পৃষ্ঠা:ৰচনা মালিকা.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
ৰচনা মালিকা


তাৰ পিছত ভালদৰে বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ইং ১৯১২ চনত ভাৰতলৈ উভতি আহে।

 জৱাহৰলালে ভাৰতলৈ আহি পোনতে এলাহাবাদ আদালতত ওকালতি কৰে। কিন্তু তাত তেওঁৰ মন নবহিল। তেওঁ দেশৰ কামত আত্মনিয়োগ কৰিলে। ভাৰতৰ জাতীয় অনুষ্ঠান কংগ্ৰেছত তেওঁ যোগদান কৰিলে। ইতিমধ্যে মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ- পৰা ভাৰতলৈ উভতি আহিল। 'মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ মহাসভা শক্তিশালী হৈ উঠিল। গান্ধীজীয়ে ভাৰতত স্বাধীনতা আন্দোলন গঢ়ি তুলিলে। সেই সময়তে ইং ১৯১৬ চনত জৱাহৰলাল নেহৰু গান্ধীজীৰ প্ৰধান ৰাজনৈতিক শিষ্য হ’ল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিল। বৃটিছ চৰকাৰৰ লগত অসহযোগ কৰি আন্দোলন কৰা কাৰণে নেহৰুৱে কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল।

 ইং ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ’ল। নেহৰু হ'ল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী। তেওঁ একেৰাহে সোতৰ বছৰকাল ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল।

 নেহৰু যে অকল ৰাজনৈতিক নেতাই আছিল এনে নহয়। তেওঁ এনজ প্ৰতিভাশালী সাহিত্যিকো আছিল। তেওঁ অতি ব্যস্ত কৰ্ম্মময় জীৱনৰ মাজতো সময় উলিয়াই কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰে। সেই গ্ৰন্থসমূহ হ’ল-‘লেটাৰ ফ্ৰম ফাদাৰ টু হিজ ডটাৰ’, ‘গ্ৰীমচেচ, অব্‌ ৱাৰ্ল্ড হিষ্ট্ৰী’, ‘আত্মজীৱনী’ আৰু ‘ডিচ্কভাৰী অব্ ইণ্ডিয়া’। এই গ্ৰন্থবোৰ তেওঁ কাৰাবাসত থকা সময়ত লিখি উলিয়ায়।