পৃষ্ঠা:ৰচনা মালিকা.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ৰচনা মালিকা

ইয়াৰে গৰুৱে আত্মৰক্ষা কৰে। গৰুৰ তলৰ পাৰি দাঁতহে আছে। ওপৰৰ পাৰি দাঁত নাই; কিন্তু ওপৰৰ ঠৰুৱা পাৰি ৰবৰৰ দৰে ডাঠ। ঠৰুৱা আৰু দাঁতেৰে গৰুৱে ঘাঁহবোৰ চিঙি চিঙি পেটত ভৰায়। গৰুৰ ঠেং চাৰিখন। গাটোৰ তুলনাত ঠেং কেইখন সৰু। খুৰাবোৰ ফটা। সেই কাৰণে ই বোকাত সহজে খোজ কাঢ়িব পাৰে।

গাটো চুটি চুটি নোমেৰে ঢকা। নোমবোৰে ইয়াক জাৰ আৰু জহৰ পৰা ৰক্ষা কৰে। গৰুৰ নেজডালৰ মুৰত একোছা দীঘল চুলি থাকে। ইয়াৰে ই মাখি, মহ, ডাঁহ আদি খেদে। কিছুমান গৰুৰ শিং নাথাকে। শিং নোহোৱা গৰুক লাওমূৰা বোলে।

 গৰু নানা বৰণৰ আছে। যেনে ৰঙা, বগা, কলা, মুগা; পখৰা ইত্যাদি।

 গৰুক প্ৰধানকৈ দুটা শ্ৰেণীত ভগাব পাৰি। যেনে:— মতা গৰু আৰু মাইকী গৰু। মতা গৰুক আকৌ তিনিটা ভাগত ভগাব পাৰি। যেনে:— দমৰা, ষাঁড় আৰু বলদ। মতাগৰুক সৰুতে দমৰা বোলে। দমৰাবোৰ শকত-আৱত আৰু ডাঙৰ হৈ উঠিলে সিহঁতক