পৃষ্ঠা:ৰচনা মালিকা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
ৰচনা মালিকা

ব’হাগ মাহত সাত বিহুৰ পিছদিনাখন গাৱঁত ভঠেলী উৎসৱ পতা হয়। সিদিনাখন গাৱঁৰ ডেকাসকলে কালীসাগৰ পুখুৰীত ৰংমনে সাঁতোৰে আৰু পুখুৰীৰ মাজত থকা নাগমাটিত কলপুলি পুতি মাল্য- দান কৰে। ইয়াৰ উপৰিও আমাৰ গাৱঁত কালীপূজা, দুৰ্গাপূজা, লক্ষ্মীপূজা আদি ৰাজহুৱাভাৱে পালন কৰা হয়।

 প্ৰঃ—আমাৰ গাওঁখন বিশেষকৈ কিহৰ কাৰণে বিখ্যাত?

 উঃ— আমাৰ গাওঁখন বিশেষকৈ কালীমন্দিৰৰ কাৰণে বিখ্যাত। গোটেই বছৰ জুৰি তীৰ্থযাত্ৰীসকল দূৰ-দূৰণিৰপৰা এই মন্দিৰ দৰশনৰ বাবে বালিলেছালৈ আহে। বিশেষকৈ মাঘ মাহত যাত্ৰী- সকলৰ সমাগম বেছি হয়। এই সমাগমত গোটেই মাঘ মাহ জুৰি গাওঁখন আনন্দমুখৰ হৈ থাকে।

 প্ৰঃ—আমাৰ গাওঁখনৰ জলবায়ু কেনেকুৱা?

 উঃ—আমাৰ গাৱঁৰ জলবায়ু ভাল। মানুহবোৰৰ বেমাৰ-আজাৰ বেছি নহয়। গাৱঁৰ সকলো মানুহেই স্বাস্থ্যবান। বিশুদ্ধ খোৱা পানীৰ বাবে গাওঁখনৰ চুবুৰীয়ে চুবুৰীয়ে দ’ম কল আদিৰ সুন্দৰ ব্যৱস্থা আছে।

 প্ৰঃ—আমাৰ গাৱঁৰ মানুহবোৰৰ মাজত মিলাপ্ৰীতি আছে নে?

 উঃ—আমাৰ গাৱঁৰ মানুহবোৰৰ মাজত বৰ মিলাপ্ৰীতি আছে। পৰস্পৰে পৰস্পৰক বিপদে-আপদে সহায় কৰে। কেতিয়াবা কোনো কাজিয়া পেচাল লাগিলেও গাওঁবুঢ়া আৰু গাৱঁৰ মুখীয়াল সকল লগ লাগি সভা পাতে আৰু কাজিয়াৰ মীমাংসা কৰি দিয়ে।

 প্ৰঃ—আমাৰ গাওঁখন আমি ভাল পাওঁনে?

 উঃ—আমাৰ জন্মভূমি গাওঁখন আমি অন্তৰেৰে ভাল পাওঁ।