৪। অব্যয় পদ
অব্যয়ৰ অৰ্থ ব্যয় নোহোৱা। অৰ্থাৎ খৰচ নোহোৱা। তাৰ
মানে অব্যয়ৰ লগত কোনো বিভক্তি আদি যোগ নহয়। ৰূপৰ
কোনো পৰিৱৰ্ত্তন নোহোৱাকৈয়ে ই বাক্যত ব্যৱহাৰ হয়। অব্যয়
কি তলত উদাহৰণসহ বুজাই দিয়া হ’ল।
কমলা আৰু মাইকণ বাই-ভনী। এই বাক্যটোত কমলা, আৰু, মাইকণ, বাই-ভনী—প্ৰত্যেকটোৱে একো একোটা পদ। প্ৰয়োজন অনুসৰি—কমলা, মাইকণ, বাই-ভনী এই তিনিটা পদৰ ৰূপৰ পৰিৱৰ্ত্তন ঘটাব পাৰি। যেনে :— কমলা + ক = কললাক; কমলা +ৰ= কমলাৰ; মাইকণ+ অক = মাইকণক; মাইকণ+অৰ= মাইকণৰ; বাই-ভনী+ক = বাই-ভনীক; বাই-ভনী+ৰ= বাই-ভনীৰ ইত্যাদি।
কিন্তু আৰু পদটোৰ লগত কোনো বিভক্তি আদি যোগ নহয়। আৰু+ক = আৰুক; আৰু+লৈ আৰুলৈ। আৰুক, আৰুলৈ এনে ধৰণৰ অৰ্থ নোহোৱা পদ বাক্যত ব্যৱহাৰ হোৱা ক’ৰবাত শুনিছানে? আৰুক, আৰুলৈ আদিৰ দৰে পদ অসমীয়া ভাষাত নাই। গতিকে দেখা গল যে ‘আৰু’-ৰ ৰূপৰ কোনো পৰিৱৰ্ত্তন নাই। ই যি দৰে আছে সেইদৰেই বাক্যত ব্যৱহাৰ হয়। এনে ধৰণৰ ৰূপৰ সাল-সলনি নোহাৱা পদবোৰকে অব্যয় পদ বোলে। তেনেহলে—
‘কমলা আৰু মাইকণ বাই-ভনী। ’ এই বাক্যটোতে থকা ‘আৰু’ পদটো অব্যয় পদ।