পৃষ্ঠা:ৰচনা মালিকা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
ৰচনা মালিকা

নাহিল ময়ো নগলোঁ। ইয়াত গলোঁহেঁতেন’ ক্ৰিয়াটোৱে হৰি আহিলে ময়ো হৰিৰ লগত যোৱাৰ সম্ভাৱনা আছিল কথাটো বুজাইছে। আকৌ ‘অহাহেঁতেন’ ক্ৰিয়াটোৱেও হৰি অহাৰ সম্ভাৱনা আছিল কথাটো বুজাইছে। পিছে হৰি অহাটো হৈ নুঠিল, গতিকে মোৰো যোৱাটো হৈ নুঠিল। সময় এনেয়ে উকলি গ’ল। এতিয়া ভালদৰে মনত ৰাখিবাঃ

 অতীত কালৰ ক্ৰিয়াই কোনো এটা কাম এইমাত্ৰ শেষ কৰা বা হোৱা নাইবা আগতে শেষ কৰা বা হোৱা নাইবা —

 কোনো কাম আগতে কৰা বা হোৱা কথা আছিল; কিন্তু কৰা নহ’ল বা হৈ নুঠিল এনে ভাবো বুজায়।

 গতিকে,

 কোনো কাম এইমাত্ৰ শেষ হোৱা বুজাবলৈ নাইবা আগতে শেষ হোৱা বুজাবলৈ নাইবা কোনো কাম আগতে শেষ হোৱা কথা আছিল; কিন্তু শেষ নোহোৱাকৈ সময় উকলি গ’ল—এনে ভাব বুজাবলৈ যি কাল ব্যৱহাৰ কৰা হয় তাকে অতীত কাল বোলে।

 (৩) ভৱিষ্যৎকাল :

 তলৰ বাক্য দুটা পঢ়া আৰু বৰ হাতৰ পদ কেইটালৈ লক্ষ্য কৰা—

 সি চিলঙলৈ যাব। দেউতাই পুতলা আনিব

 ইয়াত ‘যাব’ আৰু ‘আনিব’ ক্ৰিয়া দুটা ভৱিষ্যৎ কালৰ ক্ৰিয়া। সি চিলঙলৈ যাব। অৰ্থাৎ আগলৈ কোনোবা এদিন যাব, আজি নাযায়। ক্ৰিয়াৰ কামটো আগলৈহে সম্পন্ন হব। সেইদৰে দেউতাই পুতলা আনিব। পুতলা আগলৈহে আনিব, আজি নানে। এইদৰে