পৃষ্ঠা:ৰচনা মালিকা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম পাঠ

কাল

 কাল মানে সময়। ক্ৰিয়া সম্পন্ন হোৱা এটা নিৰ্দিষ্ট সময় আছে। ক্ৰিয়াৰ এই সময়কে কাল বোলে।

কাল তিনিবিধ

 (১) বৰ্ত্তমান কাল

 (২) অতীত কাল বা ভূত কাল

 (৩) ভৱিষ্যৎ কাল

 (১) বৰ্ত্তমান কাল :

 তলৰ বাক্য কেইটা পঢ়া আৰু বৰ হাতৰ পদ কেইটালৈ লক্ষ্য কৰা—

 মানুহ মৰে। পৃথিবী ঘূৰে। আমি ভাত খাওঁ। ৰাম, তুমি স্কুললৈ যোৱা। সি পঢ়িছে।

 ইয়াত মৰে, ঘূৰে, খাওঁ, যোৱা, পঢ়িছে বৰ্ত্তমান কালৰ ক্ৰিয়া। মানুহ মৰে। ইয়াত ‘মৰে’ ক্ৰিয়াই মানুহ এতিয়াও মৰে, সদায় মৰে বুজাইছে। মানুহ মৰাটো এটা নিয়ম। তেনেকৈ ‘ঘূৰে’ ক্ৰিয়াই পৃথিবী এতিয়াও ঘূৰে, সদায় ঘূৰে বুজাইছে। পৃথিবী ঘূৰাটো এটা নিয়ম। ‘খাওঁ’ ক্ৰিয়াই ভাত এতিয়াও খাওঁ আৰু সদায় খাওঁ বুজাইছে। খোৱাটো আমাৰ এটা অভ্যাস। ‘যোৱা’ ক্ৰিয়াই যোৱা কামটো চলিত সময়ত হোৱা বুজাইছে। ‘পঢ়িছে’ ক্ৰিয়াটোৰ অৰ্থ হল ‘পঢ়ি আছে’।