত উপকাৰ হয়। ইয়াৰপৰা আমি চাউল পাওঁ। চাউল আমাৰ প্ৰধান খাদ্য। চাউলৰপৰা আমি ভাত খোৱাৰ উপৰিও নানাবিধ পিঠা, সান্দহ, চিৰা, আদি তৈয়াৰ কৰি খাওঁ। নৰা, খেৰ আদি গৰু-ম’হৰ প্ৰধান খাদ্য। তূঁহ, চাউলৰ মলি আদি লগ লগাই দানা হিচাপে গৰুক দিয়া হয়। দানা গৰুৰ প্ৰিয় খাদ্য।

 প্ৰঃ—আমি এই খেতি কৰিবলৈ শিকা উচিত নে?

 উঃ—আমি সকলোৱে এই খেতি কৰিবলৈ শিকা উচিত। ধান খেতিয়ে আমাৰ প্ৰাণ। মানুহে কথাতে কয় বোলে—“যাৰ নাই ধান, তাৰ নাই মান।’’

  • ওপৰত দিয়া প্ৰশ্নোত্তৰ চাই ধানখেতিৰ বিষয়ে ৰচনা এখন লিখি উলিওৱা।

⸻⸻

তিল পিঠা

 প্ৰঃ—তিল পিঠা কাক বোলে? [ ৮৫ ]  উঃ— যি পিঠা বিশেষকৈ তিলৰ সহায়ত কৰে তাকে তিল পিঠা বোলে।

 প্ৰঃ— তিল পিঠা তৈয়াৰ কৰিবলৈ প্ৰধানকৈ কি কি বস্তু লাগে?

 উঃ—তিল পিঠাৰ বাবে বৰাচাউল, তিল, মিঠৈ নাইবা চেনি লাগে।

 প্ৰঃ—তিল পিঠা কেনেকৈ তৈয়াৰ কৰে?

 উঃ—প্ৰথমে বৰা চাউলখিনি পাঁচ-ছয় ঘণ্টামান পানীত তিয়াই থব লাগে। চাউলখিনি তিতাৰ পিছত ঢেকী নাইবা উৰালত খুন্দি মিহিকৈ গুড়ি কৰিব লাগে। চাউলৰ গুড়িখিনি এটা পাত্ৰত ভৰাব লাগে। তাৰ পিছত তিলখিনি ধুই-পখালি ৰ’দত শুকাই খুন্দিব লাগে আৰু গুড়িখিনি এটা পাত্ৰত লৈ তাত মিঠৈ নাইবা চেনি মিহলাই ল’ব লাগে। তাৰ পিছত এটা মাটিৰ চৰুত অলপ অলপকৈ বৰাচাউলৰ গুড়ি লৈ হাতেৰে গোলকৈ মেলি দিব লাগে আৰু অলপ গৰম হোৱাৰ পিছত তাত চেনি বা মিঠৈ মিহলোৱা তিল দিব লাগে। অলপ পিছতে চামুচেৰে লাহেকৈ এটা ফাল লুটিয়াই আনটো ফালৰ ওপৰত জাপি দি এবাৰ ওলোটাই দিব লাগে। দুই মিনিট মান পিছতে তিল পিঠাখন নমাই থব লাগে।

 প্ৰঃ— তিলপিঠাৰ আকৃতি কেনেকুৱা?

 উঃ—ইয়াক পূৰ্ণিমাৰ জোনটোৰ আধা যেন দেখি। কিছুমানে ইয়াক বেলেগ আকৃতিৰ কৰিও তৈয়াৰ কৰে।

 প্ৰঃ—ইয়াৰ উপকাৰিতা কি?

 উঃ—তিল পিঠা উপকাৰী। তিলত তেল আছে আৰু সেই তেল আমাৰ শৰীৰত লাগে। চাউলত থকা ভিটামিন আৰু চেনিও [ ৮৬ ] আমাৰ শৰীৰক লাগে। ই এবিধ উৎকৃষ্ট পিঠা। সকলোৱে এই পিঠা বিহুৰ সময়ত আনন্দেৰে খায়।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰবোৰ চাই তিল পিঠাৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸺⸺

আমাৰ পঢ়াশালি

 প্ৰঃ—আমাৰ পঢ়াশালিৰ নাম কি?

 উঃ—...   ...   ...

 প্ৰঃ—আমাৰ পঢ়াশালিখন কোন ঠাইত অৱস্থিত?

 উঃ— ...   ...   ... [ ৮৭ ]  প্ৰঃ—পঢ়াশালিৰ উত্তৰে, দক্ষিণে, পূবে আৰু পশ্চিমে কি কি আছে?

 উঃ— ...  ...  ...

 প্ৰঃ—পঢ়াশালি কেই বজাত আৰম্ভ হয়।

 উঃ— ...  ...  ...

 প্ৰঃ—আৰম্ভণিৰ আগে আগে আমি কি কৰোঁ?

 উঃ— ...  ...  ...

 প্ৰঃ— মাজতে কেই বজাত জিৰণি দিয়ে?

 উঃ— ...   ... ...

 প্ৰঃ—জিৰণি সময়ত আমি কি কৰোঁ?

 উঃ— ...  ...  ...

 প্ৰঃ—আমাৰ পঢ়াশালি কেইবজাত ছুটী হয়?

 উঃ— ...  ...  ...

 প্ৰঃ—আমাৰ পঢ়াশালিৰ ঘৰ খেৰৰ নে টিনৰ?

 উঃ— ...  ...  ...

 প্ৰঃ—ঘৰৰ কোঠালী কেইটা?

 উঃ— ...  ...  ...

 প্ৰঃ—প্ৰতিটো কোঠালীত দুৱাৰ-খিৰিকি কেইখন মানকৈ আছে।

 উঃ— ...  ...   ...

 প্ৰঃ—ঘৰৰ বেৰবোৰ কেনেকুৱা?

 উঃ— ...  ...  ... [ ৮৮ ]  প্ৰঃ—আমাৰ পঢ়াশালিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

 উঃ— ...  ...  ...

 প্ৰঃ—শিক্ষক আৰু শিক্ষয়িত্ৰীৰ সংখ্যা কিমান?

 উঃ— ...  ...   ...

 প্ৰঃ—শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে আমাক মৰমেৰে শিক্ষাদান কৰে নে?

 উঃ— ...  ...  ...

 প্ৰঃ—আমাৰ পঢ়াশালিত ছাত্ৰসভা বা ছাত্ৰীসভা আছে নে?

 উঃ— ...  ...  ...

 প্ৰঃ—ছাত্ৰ সভাই বা ছাত্ৰীসভাই পঢ়াশালিত কোনো উৎসৱ আদি পালন কৰে নে?

 উঃ—... ...  ...

 প্ৰঃ—আমাৰ পঢ়াশালিত বঁটা বিতৰণী সভা হয় নে?

 উঃ – ... ...  ...

 প্ৰঃ—বঁটা বিতৰণী সভাত আমি নাচ-গান আদি কৰোঁ নে?

 উঃ— ...   ... ...

 প্ৰঃ—পঢ়াশালিত পুথিভঁৰাল আছে নে?

 উঃ— ... ...  ...

 প্ৰঃ—তাৰপৰা আমি কিতাপ পত্ৰ নি পঢ়োঁনে?

 উঃ— ... ...  ...

 প্ৰঃ—আমাৰ স্কুলৰ কোনো আলোচনী আছে নে?

 উঃ—...  ...   ... [ ৮৯ ]  প্ৰঃ—আলোচনীত আমি গল্প, সধুকথা, ৰচনা আদি লিখোঁ নে?

 উঃ— ...   ...   ...

 প্ৰঃ—আমাৰ পঢ়াশালিৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল কেনেকুৱা?

 উঃ— ...  ...   ...

 প্ৰঃ—আমি আমাৰ পঢ়াশালিখন ভাল পাওঁ নে?

 উঃ-...   ...   ...

 প্ৰঃ—শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা-ভক্তি কৰোঁ নে?

 উঃ— ...  ...   ...

 প্ৰঃ—আমাৰ পঢ়াশালিৰ সুনামৰ কাৰণে আমি কি কৰা উচিত?

 উঃ— ...  ...   ...

  • ওপৰত দিয়া প্ৰশ্নবোৰৰপৰা যিখিনি উত্তৰ ওলায় সেইখিনি পৰিপাটিকৈ সজাই তোমাৰ পঢ়াশালিৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸻⸻

[ ৯০ ]

আমাৰ গাওঁ

 প্ৰঃ—আমাৰ গাওঁখনৰ নাম কি?

 উঃ —আমাৰ গাওঁখনৰ নাম বালিলেছা।

 প্ৰঃ—ই কোন জিলাৰ কোন মৌজাত অৱস্থিত?

 উঃ—ই কামৰূপ জিলাৰ খাটা মৌজাত অৱস্থিত।

 প্ৰঃ—ইয়াৰ চাৰিসীমা কি?

 উঃ—আমাৰ গাৱঁৰ উত্তৰে বৰদীঘেলী গাওঁ, পূবে পাগলদিয়া নদী, দক্ষিণে নামদোঙ্গা গাওঁ আৰু পশ্চিমে সৰুদীঘেলী গাওঁ।

 প্ৰঃ—আমাৰ গাওঁখন দেখিবলৈ কেনেকুৱা?

 উঃ—আমাৰ গাওঁখন দেখিবলৈ বৰ ধুনীয়া। সকলো মানুহৰ ঘৰে ঘৰে তামোল-পাণৰ বাৰী আছে। প্ৰায় ভাগ মানুহৰ পদুলিয়ে পদূলিয়ে নাৰিকলৰ গছ আছে। চাৰিওফালে শুৱনি গছ-গছনিৰে [ ৯১ ] গাওঁখন ভৰা। আমাৰ গাৱঁত আহোম ৰজাৰ দিনৰে এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটোৰ নাম কালীসাগৰ পুখুৰী। দেখিবলৈ ই অতি ধুনীয়া। তাৰ পাৰত এটা কালীমন্দিৰ, এটা শিৱমন্দিৰ আৰু এটা বিষ্ণুমন্দিৰ আছে। গাওঁখনৰ মাজেদি উত্তৰা-দক্ষিণাকৈ এটা চৰকাৰী ৰাস্তা পাৰ হৈ গৈছে। আন এটা চৰকাৰী ৰাস্তা পশ্চিম ফালৰপৰা পূৱ মূৰাকৈ আহি কালীমন্দিৰৰ চোতালত আগৰ ৰাস্তাটোৰে সৈতে তিনি আলিৰ সৃষ্টি কৰিছে। কালীমন্দিৰক কেন্দ্ৰ কৰি এই তিনি আলি চকত গঢ়ি উঠা দোকান-পোহাৰে গাওঁখনৰ সৌন্দৰ্য্য বঢ়াইছে। আমাৰ গাওঁখন নলবাৰী চহৰৰপৰা চাৰি কিলোমিটাৰ দূৰত অৱস্থিত। নলবাৰীৰপৰা গাওঁখনলৈ বিদ্যুৎ সৰবৰাহ কৰা হৈছে। ৰাস্তাৰ কাষে কাষে থকা বিজুলী চাকিৰ পোহৰত গাওঁখন জিলিকি থাকে।

 প্ৰঃ—আমাৰ গাৱঁৰ জনসংখ্যা কিমান?

 উঃ—আমাৰ গাৱঁৰ জনসংখ্যা প্ৰায় এহেজাৰ। ঘৰ হিচাপে গাওঁখনত প্ৰায় ১২০ (এশ বিশ) ঘৰ মান মানুহ আছে।

 প্ৰঃ— আমাৰ গাৱঁত কোন কোন ধৰ্ম্মৰ মানুহ বাস কৰে?

 উঃ—আমাৰ গাৱঁত কেৱল হিন্দুধৰ্ম্মৰ মানুহহে বাস কৰে।

 প্ৰঃ—হিন্দুৰ ভিতৰত কোন কোন সম্প্ৰদায়ৰ মানুহ আছে?

 উঃ—হিন্দুৰ ভিতৰত গাওঁখনত কোচ আৰু কেওট সম্প্ৰদায়ৰ লোকেই বেছি। ইয়াৰ উপৰিও আমাৰ গাৱঁত ব্ৰাহ্মণ, কলিতা, বণিয়া, নাথ আৰু কায়স্থ সম্প্ৰদায়ৰ লোক আছে।

 প্ৰঃ—গাৱঁৰ মানুহবোৰৰ আৰ্থিক অৱস্থা কেনেকুৱা? [ ৯২ ]  উঃ—গাৱঁৰ মানুহবোৰৰ আৰ্থিক অৱস্থা বেছিভাগৰে মজলীয়া। দুই-এঘৰহে ধনী মানুহ আছে।

 প্ৰঃ— গাৱঁৰ মানুহবোৰে কি উপায়েৰে জীৱিকা নিৰ্ব্বাহ কৰে?

 উঃ—গাৱঁৰ মানুহবোৰৰ বেছিভাগেই খেতি কৰাৰ উপৰিও জাপি শিল্পত ৰত থাকে। কিছুমানৰ দোকান-পোহাৰ আছে। বণিয়া- বোৰে সোণ-ৰূপৰ ব্যৱসায় কৰে। শিক্ষিত লোকসকলৰ কিছুমানে চাকৰি কৰে। এই বোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে গাৱঁৰ মানুহবোৰে জীৱিকা নিৰ্ব্বাহ কৰে।

 প্ৰঃ—শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত গাওঁখন কেনেকুৱা?

 উঃ— শিক্ষাদীক্ষাৰ ক্ষেত্ৰত লাহে লাহে গাওঁখন আগবাঢ়ি আহিছে। ঘৰে ঘৰে দুই-এজন ল’ৰা-ছোৱালী শিক্ষিত হৈ ওলাইছে। বাহিৰত চাকৰি কৰা লোকৰ সংখ্যাও অলপ অলপকৈ বাঢ়িছে।

 প্ৰঃ—গাওঁখনত কিবা অনুষ্ঠান আদি আছে নে?

 উঃ—শিক্ষা অনুষ্ঠানৰ ফালৰ্পৰা আমাৰ গাৱঁত এখন হাইস্কুল, এখন এম্, ভি, স্কুল, এখন এম্, ই স্কুল আৰু এটা পুথিভঁৰাল আছে। টেলিফোন আদি কৰিব পৰা ব্যৱস্থাৰে সৈতে এটা পোষ্ট অফিচো আছে।

 প্ৰঃ—আমাৰ গাৱঁত ৰাজহুৱাকৈ কোনো উৎসৱ-পাৰ্ব্বন আদি পতা হয় নে?

 উঃ—তিনিটা বিহুৰ ভিতৰত মাঘ বিহু আৰু ব’হাগ বিহুৰ সময়ত গাওঁখন ৰং-ৰহইচেৰে ভৰি পৰে। মাঘ বিহুৰ প্ৰথম দুদিন আমাৰ গাৱঁত ডাঙৰ সভা হয়। সভাৰ দুয়ো দিনত ঢুলীয়া, ওজাপালি, যাত্ৰাভিনয় আদিয়ে নানাধৰণৰ সুৱাগী অনুষ্ঠান আগ বঢ়ায়। [ ৯৩ ] ব’হাগ মাহত সাত বিহুৰ পিছদিনাখন গাৱঁত ভঠেলী উৎসৱ পতা হয়। সিদিনাখন গাৱঁৰ ডেকাসকলে কালীসাগৰ পুখুৰীত ৰংমনে সাঁতোৰে আৰু পুখুৰীৰ মাজত থকা নাগমাটিত কলপুলি পুতি মাল্য- দান কৰে। ইয়াৰ উপৰিও আমাৰ গাৱঁত কালীপূজা, দুৰ্গাপূজা, লক্ষ্মীপূজা আদি ৰাজহুৱাভাৱে পালন কৰা হয়।

 প্ৰঃ—আমাৰ গাওঁখন বিশেষকৈ কিহৰ কাৰণে বিখ্যাত?

 উঃ— আমাৰ গাওঁখন বিশেষকৈ কালীমন্দিৰৰ কাৰণে বিখ্যাত। গোটেই বছৰ জুৰি তীৰ্থযাত্ৰীসকল দূৰ-দূৰণিৰপৰা এই মন্দিৰ দৰশনৰ বাবে বালিলেছালৈ আহে। বিশেষকৈ মাঘ মাহত যাত্ৰী- সকলৰ সমাগম বেছি হয়। এই সমাগমত গোটেই মাঘ মাহ জুৰি গাওঁখন আনন্দমুখৰ হৈ থাকে।

 প্ৰঃ—আমাৰ গাওঁখনৰ জলবায়ু কেনেকুৱা?

 উঃ—আমাৰ গাৱঁৰ জলবায়ু ভাল। মানুহবোৰৰ বেমাৰ-আজাৰ বেছি নহয়। গাৱঁৰ সকলো মানুহেই স্বাস্থ্যবান। বিশুদ্ধ খোৱা পানীৰ বাবে গাওঁখনৰ চুবুৰীয়ে চুবুৰীয়ে দ’ম কল আদিৰ সুন্দৰ ব্যৱস্থা আছে।

 প্ৰঃ—আমাৰ গাৱঁৰ মানুহবোৰৰ মাজত মিলাপ্ৰীতি আছে নে?

 উঃ—আমাৰ গাৱঁৰ মানুহবোৰৰ মাজত বৰ মিলাপ্ৰীতি আছে। পৰস্পৰে পৰস্পৰক বিপদে-আপদে সহায় কৰে। কেতিয়াবা কোনো কাজিয়া পেচাল লাগিলেও গাওঁবুঢ়া আৰু গাৱঁৰ মুখীয়াল সকল লগ লাগি সভা পাতে আৰু কাজিয়াৰ মীমাংসা কৰি দিয়ে।

 প্ৰঃ—আমাৰ গাওঁখন আমি ভাল পাওঁনে?

 উঃ—আমাৰ জন্মভূমি গাওঁখন আমি অন্তৰেৰে ভাল পাওঁ। [ ৯৪ ] সেয়েহে আমি ইয়াৰ উন্নতিৰ কাৰণে সদায় যত্ন কৰোঁ আৰু আমি জীয়াই থাকোঁ মানে ইয়াৰ মঙ্গলৰ কাৰণে যত্ন কৰি থাকিম।

  • ওপৰৰ প্ৰশ্নোত্তৰত বালিলেছা গাওঁখনৰ কথাহে লিখা হৈছে।

 এই কথাখিনি সজাই লিখিলে বালিলেছা গাৱঁৰ বিষয়ে এখন সুন্দৰ ৰচনা হব। তোমালোকে এতিয়া নিজৰ নিজৰ গাৱঁৰ বিষয়ে ওপৰত দেখুওৱা ধৰণে কথাবোৰ ভাবি উলিয়াই একোখন ৰচনা লিখি উলিওৱা।

গুৱাহাটী চিৰিয়াখানা ভ্ৰমণ

প্ৰঃ-চিৰিয়াখানা মানে কি?

উঃ-যি ঠাইত একেলগে নানা ধৰণৰ জীৱ-জন্তু, পশু-পক্ষী গোট খুৱাই ৰাখে তাকে চিৰিয়াখানা বোলে। [ ৯৫ ]  প্ৰঃ-গুৱাহাটীৰ ক’ত চিৰিয়াখানা আছে?

 উঃ- গুৱাহাটীৰ জাপৰিগোগত এখন বিখ্যাত চিৰিয়াখানা আছে।

 প্ৰঃ—এই চিৰিয়াখানাখন চাবলৈ কেতিয়াৰপৰা মন আছিল?

 উঃ বহুদিনৰপৰা আমাৰ মা-দেউতা আৰু শিক্ষাগুৰুসকলৰ মুখে গুৱাহাটীৰ চিৰিয়াখানাৰ কথা শুনি আছিলোঁ। তাত হেনো বহুতো চাবলগীয়া জীৱ-জন্তু, পশু-পক্ষী আদি আছে। সেয়েহে চিৰিয়াখানাখন চাবলৈ সৰুৰেপৰা মন আছিল।

 প্ৰঃ—আমি কেতিয়া চিৰিয়াখানা চাবলৈ ওলালোঁ?

 উঃ—গৰমৰ বন্ধত এদিন ৰবিবাৰে আমি চিৰিয়াখানা চাবলৈ ওলালোঁ।

 প্ৰঃ—আমি কোন কোন গৈছিলোঁ?

 উঃ মা, দেউতা আৰু তিনিজন ভাই-ভনী মিলি আমি গোটেই পৰিয়ালেটো চিৰিয়াখানালৈ গৈছিলোঁ।

 প্ৰঃ—আমি কেনেকৈ চিৰিয়াখানালৈ গৈছিলোঁ?

 উঃ—আমি থকা ঠাই বিৰুবাৰীৰপৰা উলুবাৰী চাৰি আলি চকলৈ প্ৰায় তিনি কিলোমিটাৰ মান দূৰ। এইখিনি ৰাস্তা আমি ৰিক্সাৰে গৈছিলোঁ। আমি দুখন ৰিক্সা লৈছিলোঁ। এখনত মা আৰু মই উঠিছিলোঁ আৰু আনখনত দেউতা, সবিতা, ভন্টি আৰু ৰাতুল ভাইটি উঠিছিল। আমি উলুবাৰী চক পাওঁতে প্ৰায় আধা ঘণ্টা সময় লাগিছিল। তেতিয়া সময় দিনৰ ১০টা। ৰিক্সাৰপৰা নামিয়েই আমি চিটিবাচ পাইছিলোঁ; কিন্তু মানুহৰ ইমান ভিৰ আছিল যে আমি উঠাৰ সুযোগ নাপালোঁ। বিশ মিনিট মান পিছত আন এখন চিটি বাচ [ ৯৬ ] আহিল। আমি তাতে উঠিলোঁ। আমাৰ গাড়ী চিলং ৰোডেৰে চিৰিয়াখানা অভিমুখে চলিবলৈ ধৰিলে। চিটিবাচৰপৰা আমি গণেশগুৰিত নামিলোঁ। গণেশগুৰিৰ পৰা চিৰিয়াখানা বেছি দূৰ নহয়। প্ৰায় দুই কিলোমিটাৰ মান হব। এইখিনি বাট আমি আকৌ ৰিক্সাৰে গলোঁ। দিনৰ প্ৰায় ১২টা মান বজাত আমি চিৰিয়াখানা পালোঁগৈ।

 প্ৰঃ—আমি চিৰিয়াখানাত কেনেকৈ সোমালোঁ?

 উঃ-চিৰিয়াখানা চাবলৈ হ'লে টিকট কিনিব লাগে। ৰবিবাৰে চিৰিয়াখানাত বহুত মানুহৰ ভিৰ। দেউতাই ‘কিউ লাইন’ ধৰি বৰ কষ্ট কৰি টিকট কিনিলে। সেই টিকট আমি চিৰিয়াখানালৈ সোমোৱা দুৱাৰ মুখত দেখুৱালোঁ? দুৱৰীয়ে আমাক সোমাবলৈ দিলে।

 প্ৰঃ-চিৰিয়াখানাত কি কি দেখিলোঁ?

 উঃ-চিৰিয়াখানাত আমি নানাধৰণৰ হৰিণ, বাঘ, ভালুক, ঘোঁৰা, জেব্ৰা, সিংহ, অসমৰ গঁড়, আফ্ৰিকাৰ গঁড়, শিহু, জিৰাফ, সাপ, বান্দৰ, ময়ূৰ, ধনেশপক্ষী, বনকুকুৰা, উট, ঘৰিয়াল, চিম্পাঞ্জী আদি আকৰ্ষণীয় জীৱ-জন্তু, পশু-পক্ষী দেখিলোঁ।

 প্ৰঃ—সেইবোৰ দেখি কেনে লাগিল?

 উঃ—আগতে এই জন্তুবোৰৰ কথা শুনিহে আছিলোঁ। চকুৰে দেখা নাছিলোঁ। চিৰিয়াখানাত এইবোৰ দেখি আমাৰ যে কিমান আনন্দ লাগিছিল তাক বৰ্ণাব নোৱাৰোঁ। চিম্পাঞ্জীৰ খেল চাই আমাৰ আটাইতকৈ ভাল লাগিছিল।

 প্ৰঃ-ুচিৰিয়াখানা চোৱাৰ পৰা কিবা উপকাৰ হলনে?

 উঃ-চিৰিয়াখানা চোৱাৰপৰা আমাৰ বহুখিনি উপকাৰ হ’ল। [ ৯৭ ] আমি বহু নজনা কথা শিকিলোঁ। বহু নেদেখা জীব-জন্তু আদি দেখিলোঁ। স্কুলত শিকা কথাবোৰ এইদৰে চকুৰে চাব পাৰিলে সঁচাকৈয়ে বহুত জ্ঞান হয়। সকলো ছাত্ৰ-ছাত্ৰীয়ে এবাৰ চিৰিয়াখানাখন চোৱা উচিত।

 প্ৰঃ—আমি চিৰিয়াখানাৰ পৰা কেতিয়া ঘৰলৈ উভতিলোঁ?

 উঃ—প্ৰায় আঢ়ৈঘণ্টামান সময় জুৰি আমি চিৰিয়াখানাখন ঘূৰিপকি চাইছিলোঁ। ঘৰৰপৰা আমি কণী, বিস্কুট আদি খোৱাবস্তু লগত লৈ গৈছিলোঁ। চিৰিয়াখানাৰ ভিতৰতে এজোপা গছৰ তলত বহি আবেলি তিনিমান বজাত আমি জলপান খালোঁ। চাৰিটা বজাৰ লগে লগে আমি চিৰিয়াখানাৰ বাহিৰ ওলালোঁ আৰু ৰিক্সাৰে আহি গণেশগুৰি পালোঁ। গণেশগুৰিত চিটিবাচত উঠি আমি ৰংমনে ঘৰমুৱা হলোঁ।

 *ওপৰত দিয়া প্ৰশ্নোত্তৰৰ সহায়ত গুৱাহাটী চিৰিয়াখানা ভ্ৰমণৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।


সপ্তদশ পাঠ

ৰচনাৰ আৰ্হি

আমাৰ জাতীয় উৎসৱ বিহু

 চত-বহাগ মাহৰ দোমাহী, পুহ-মাঘ মাহৰ দোমাহী আৰু আহিন-কাতি মাহৰ দোমাহীত যি উৎসৱ পালন কৰা হয় তাকে বিহু বোলে। [ ৯৮ ]  অসমত বিহু অতি পুৰণি কালৰেপৰা চলি আহিছে। আমাৰ পূৰ্ব্বপুৰুষসকলেও ইয়াক পালন কৰি আহিছে। বংশৰ পিছত বংশ ধৰি চলি অহা বাবেই বিহু আমাৰ বাপতি সাহোন। অসমৰ পাহাৰে-ভৈয়ামে থকা সকলো জাতি উপজাতিয়ে এই উৎসৱ পালন কৰে। সেয়েহে ই আমাৰ জাতীয় উৎসৱ।

 বিহু তিনিটা। যেনে :—ব’হাগবিহু, কাতি'বহু আৰু মাঘবিহু। ব'হাগবিহুক ৰঙালী, কাতিবিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বিহুও বোলে।

 ব’হাগ মাহত সকলোৰে মনত ৰং লাগে; অৰ্থাৎ গছ-গছনি, চৰাই-চিৰিকতি, জীৱ-জন্তু আদি সকলোৰে গাত আনন্দ লাগে। গছে কুঁহিপাত মেলে। ফুলনিত নানা ৰঙৰ ফুল ফুলে। গছে গছে কুলিয়ে মাতে। আমিও ঢোল-পেপা বজাই, বিহুগীত, হুচৰিগীত আদি গাই ৰঙতে নাচিবাগি ফুৰোঁ। সেইবাবেই ব'হাগ বিহুক ৰঙালী বিহু বোলে। [ ৯৯ ]  প্ৰথম ব’হাগৰপৰা সাত ব'হাগলৈ এই বিহু চলে। ৰঙালী বিহুৰ প্ৰথম দিনটোত গৰুবিহু পতা হয়। সেইদিনা ৰাতিপুৱাই গৰখীয়াবোৰে গৰুক তেল-হালধি ঘঁহি দি নৈ, বিল আদিলৈ লৈ যায় আৰু গা-পা ধুৱাই লাওঁ, বেঙেনা আদি খুৱায়। সন্ধিয়া বিহুৱান স্বৰূপে গৰুক নতুন পঘা দিয়ে। মানুহেও সেইদিনা গা-পা ধুই গোসাঁই ঘৰত নাম প্ৰসঙ্গ কৰে। সৰুবোৰে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্ব্বাদ দিয়ে। তাৰ পিছত দৈ-চিৰা, পিঠা-পনা আদি খায়। সেইদিনা ভাত খোৱা নিয়ম নাই। আবেলি ল'ৰা-ছোৱালীবোৰে খেল-ধেমালি কৰে।

 গৰুবিহুৰ পিছদিনাখনৰপৰা মানুহৰ বিহু আৰম্ভ হয়। আজিকালি মানুহে গাৱেঁ-ভূঞে, নগৰে-চহৰে সকলোতে বিহুতলী পাতে। বিহুতলীত নানা খেল-ধেমালি কৰে। সন্ধিয়া বিহুগীত, বিহুনাচ, হুচৰিগীত আদিৰ নানা আকৰ্ষণীয় অনুষ্ঠান পাতে। এইবোৰ অনুষ্ঠান চাৰি-পাঁচদিন জুৰি চলে। বিহুৰ আটাই কেইদিন মানুহে দৈ-চিৰা, লাৰু, পিঠা আদি সুস্বাদু বস্তুবোৰ উপভোগ কৰে। এই বিহুত আমি আমাৰ অতিকৈ চেনেহৰ বিহুৱান লওঁ।

 কাতিবিহুৰ সময়ত খোৱা-লোৱা বস্তু বেছি নাথাকে। সেয়েহে এই বিহুত কেৱল তুলসী তলত চাকি-বন্তি জ্বলায় আৰু নাম প্ৰসঙ্গ কৰে। সেই কাৰণে ইয়াক দুখীয়াবিহু অৰ্থাৎ কঙালীবিহু বোলে।

 মাঘবিহুত আমি লাৰু-পিঠা, দৈ-চিৰা, সান্দহ আদি ইচ্ছামতে খাব পাৰোঁ। কিয়নো সেই সময়ত ধনী, দুখীয়া সকলোৰে ঘৰত নানা তৰহৰ খোৱা বস্তু গোট খায়। পথাৰৰ লখিমী ঘৰ চাপে। [ ১০০ ] কোনো বস্তুৰে অভাৱ নাথাকে। সেয়েহে এই বিহুক ভোগালী বিহু বোলে। পুহমাহত ডেকা ল'ৰাবোৰে বাঁহ আৰু নৰাৰে মেজি সাজে। মেজিৰ ঠাইত ভেলাঘৰো সাজে। ভোগালী বিহুৰ আগদিনাখন উৰুকা। সেইদিনাখন ৰাতি ভেলাঘৰত নানা ৰং- ধেমালি কৰি ডেকা ল'ৰাবোৰে লগভাত খায়। শেষ ৰাতি গা-পা ধুই ভেলাঘৰ আৰু মেজিত জুই লগাই দিয়ে। সেই জুইত মাহ, তিল, তামোল-পাণ আদি দি সকলোৱে অগ্নিসেৱা কৰে। ৰাতিপুৱা গৰুক মাহ-হালধী আদি ঘঁহি দি এৰি দিয়ে। আজিকালি অৱশ্যে গৰু এৰি নিদিয়া হ’ল। অলপ বেলি হোৱাত সৰু-ডাঙৰ সকলোৱে গা-পা ধুই গোসাঁই ঘৰত সেৱা কৰে। সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্ব্বাদ দিয়ে। তাৰ পিছত সকলোৱে ৰং মনে সান্দহ, পিঠা আদি খায়। আবেলি ল'ৰা-ছোৱালীবোৰে খেল-ধেমালি আদি কৰে। এইদৰে ৰং-উলাহেৰে ভোগালীবিহু পালন কৰা হয়।

 বিহু আমাৰ অতি চেনেহৰ। এই বিহু আমি নেপাতি থাকিব নোৱাৰোঁ। আমি সকলোৱে ইয়াক ৰমক-জমককৈ পালন কৰা উচিত।

[ ১০১ ]

অষ্টাদশ পাঠ

প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা

ঈদ্-উল্-ফিটৰ

 প্ৰঃ—ঈদ্-উল্-ফিটৰ কাৰ উৎসৱ?

 উঃ-ঈদ্-উল্- ফিটৰ মুছলমানসকলৰ এটা পৱিত্ৰ উৎসৱ।

 প্ৰঃ—এই উৎসৱ কেতিয়া পালন কৰে?

 উঃ—এই উৎসৱ ৰমজান মাহৰ পিছত শওৱাল মাহৰ এক-দুই তাৰিখে পালন কৰে।

 প্ৰঃ—এই উৎসৱ কেনেকৈ পালন কৰা হয়?

 উঃ—হিন্দুসকলৰ যেনেকৈ ব’হাগ, জেঠ আদি কৰি বাৰটা মাহ আছে, মুছলমান সকলৰো তেনেকৈ বাৰটা মুছলমানী মাহ আছে। তাৰে এটা হ’ল চান্দ্ৰমাহ। এই মাহটোক ৰমজান মাহো বোলে। এই মাহটো মুছলমানসকলৰ বাবে অতি পৱিত্ৰ মাহ। ৰমজান মাহত তেওঁলোকে ৰোজা ৰাখে অৰ্থাৎ এই মাহত তেওঁলোকে ৰাতি[ ১০২ ] পুৱাৰে পৰা সন্ধিয়ালৈকে এটোপা পানীও গ্ৰহণ নকৰে। গোটেই দিনটো উপবাসে থাকি কঠোৰ ব্ৰত পালন কৰে। সন্ধিয়াৰ লগে লগে অলপ লঘু আহাৰেৰে ব্ৰত ভঙ্গ কৰে আৰু তাৰ পিছত মছজিদলৈ গৈ নামাজ পঢ়ে। ইয়াকে তাৰাবী নামাজ বোলে। এই মাহত তেওঁলোকে ৰাতি এসাজ মাত্ৰ ভাত খায়। এইদৰে এমাহ ব্ৰত পালন কৰাৰ পিছত শুক্লপক্ষৰ আকাশত ‘চান’ চাই তেওঁলোকে আল্লাৰ উদ্দেশ্যে তচলিম ( প্ৰণাম ) কৰি সম্পূৰ্ণকৈ ব্ৰত ভঙ্গ কৰে।

 পিছদিনা সকলোৱে নতুন কাপোৰ পিন্ধি সমবেত হৈ মছজিদ বা ইদ্ গাহলৈ যায়। প্ৰত্যেক মুছলমানে এই দিনটোত নামাজ পঢ়াৰ আগে আগে দুখীয়া-দৰিদ্ৰসকললৈ এটি দান দিব লাগে। এই দানক ‘ফিট্ ৰা’ বোলে। প্ৰত্যেক মুছলমানে নিজৰ বাবে নিৰূপিত পৰিমাণৰ দান আগবঢ়াইহে ঈদৰ নামাজত বহিব পাৰেগৈ। এই দিনটোত ধনী-দুখীয়া সকলোৰে মুখত আনন্দৰ হাঁহি বিৰিঙে। ধনী-দুখীয়াৰ কোনো ব্যৱধান নাথাকে। প্ৰত্যেকেই ইজনে-সিজনক আলিঙ্গন কৰে। সৰুৱে ডাঙৰক তচলিম কৰে আৰু ডাঙৰে সৰুক আশীৰ্ব্বাদ দিয়ে। সকলোৱে একেলগে বহি নামাজ পঢ়ে।

 প্ৰঃ—এই অনুষ্ঠানে মানুহক কি শিক্ষা দিয়ে?

 উঃ-ঈদ্-উল্-ফিটৰ অনুষ্ঠানে মানুহক ত্যাগী হবলৈ শিকায়। এই অনুষ্ঠানে মানুহৰ মাজত ভাতৃত্বভাব স্থায়ী কৰে।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰ চাই ঈদ্-উল্-ফিটৰৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸻⸺

[ ১০৩ ]

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ

 প্ৰঃ—কেতিয়া আৰু ক’ত মাধৱদেৱৰ জন্ম হয়?

 উঃ—১৪৮৯ খৃষ্টাব্দত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হয়।

 প্ৰঃ—তেওঁৰ দেউতাকৰ নাম কি?

 উঃ —তেওঁৰ দেউতাকৰ নাম আছিল গোবিন্দগিৰি।

 প্ৰঃ—মাধৱদেৱে লক্ষীমপুৰত লিখা পঢ়া শিকিছিল নে?

 উঃ—মাধৱদেৱে লক্ষীমপুৰত লিখা-পঢ়া শিকা নাছিল।

 প্ৰঃ—তেনেহলে তেওঁ ক’ত লিখা-পঢ়া শিকিছিল?

 উঃ—গোবিন্দগিৰিৰ ঘৰুৱা অৱস্থা বৰ ভাল নাছিল। টকা- পইচাৰ অনাটন সহ্য কৰিব নোৱাৰি তেওঁ লক্ষীমপুৰৰপৰা দৰং জিলালৈ সপৰিয়ালে গুচি আহে। দৰং জিলাৰ ৰৌতাত তেওঁ থাকিবলৈ লয়। তাত কিছুদিন থাকি বাণ্ডুকালৈ আহে। তাতে এখন টোলত গোবিন্দগিৰিয়ে পুতেক মাধৱদেৱক নাম ভৰ্ত্তি কৰি দিয়ে। মাধৱদেৱে সেই টোলত মনোযোগেৰে পঢ়িবলৈ ধৰে।

 প্ৰঃ— তেতিয়া মাধৱদেৱৰ বয়স কিমান আছিল?

 উঃ—তেতিয়া তেওঁৰ বয়স আছিল প্ৰায় চৈধ্য বছৰ।

 প্ৰঃ—পঢ়া-শুনাত তেওঁ কেনে আছিল?

 উঃ—মাধৱদেৱ পঢ়া-শুনাত বৰ চোকা আছিল। অলপ দিনৰ ভিতৰতে তেওঁৰ বহুতো শাস্ত্ৰজ্ঞান হৈছিল।

 প্ৰঃ—মাধৱদেৱ কাৰ শিষ্য আছিল?

 উঃ— মাধৱদেৱ মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ প্ৰধান শিষ্য আছিল। [ ১০৪ ]  প্ৰঃ—মাধৱদেৱ শঙ্কৰদেৱৰ শিষ্য কেনেকৈ হ’ল?

 উঃ—এবাৰ মাধৱদেৱৰ মাকৰ টান নৰিয়া হয়। মাধৱদেৱে তেতিয়া মাকৰ বেমাৰ ভাল হোৱাৰ কামনা কৰি দুৰ্গা গোসাঁনীৰ ওচৰত এটা পঠা বলি দিবলৈ সঙ্কল্প কৰে। কিন্তু মাধৱদেৱৰ বৈনায়েক গয়াপাণিয়ে পঠা বলি দিবলৈ নিদিলে। গয়াপাণিয়ে ক’লে যে ধৰ্ম্মৰ নামত জীৱহত্যা কৰাটো মহাপাপ। এই কথাত মাধৱদেৱৰ বৰ খং উঠিল। তেওঁৰ গয়াপাণিৰ লগত তৰ্ক লাগিল। গয়াপাণিয়ে মাধৱদেৱক ক’লে যে শঙ্কৰদেৱেহে মাধৱদেৱক ধৰ্ম্মৰ বিষয়ে উচিত জ্ঞান দিব পাৰিব। গতিকে মাধৱদেৱ শঙ্কৰদেৱৰ ওচৰলৈ যোৱা ভাল। সেই সময়ত শঙ্কৰদেৱ আছিল বেলগুৰিত। মাধৱদেৱ ততালিকে শঙ্কৰদেৱৰ ওচৰলৈ গ’ল। শঙ্কৰদেৱৰ লগত মাধৱদেৱৰ তৰ্ক হ’ল। তৰ্কত মাধৱদেৱৰ পৰাজয় হ’ল। শঙ্কৰদেৱে বুজাই দিলে যে একশৰণ নামধৰ্ম্ম অৰ্থাৎ বৈষ্ণৱ ধৰ্ম্মইহে পৰম ধৰ্ম্ম। ধৰ্ম্মৰ নামত জীৱহত্যা মহাপাপ। তেতিয়াৰেপৰা মাধৱদেৱে শঙ্কৰদেৱক গুৰু মানি ল’লে। তেওঁ শঙ্কৰৰ প্ৰধান শিষ্য হ’ল আৰু শঙ্কৰৰ আদেশমতে বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ধৰে।

 প্ৰঃ—মাধৱদেৱে অসমৰ ক’ত ক’ত ধৰ্ম্মপ্ৰচাৰ কৰে?

 উঃ —মাৱৱদেৱে গণককুছি, সুন্দৰীদিয়া, বৰপেটা, কোচবিহাৰ আদি ঠাইত ধৰ্ম্মপ্ৰচাৰ কৰে।

 প্ৰঃ—মাধৱদেৱে গীত, কবিতা, নাটক আদি শিকিছিল নেকি?

 উঃ—মাধৱদেৱ এজন ডাঙৰ সাহিত্যিক আছিল। নামঘোষাখন তেওঁৰ শ্ৰেষ্ঠ কাব্য। শঙ্কৰদেৱৰ দৰে মাধৱদেৱেও কিছুমান বৰগীত [ ১০৫ ] লিখিছিল। তেওঁ চোৰধৰা, পিম্পৰা-গুচোৱা আদি কেইবাখনো ঝুমুৰা লিখি থৈ যায়।

 প্ৰঃ— মাধবদেৱে কেতিয়া মৃত্যুবৰণ কৰে?

 উঃ— ১৫৯৬ চনত মহাপুৰুষ মাধৱদেৱৰ মৃত্যু হয়।

 প্ৰঃ—এইজনা মহাপুৰুষৰ প্ৰতি আমাৰ কৰ্ত্তব্য কি?

 উ:—এইজন মহাপুৰুষৰ জন্মতিথি বা মৃত্যুতিথি পালন কৰাই আমাৰ কৰ্ত্তব্য নহয়, তেওঁ দি যোৱা আদৰ্শ, ধৰ্ম্ম, সাহিত্য আদি ৰক্ষা কৰাটোহে আমাৰ প্ৰধান কৰ্ত্তব্য।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰবোৰ পঢ়ি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ

বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸺⸺


উনবিংশ পাঠ

ৰচনাৰ আৰ্হি

মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ

 ১৪৪৯ খৃষ্টাব্দত নগাওঁ জিলাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰ- দেৱৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্য সন্ধা। নিচেই সৰু থাকোঁতে তেওঁৰ দেউতাকৰ মৃত্যু হয়। দেউতাক ঢুকোৱাৰ পিছতে তেওঁৰ মাকেও প্ৰাণত্যাগ কৰে। তেতিয়া বুঢ়ীমাক খেৰসূতীয়ে শঙ্কৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰে। [ ১০৬ ]  বাৰ বছৰ বয়সতহে শঙ্কৰদেৱৰ ছাত্ৰজীৱন আৰম্ভ হয়। তেওঁ আচাৰ্য্য মহেন্দ্ৰকন্দলীৰ টোলত পঢ়িছিল। সৰুৰেপৰা তেওঁৰ অসাধাৰণ বুদ্ধি আছিল। তেওঁ বৰ্ণমালা শিকিয়েই আ-কাৰ, ই-কাৰ নোহোৱাকৈ সুন্দৰ কবিতা লিখিছিল—

“কৰতল কমল, কমল দল নয়ন।
ভবদব দহন, গহণবন শয়ন”

 আদি সুন্দৰ শাৰীৰে লিখা কবিতা দেখি তেওঁৰ শিক্ষাগুৰু মহেন্দ্ৰকন্দলী আচৰিত হৈছিল। শঙ্কৰদেৱে অতি কম দিনৰ ভিতৰতে নানা শাস্ত্ৰজ্ঞান লাভ কৰিছিল।

 শঙ্কৰদেৱৰ গাত যথেষ্ট শক্তি আছিল। তেওঁ ভাদমহীয়া ভৰা ব্ৰহ্মপুত্ৰ অনায়াসে সাঁতুৰি পাৰ হ’ব পাৰিছিল। বলৱন্ত ষাঁড়ক শিঙত ধৰি বশ কৰিব পাৰিছিল।

 তেওঁ বাইশ বছৰ বয়সত বিয়া কৰায়। তেওঁৰ পত্নীৰ নাম আছিল সূৰ্য্যৱতী। এজনী ছোৱালী জন্ম হোৱাৰ কিছুদিন পিছত সূৰ্য্যৱতীৰ মৃত্যু হয়৷ শঙ্কৰদেৱে ছোৱালীজনী বিয়া দিয়াৰ পিছত তীৰ্থ ভ্ৰমণ কৰিবলৈ মন মেলে। তেওঁ সুদীৰ্ঘ বাৰ বছৰ কাল ভাৰতৰ নানা তীৰ্থ ভ্ৰমণ কৰিছিল। তীৰ্থ ভ্ৰমণ কৰি ঘূৰি অহাৰ পিছত বন্ধু-বান্ধৱৰ অনুৰোধত তেওঁ আকৌ বিয়া কৰায়। তেওঁৰ দ্বিতীয় পত্নীৰ নাম আছিল কালিন্দী।

 শঙ্কদেৱৰ সময়ত সমাজত ধৰ্ম্মৰ ব্যাভিচাৰ ঘটিছিল। সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ সকলো নষ্ট হৈ গৈছিল। শঙ্কদেৱে নষ্ট হৈ যোৱা অসমীয়া সমাজখন ভাল কৰিবলৈ যত্ন কৰিলে। তেওঁ ভাগৱতৰ সাৰ সংগ্ৰহ কৰি বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিলে। গাৱেঁ গাৱেঁ [ ১০৭ ] নামঘৰ পাতি তাত গাওঁবাসীসকলক শাস্ত্ৰ আলোচনা কৰিবলৈ সুবিধা কৰি দিলে। বিষ্ণুৰ মহিমা প্ৰচাৰৰ উদ্দেশ্যে তেওঁ কীৰ্ত্তন, দশম আদি শাস্ত্ৰ লিখিলে। জনসাধাৰণে সহজে বুজিব পৰাকৈ ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদি নাট লিখিলে আৰু সেইবোৰ গাৱেঁ-ভূঞে অভিনয় কৰিবলৈ শিকালে। তেওঁ এই উদ্দেশ্যেৰে বহুত বৰগীতো ৰচনা কৰিলে।

 শঙ্কৰদেৱে ধৰ্ম্ম প্ৰচাৰ কৰোঁতে বহুতো বাধাৰ সম্মুখীন হ’ব লগা হৈছিল। বিশেষকৈ ৰজাঘৰৰপৰা। সেই সময়ত কছাৰী ৰজাৰ অত্যাচাৰত তেওঁ সপৰিয়ালে মাজুলীলৈ যাবলগীয়া হৈছিল। তাতো সুবিধা নাপাই তেওঁ বৰপেটালৈ যায়। বৰপেটাধামৰ ওচৰৰ পাট- বাউসীত আশ্ৰয় লৈ তেওঁ মনপুতি ধৰ্ম্মচৰ্চা কৰে। সেই পাটবাউসীতে হৰিদেৱ, দামোদৰদেৱ আৰু মাধৱদেৱ তিনিওজনা মহাপুৰুষৰ মিলন ঘটিছিল। শঙ্কৰদেৱে এই সকলক লগত লৈ পাটবাউসীৰ- পৰাই গোটেই অসমত ধৰ্ম্ম প্ৰচাৰ কৰিছিল।

 কোঁচৰজা নৰনাৰায়ণ আৰু ভায়েক চিলাৰায়ে শঙ্কৰদেৱক বৰ শ্ৰদ্ধা কৰিছিল। নৰনাৰায়ণৰ ৰাজসভাত থাকি তেওঁ ‘গুণমালা’ নামৰ পুথি ৰচনা কৰে।

 মহাপুৰুষ শঙ্কৰদেৱে মৃতপ্ৰায় অসমীয়া জাতিটোক জীয়াই তুলিলে। ধৰ্ম্ম, জ্ঞান, ভাষা, সাহিত্য আদি সকলো ক্ষেত্ৰতে তেওঁ আমাক অশেষ দান দি গ’ল। তেওঁ ১৫৬৮ খৃষ্টাব্দত ছকুৰি বছৰ বয়সত মধুপুৰ সত্ৰত স্বৰ্গী হয়।

 এইজনা মহাপুৰুষৰ মহান আদৰ্শ আমি সকলো অসমীয়াই জীয়াই ৰখা উচিত।

⸻⸻

[ ১০৮ ]

বিংশ পাঠ

প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা

গোপীনাথ বৰদলৈ

 প্ৰঃ—পোগীনাথ বৰদলৈ কোন খৃষ্টাব্দত ক’ত জন্ম গ্ৰহণ কৰে?

 উঃ—গোপীনাথ বৰদলৈ ১৮৯১ খৃষ্টাব্দত গুৱাহাটীত জন্মগ্ৰহণ কৰে।

 প্ৰঃ—তেওঁৰ দেউতাকৰ নাম কি আছিল?

 উঃ—তেওঁৰ দেউতাকৰ নাম আছিল বুদ্ধেশ্বৰ বৰদলৈ।

 প্ৰঃ—তেওঁৰ দেউতাকে কি কৰিছিল?

 উঃ—তেওঁৰ দেউতাক আছিল এগৰাকী বিখ্যাত ডাক্তৰ। তেওঁ বৰ ধনৱন্ত লোক আছিল।

 প্ৰঃ—ধনী পৰিয়ালত জন্মগ্ৰহণ কৰা গোপীনাথ বৰদলৈয়ে বিলাসিতাৰ মাজত থাকিবলৈ বিচাৰিছিল নে?

 উঃ— বৰদলৈদেৱে বিলাসিতাৰ মাজত নিজকে কেতিয়াও উটাই দিয়া নাছিল।

 প্ৰঃ—তেওঁ কোন স্কুলৰপৰা প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

 উঃ—কটন কলেজিয়েট স্কুলৰপৰা।

 প্ৰঃ—তেওঁ উচ্চ শিক্ষা ক’ত লৈছিল?

 উঃ— কলিকতাত। [ ১০৯ ]  প্ৰঃ—তেওঁ আইন পৰীক্ষা দিছিল নে?

 উঃ—তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰপৰা বি, এল পৰীক্ষাতো উত্তীৰ্ণ হয়।

 প্ৰঃ—তেওঁ আইন ব্যৱসায় কৰিছিল নে?

 উঃ—তেওঁ গুৱাহাটীত কিছুদিন ওকালতি কৰিছিল। ব্যৱসায়ত তেওঁ অলপদিনৰ ভিতৰতে যথেষ্ট খ্যাতিও লাভ কৰিছিল। সেই সময়ত গোটেই ভাৰতজুৰি মহাত্মাগান্ধীৰ নেতৃত্বত স্বাধীনতা যুদ্ধ চলে। অসমত ইয়াৰ বতাহ লাগে। গোপীনাথ বৰদলৈয়ে তেতিয়া ওকালতি এৰি দেশ সেৱাত আত্মনিয়োগ কৰে। তেওঁ স্বাধীনতা যুদ্ধত যোগ দিয়ে। এই ক্ষেত্ৰত তেওঁ কাৰাবাসো খাটে।

 প্ৰঃ—স্বাধীনতা যুদ্ধত নামি দেশৰ বাবে তেওঁ কি কৰিলে?

 উঃ—১৯৩৭ চনত তেওঁ অসম বিধান সভালৈ নিৰ্ব্বাচিত হৈ তেওঁ সংযুক্ত মন্ত্ৰীসভা গঠন কৰে। মন্ত্ৰীসভা গঠন হোৱাৰ ১৪ মাহৰ পিছতেই ভাৰতীয় কংগ্ৰেছৰ নিৰ্দ্দেশ মতে তেওঁ মন্ত্ৰীত্ব ত্যাগ কৰে। ১৯৪২ চনত অসহযোগ আন্দোলননত যোগ দি তেওঁ কাৰা-বাস খাটে। তাৰ পিছত আকৌ বিধান সভালৈ নিৰ্ব্বাচিত হয় আৰু কংগ্ৰেছ দলৰ নেতা হৈ মন্ত্ৰীসভা গঠন কৰে।

 প্ৰঃ–বৰদলৈ কিমান চনলৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে?

 উঃ—১৯৫০ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে।

 প্ৰঃ— মুখ্যমন্ত্ৰী হৈ থকা কালছোৱাত বৰদলৈয়ে অসমীয়া জাতিৰ কি কি উপকাৰ সাধিলে?

 উঃ— গুৱাহাটী বিশ্ববিদ্যালয়, বহু কলেজ, মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, ভেটেৰীনেৰী কলেজ, আয়ুৰ্ব্বেদিক কলেজ [ ১১০ ] আদি বিভিন্ন শিক্ষানুষ্ঠান বৰদলৈদেৱৰ চেষ্টাৰ ফলত গঢ়ি উঠিছে। অসমত আজি শিক্ষাৰ যিখিনি উন্নতি হৈছে, সেইখিনিৰ মূলতে বৰদলৈদেৱ। অসমীয়াই তেওঁক কোনোদিনেই পাহৰিব নোৱাৰে। তেওঁ অসমী আইৰ সুযোগ্য সন্তান। তেওঁৰ কৰ্ম্মৰদ্বাৰা তেওঁ সকলোৰে মন জয় কৰিছিল। সেয়েহে ৰাইজে তেওঁক লোকপ্ৰিয় উপাধি দিছিল।

 প্ৰঃ—বৰদলৈ দেৱৰ কেতিয়া মৃত্যু হয়? আমি তেওঁৰ আদৰ্শ অনুসৰণ কৰা উচিত নে?

 উঃ—বৰদলৈদেৱ ১৯৫০ চনৰ ৫ আগষ্টত স্বৰ্গী হয়। আমি সকলোৱে তেওঁৰ গুণ আৰু আদৰ্শ অনুসৰণ কৰা উচিত।

 * ওপৰত দিয়া প্ৰশ্নোত্তৰ চাই গোপীনাথ বৰদলৈৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।


[ ১১১ ]

একবিংশ পাঠ

ৰচনাৰ আৰ্হি

জৱাহৰলাল নেহৰু

 ১৮৮৯ খৃষ্টাব্দৰ ১৪ নবেম্বৰ তাৰিখে এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল স্বৰূপৰাণী।

 জৱাহৰলালে শৈশৱকালত ঘৰুৱা শিক্ষকৰ অধীনত পঢ়িছিল। তেওঁ অতি মেধাবী ছাত্ৰ আছিল। তেওঁ ইং ১৯০৫ চনত ১৫ বছৰ বয়সত অধ্যয়ন কৰিবলৈ ইংলণ্ডলৈ যায়। ইংলণ্ডৰ ‘হ্য়াৰো’ বিদ্যালয়ত তেওঁ অধ্যয়ন আৰম্ভ কৰে। হ্য়াৰো বিদ্যালয়ত পঢ়া শেষ কৰি তেওঁ ইং১৯০৭ চনত ত্ৰিনিটি কলেজত পঢ়িবলৈ আৰম্ভ কৰে। এই কলেজৰপৰা তেওঁ সুখ্যাতিৰে বি. এছ-চি. পৰীক্ষাত উত্তীৰ্ণ হয়। [ ১১২ ] তাৰ পিছত ভালদৰে বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ইং ১৯১২ চনত ভাৰতলৈ উভতি আহে।

 জৱাহৰলালে ভাৰতলৈ আহি পোনতে এলাহাবাদ আদালতত ওকালতি কৰে। কিন্তু তাত তেওঁৰ মন নবহিল। তেওঁ দেশৰ কামত আত্মনিয়োগ কৰিলে। ভাৰতৰ জাতীয় অনুষ্ঠান কংগ্ৰেছত তেওঁ যোগদান কৰিলে। ইতিমধ্যে মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ- পৰা ভাৰতলৈ উভতি আহিল। 'মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ মহাসভা শক্তিশালী হৈ উঠিল। গান্ধীজীয়ে ভাৰতত স্বাধীনতা আন্দোলন গঢ়ি তুলিলে। সেই সময়তে ইং ১৯১৬ চনত জৱাহৰলাল নেহৰু গান্ধীজীৰ প্ৰধান ৰাজনৈতিক শিষ্য হ’ল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিল। বৃটিছ চৰকাৰৰ লগত অসহযোগ কৰি আন্দোলন কৰা কাৰণে নেহৰুৱে কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল।

 ইং ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ’ল। নেহৰু হ'ল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী। তেওঁ একেৰাহে সোতৰ বছৰকাল ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল।

 নেহৰু যে অকল ৰাজনৈতিক নেতাই আছিল এনে নহয়। তেওঁ এনজ প্ৰতিভাশালী সাহিত্যিকো আছিল। তেওঁ অতি ব্যস্ত কৰ্ম্মময় জীৱনৰ মাজতো সময় উলিয়াই কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰে। সেই গ্ৰন্থসমূহ হ’ল-‘লেটাৰ ফ্ৰম ফাদাৰ টু হিজ ডটাৰ’, ‘গ্ৰীমচেচ, অব্‌ ৱাৰ্ল্ড হিষ্ট্ৰী’, ‘আত্মজীৱনী’ আৰু ‘ডিচ্কভাৰী অব্ ইণ্ডিয়া’। এই গ্ৰন্থবোৰ তেওঁ কাৰাবাসত থকা সময়ত লিখি উলিয়ায়। [ ১১৩ ]  তেওঁ কৰ্ম্মবিভোৰ তৱস্থাতেই হঠাৎ ইং ১৯৬৪ চনৰ ২৭মে তাৰিখে স্বৰ্গী হয়। তেওঁৰ মৃত্যুত অকল ভাৰতৰে নহয়, সমগ্ৰ পৃথিবীৰে অপূৰণীয় ক্ষতি হয়।

 অহিংসা, ত্যাগ আৰু দেশসেৱাই আছিল জৱাহৰলাল নেহৰুৰ জীৱনৰ মূলমন্ত্ৰ। তেওঁ অহিংসাৰ মাজেৰে অকল যে ভাৰততে শান্তিস্থাপন কৰিব বিচাৰিছিল এনে নহয়, গোটেই বিশ্বতে তেওঁ এই নীতিৰে শান্তি স্থাপন কৰিব খুঁজিছিল। বিশ্বৰ শান্তিৰ কাৰণে তেওঁ পঞ্চশীল নীতি দাঙি ধৰে। জৱাহৰলাল নেহেৰুৰ দৰে বহুমুখী প্ৰতিভাশালী ৰাজনৈতিক নেতা পৃথিবীত কমেই আছে। নেহৰু ভাৰতৰ গৌৰৱ। তেওঁৰ আদৰ্শত অনুপ্ৰাণিত হৈয়েই তেওঁৰ সুযোগ্য কন্যা ইন্দিৰাগান্ধী আজি ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আসন শোভা কৰিব পাৰিছে। নেহৰুৰ দৰে জীৱনৰ আদৰ্শ সমগ্ৰ দেশবাসীয়ে গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা উচিত। নেহৰুৰ গুণানুকীৰ্ত্তন কৰি অকল সভাসমিতি পাতিলেই তেওঁলৈ সন্মান জনোৱা নহয়। তেওঁৰ আদৰ্শ জীয়াই ৰাখিব পাৰিলেহে তেওঁলৈ যথাযোগ্য সম্মান আগবঢ়োৱা হ’ব।

[ ১১৪ ]

দ্বাবিংশ পাঠ

প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা

মোৰ প্ৰিয় বন্ধু

 প্ৰঃ—মোৰ প্ৰিয় বন্ধুজনৰ নাম কি?

 উঃ-মোৰ প্ৰিয় বন্ধুজনৰ নাম•••••• |

 প্ৰঃ—বন্ধুজনৰ পৰিচয় কি?

 উঃ—তেওঁৰ দেউতাকৰ মাম••••••। তেওঁ এজন•••••

 প্ৰঃ—তেওঁৰ ঘৰ ক’ত?

 উঃ—তেওঁৰ ঘৰ আমাৰ ওচৰৰে••••••ত।

 প্ৰঃ—বন্ধুজনক মই ভাল পোৱাৰ কাৰণ কি?

 উঃ—... ... ... ...

  ... ... ... ...

  ... ... ... ...

  ... ... ... ...

 এই বিলাক কাৰণতে তেওঁক মই বৰ ভাল পাওঁ।

 প্ৰঃ—মই মোৰ বন্ধুক কেতিয়াবা কিবা সহায় কৰোঁনে?

 উঃ—... ... ... ...

 প্ৰঃ—কোনো উৎসৱ পাৰ্ব্বন আদিত তেওঁ মোক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰে নে?

 উঃ—... ... ... ... [ ১১৫ ]  প্ৰঃ-উৎসৱ পাৰ্ব্বন আদিত মই তেওঁক নিমন্ত্ৰণ কৰোঁনে?

 উঃ–... ... ... ...

 প্ৰঃ-আমাৰ বন্ধুত্ব আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম নে?

 উঃ–... ... ... ...

 * ওপৰৰ প্ৰশ্নোত্তৰবোৰ ভাবি উলিয়াই তোমাৰ প্ৰিয় বন্ধুৰ বিষয়ে এখন ৰচনা লিখা।



ত্ৰয়োবিংশ পাঠ

১। চিঠি লিখাৰ কথা

 দূৰত থকা জনলৈ মনৰ ভাব বা ঘৰুৱা খা-খবৰ আদি কাগজত লিখি পঠোৱা হয়। দূৰত থকা জনেও মনৰ ভাব বা ঘৰুৱা খা-খবৰ আদি কাগজত লিখি পঠায়। এইদৰে ইজনে সিজনলৈ মনৰ ভাব আদি লিখি পঠোৱা কাগজকে চিঠি বোলে।

 চিঠি সাধাৰণতে দুই ধৰণে পঠাব পাৰি। যেনেঃ —হাতে হাতে আৰু ডাকঘৰৰ জৰিয়তে। দূৰত থকা জনলৈ সাধাৰণতে ডাকঘৰৰ জৰিয়তে পঠোৱা হয়। হাতে হাতে দিয়া চিঠিত টিকট লগাব নালাগে। ফুলস্কেপ কাগজত লিখি লেফাফা অৰ্থাৎ খামত ভৰাই দি খামটোৰ ওপৰত যালৈ দিয়া হয় তেওঁৰ নাম ঠিকনা লিখি দিলেই হয়। কিন্তু ডাকঘৰৰ জৰিয়তে দিয়া চিঠিত কিছুমান নিয়ম মানিব লগা হয়। যেনেঃ— চিঠিৰ ওজন অনুপাতে টিকট লগোৱা, নিৰ্দ্দিষ্ট স্থানত নাম [ ১১৬ ] ঠিকনা আদি লিখা ইত্যাদি। ডাকঘৰৰ জৰিয়তে টিকট নলগোৱাকৈয়ো চিঠি দিব পাৰি। কিন্তু তেনে চিঠিক ব্যাৰিং চিঠি বোলে। এই চিঠি পাওঁতা জনে দ্বিগুণ পইচা দি খালাচ কৰিব লাগে। গুৰুত্বপূৰ্ণ চিঠিবোৰ ‘এক্সপ্ৰেছ’ আৰু ‘ৰেজিষ্টাৰ্ড’ কৰিও পঠাব পাৰি। এনেকৈ পঠালে খৰচ বেছি হয়।

চিঠিৰ ভাগ

 চিঠিৰ প্ৰধান ভাগ দুটা। (১) গৰ্ভ আৰু (২) শিৰোনামা।

 গৰ্ভৰ ভাগ আকৌ পাঁচোটা। (১) ইষ্টদেৱতাৰ নাম, (২) চিঠি দিওঁতাৰ ঠিকনা আৰু তাৰিখ, (৩) সম্বোধন, (৪) মনৰ ভাব বা খা- খবৰ, (৫) চিঠি দিওঁতাৰ নাম।

 শিৰোনামাত যালৈ পঠোৱা হয়, তেওঁৰ সম্পূৰ্ণ নাম ঠিকনা আদি লিখা হয়। চিঠি পোৱাত সুবিধাৰ বাবে কেতিয়াবা চিঠি পাওঁতাজনৰ কোনো স্থায়ী সম্বন্ধীয় লোক থাকিলে তেওঁৰ মাৰফত (c/o)ত পঠোৱা হয়।

 ইষ্টদেৱতাৰ নাম আজিকালি কিছুমানে নিলিখে। ‘অফিচ’ আদিলৈ দিয়া চৰকাৰী চিঠিপত্ৰত ইষ্টদেৱতাৰ নাম লিখাৰ আৱশ্যক নাই।

 সম্বোধনৰ ক্ষেত্ৰত মনত ৰাখিবাঃ—

 (১) মাননীয় লোকলৈ (পুৰুষ হলে ) পূজনীয়েষু, শ্ৰদ্ধাস্পদেষু, শ্ৰীচৰণেষু আদি লিখিব লাগে।

 (২) মাননীয়া লোকলৈ, ( তিৰোতাৰ ক্ষেত্ৰত ) পূজনীয়াষু, শ্ৰীচৰণেষু আদি লিখিব লাগে।

 (৩) পিতৃ-মাতৃলৈ লিখিবলৈ হ’লে পিতৃৰ ক্ষেত্ৰত পৰম পূজনীয় পিতাদেউ আৰু মাতৃৰ ক্ষেত্ৰত পৰম পূজনীয়া মা বুলি লিখা ভাল। [ ১১৭ ]  (৪) সন্মানীয়জনে সৰুলৈ লিখিবলৈ হ’লে (পুৰুষ হ’লে ) মৰমৰ বোপা, কল্যাণীয় বোপা বুলি সম্বোধন কৰিব পাৰে। নাইবা ‘মৰমৰ’ বুলি লিখি তাৰ পিছত সৰুজন বা সৰুজনীৰ নামটো লিখিব পাৰে। যেনেঃ—মৰমৰ ৰমেন, মৰমৰ ৰমেশ, মৰমৰ ইলা ইত্যাদি।

 (৫) সমনীয়া বন্ধুলৈ হ’লে প্ৰিয়বন্ধু, প্ৰিয়বৰেষু, বন্ধুবৰেষু আদি লিখিব লাগে। মৰমৰ বুলি লিখি তাৰ পিছত বন্ধুজনৰ নাম লিখিবও পাৰি। যেনে :—মৰমৰ অতুল, মৰমৰ ৰাতুল ইত্যাদি।

 (৬) সমনীয়া বান্ধৱীলৈ হ’লে—মৰমৰ বুলি লিখি তাৰ পিছত বান্ধৱীৰ নামটো লিখিব লাগে।

 (৭) ‘অফিচ’ আদিলৈ লিখা চৰকাৰী চিঠিত ‘মহাশয়’ বুলি সম্বোধন কৰিব লাগে।

 (৮) নিমন্ত্ৰণী চিঠিত সবিনয় নিবেদন বা ডাঙৰীয়া লিখিব লাগে।

 চিঠি লিখা শেষ হোৱাৰ সময়ত মন দিবলগীয়াঃ

 (১) চিঠি লিখা শেষ হলে ‘ইতি’ লিখিব লাগে।

 (২) ‘ইতি’ৰ পিছত মানীজনলৈ লিখা চিঠিত (পুংলিঙ্গ ) সেৱক, (স্ত্ৰীলিঙ্গ) সেৱিকা, “আপোনাৰ বিশ্বাসী”, “আপোনাৰ স্নেহাকাঙ্খী” আদি লিখিব লাগে।

 (৩) সৰুলৈ লিখা চিঠিত “আশীৰ্ব্বাদক”, “শুভাকাঙ্খী” পুৰুষে লিখিব লাগে। আৰু “আশীৰ্ব্বাদিকা”, শুভাকাঙ্খিনী” ইত্যাদি তিৰোতাই লিখিব লাগে।

 (৪) সমনীয়া বন্ধুলৈ হ’লে—“তোমাৰ” বা “তোমালোকৰ”, তোমাৰ বন্ধু আদি লিখিব লাগে।

 (৫) নিমন্ত্ৰণী চিঠিত ‘ইতি’ৰ পিছত ‘বিনীত’ লিখা ভাল। [ ১১৮ ]  (৬) অফিচ আদিলৈ দিয়া চৰকাৰী চিঠিত “আপোনাৰ বিশ্বাসী” বুলি লিখিব লাগে।

 (৭) ‘ইতি’ লিখি তাৰ তলত সন্মান, বয়স, ব্যক্তি আদিলৈ চাই (১) ৰ পৰা (৬) লৈ লিখা কথাখিনিৰ পিছত চিঠি দিওঁতাৰ নাম বা চহী লিখিব লাগে। পিতৃ-মাতৃলৈ লিখিলে ল’ৰাই সেৱক বা ছোৱালীয়ে সেৱিকা লিখাৰ পিছত ঘৰত মতা নামো লিখিব পাৰে।

 (৮) চিঠি সম্পূৰ্ণ লিখা হোৱাৰ পিছত যালৈ পঠোৱা হয় তেওঁৰ নাম ঠিকনা পোষ্টকাৰ্ড, অন্তৰ্দ্দেশীয় পত্ৰ আদিত থকা নিৰ্দ্দিষ্ট ঠাইত লিখি ডাকঘৰত দিব লাগে। পোষ্ট কাৰ্ডত ২য় পিঠিত ঠিকনা লিখা ঠাই নিৰ্দ্দিষ্টকৈ ৰখা হৈছে। তাত ঠিকনা লিখিব লাগে। খাম বা লেফাফাৰ পিঠিৰ ফালটোত ঠিকনা লিখিব লাগে। অন্তৰ্দ্দেশীয় পত্ৰতো নিৰ্দ্দিষ্ট ঠাই ঠিকনাৰ বাবে ৰাখি থোৱা আছে। তাতেহে ঠিকনা লিখিব লাগে।

 মুছলমানী মতে :-

 (১) ইষ্টদেৱতাৰ ঠাইত ‘হবিব সহায়’, ‘ইয়াৰব’, ‘আল্লাহু’, ‘এলাহি ভৰসা’, ‘খোদা ভৰসা’, ‘হুৱালগণি’ আদি লিখা হয়।

 (২) মাননীয় জনলৈ লিখিবলৈ হ'লে ‘জোনাবেষু'; ‘পাক জোনাবেষু; ‘বদেখমতে জোনাব’ আদিৰে সম্বোধন কৰা হয়। পিতৃ মাতৃলৈ লিখিলে পিতৃৰ ক্ষেত্ৰত ‘বাবাজান’ আৰু মাতৃৰ ক্ষেত্ৰত ‘মাজান’ লিখা হয়।

 (৩) সামৰণিত লিখা নামৰ আগত ‘খাদেম’ বা ‘খাকচাৰ আদি লিখা হয়। আজিকালি সামৰণিত লিখা নামৰ আগত কিছুমানে হিন্দুৱে লিখাৰ দৰেও লিখা আৰম্ভ কৰিছে।

 (৪) সৰুলৈ লিখা চিঠিত ‘কদৰেযু’, ‘দোৱাবৰেষু’ আদিৰে সম্বোধন [ ১১৯ ] কৰা হয় আৰু সামৰণিৰ চহীৰ বা নামৰ ওপৰত ‘দোৱাগো’ লিখা হয়। আজিকালি কিছুমানে সৰুলৈ লিখিলেও সম্বোধন কৰোঁতে আৰু নিজৰ নামৰ ওপৰত লিখোঁতে হিন্দুৱে লিখাৰ দৰে লিখা দেখা যায়।

 (৫) প্ৰায়বোৰ চিঠিতে আশীৰ্ব্বাদৰ ঠাইত দোৱা আৰু প্ৰণামৰ ঠাইত ‘আদাব তচলিম’ বুলি লিখা হয়।

 (৬) পূজনীয় লোকলৈ লিখোঁতে শিৰোনামাত নামৰ আগত (স্ত্ৰী) মখ্ দুমা মচম্মৎ ’বখেদমতেওৱালা’, ‘বখেদমতে চৰিফ’ আদি লিখি নামৰ পিছত বখেদমতেষু’, ‘মোবাৰক জোনাবেষু' ইত্যাদি লিখিব লাগে।

 (৭) সৰুলৈ লিখোঁতে শিৰোনামাত নামৰ আগত ‘আজিজুল কদৰ’ বা ‘নুৰচশম’ আদি লিখি নামৰ পিছত ‘দোৱাবৰষু', (স্ত্ৰী) ‘খেদমতেষু’, ‘চালামতেষু আদি লিখিব লাগে।

 (৮) আজিকালি নামৰ আগত “শ্ৰী’’ লিখাৰ নিয়ম প্ৰচলন হৈছে।

[ ১২০ ]

২। চিঠিৰ আৰ্হি

পুতেকে পিতাকলৈ লিখা চিঠি

শ্ৰীহৰি

আৰ্য্যবিদ্যাপীঠ উচ্চতৰ বহুমুখী বিদ্যালয়

পোঃ আঃ—গোপীনাথ নগৰ

গুৱাহাটী— ১৬

২০।৫।৭৭ ইং তাং


পৰম পূজনীয় পিতাদেউ,

 মোৰ সেৱা লব। বৰ্ত্তমান মোৰ ভাল। আশাকৰোঁ ভগৱানে আপোনাকো কুশলে ৰাখিছে। অহা মাহৰ ১৫ তাৰিখে আমাৰ স্কুলৰপৰা এটা সাংস্কৃতিক দল উৰিষ্যালৈ যাব। আপুনি জানি সুখী হব যে সেই দলত মোৰ নামটোও ভৰ্ত্তি কৰিছে। আপুনি শিকোৱা বৰগীতটো মই উৰিষ্যাত গাব লাগিব। আমি যোৱা সময়ত উৰিষ্যাত হেনো জাৰ পৰিব। তাত মোক গৰম পোচাক এযোৰৰ দৰকাৰ হব। ইতিমধ্যে আপুনি দিয়া টকাখিনি মোৰ প্ৰায় শেষ হৈ আহিছে। গতিকে কাপোৰ কিনিবলৈ অতি সোনকালে মোৰ নামত ২০০ টকা পঠাই দিব বুলি আশা কৰিলোঁ। উৰিষ্যালৈ অহা-যোৱা খৰচ আমাক চৰকাৰে দিব। তাত আমি এসপ্তাহ থাকিম। [ ১২১ ]  মোৰ পঢ়া-শুনা ভালদৰে চলিছে! পৰীক্ষাত যাতে ১ম হৈ উত্তীৰ্ণ হব পাৰোঁ তাৰ বাবে যত্ন কৰি আছোঁ। ইয়াৰ মাজত পাৰিলে এবাৰ ঘৰলৈ যোৱাৰ চেষ্টা কৰিম।

 পূজনীয়া মাক সেৱা জনালোঁ। মৰমৰ ভাই-ভনীহঁতলৈ মোৰ মৰম জনালোঁ। ইতি—


সেৱক

শ্ৰীঅতুলচন্দ্ৰ বৈশ্য


শিৰোনামা

        টিকট

শ্ৰীবন্তিৰাম বৈশ্য
সাং−বালিলেছা
পোঃ আঃ − বিলিলেছা
জিলা − কামৰূপ

[ ১২২ ]

পিতাকে পুতেকলৈ লিখা চিঠি

শ্ৰীহৰি

সাং—বালিলেছা

পোঃ—বালিলেছা

২৫।৫।৭৭ ইং তাং

কল্যাণীয় বোপা,

 তোমাৰ ২০।৫।৭৭ ইং তাৰিখৰ চিঠিখন পাইছোঁ। তুমি উৰিষ্যালৈ যাবা বুলি জানি মই অতি আনন্দিত হৈছোঁ। তোমাৰ মা আনন্দত অধীৰ হৈছে। ওচৰ চুবুৰীয়ায়ো এই বাতৰি শুনি সুখ প্ৰকাশ কৰিছে। ভালদৰে পঢ়াশুনা কৰা। পৰীক্ষাত সুনাম কৰি উত্তীৰ্ণ হৈ থাকিবা৷ তোমাক ভবিষ্যতে শাস্ত্ৰীয় সঙ্গীত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম।

 তোমাৰ নামত ৩০০ টকা মণিঅৰ্ডাৰ কৰি পঠালোঁ। তিনি চাৰিদিনৰ ভিতৰতে পাবা। ইয়াৰে তুমি এযোৰ গৰম কাপোৰ কিনিবা আৰু বাকী থকা টকাখিনি উৰিষ্যালৈ যাওঁতে লগত লৈ যাবা। হঠাৎ টকাৰ দৰকাৰ হব পাৰে। তোমাৰ নিজৰ, স্কুলৰ লগতে আমাৰো যাতে সুনাম ৰাখিব পাৰা তাৰ বাবে চেষ্টা কৰিবা। যদি সময় উলিয়াব পাৰা, উৰিষ্যালৈ যোৱাৰ আগতে এবাৰ ঘৰলৈ আহি যাবা। মাৰাই তোমাক বহুদিন নেদেখি দুখ কৰি আছে। ইতি—

আশীৰ্ব্বাদক

শ্ৰীবন্তিৰাম বৈশ্য

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।