পৃষ্ঠা:ৰচনা মালিকা.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
ৰচনা মালিকা


কৰা হয় আৰু সামৰণিৰ চহীৰ বা নামৰ ওপৰত ‘দোৱাগো’ লিখা হয়। আজিকালি কিছুমানে সৰুলৈ লিখিলেও সম্বোধন কৰোঁতে আৰু নিজৰ নামৰ ওপৰত লিখোঁতে হিন্দুৱে লিখাৰ দৰে লিখা দেখা যায়।

 (৫) প্ৰায়বোৰ চিঠিতে আশীৰ্ব্বাদৰ ঠাইত দোৱা আৰু প্ৰণামৰ ঠাইত ‘আদাব তচলিম’ বুলি লিখা হয়।

 (৬) পূজনীয় লোকলৈ লিখোঁতে শিৰোনামাত নামৰ আগত (স্ত্ৰী) মখ্ দুমা মচম্মৎ ’বখেদমতেওৱালা’, ‘বখেদমতে চৰিফ’ আদি লিখি নামৰ পিছত বখেদমতেষু’, ‘মোবাৰক জোনাবেষু' ইত্যাদি লিখিব লাগে।

 (৭) সৰুলৈ লিখোঁতে শিৰোনামাত নামৰ আগত ‘আজিজুল কদৰ’ বা ‘নুৰচশম’ আদি লিখি নামৰ পিছত ‘দোৱাবৰষু', (স্ত্ৰী) ‘খেদমতেষু’, ‘চালামতেষু আদি লিখিব লাগে।

 (৮) আজিকালি নামৰ আগত “শ্ৰী’’ লিখাৰ নিয়ম প্ৰচলন হৈছে।