পৃষ্ঠা:ৰচনা মালিকা.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
ৰচনা মালিকা


 প্ৰঃ-উৎসৱ পাৰ্ব্বন আদিত মই তেওঁক নিমন্ত্ৰণ কৰোঁনে?

 উঃ–... ... ... ...

 প্ৰঃ-আমাৰ বন্ধুত্ব আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম নে?

 উঃ–... ... ... ...

 * ওপৰৰ প্ৰশ্নোত্তৰবোৰ ভাবি উলিয়াই তোমাৰ প্ৰিয় বন্ধুৰ বিষয়ে এখন ৰচনা লিখা।



ত্ৰয়োবিংশ পাঠ

১। চিঠি লিখাৰ কথা

 দূৰত থকা জনলৈ মনৰ ভাব বা ঘৰুৱা খা-খবৰ আদি কাগজত লিখি পঠোৱা হয়। দূৰত থকা জনেও মনৰ ভাব বা ঘৰুৱা খা-খবৰ আদি কাগজত লিখি পঠায়। এইদৰে ইজনে সিজনলৈ মনৰ ভাব আদি লিখি পঠোৱা কাগজকে চিঠি বোলে।

 চিঠি সাধাৰণতে দুই ধৰণে পঠাব পাৰি। যেনেঃ —হাতে হাতে আৰু ডাকঘৰৰ জৰিয়তে। দূৰত থকা জনলৈ সাধাৰণতে ডাকঘৰৰ জৰিয়তে পঠোৱা হয়। হাতে হাতে দিয়া চিঠিত টিকট লগাব নালাগে। ফুলস্কেপ কাগজত লিখি লেফাফা অৰ্থাৎ খামত ভৰাই দি খামটোৰ ওপৰত যালৈ দিয়া হয় তেওঁৰ নাম ঠিকনা লিখি দিলেই হয়। কিন্তু ডাকঘৰৰ জৰিয়তে দিয়া চিঠিত কিছুমান নিয়ম মানিব লগা হয়। যেনেঃ— চিঠিৰ ওজন অনুপাতে টিকট লগোৱা, নিৰ্দ্দিষ্ট স্থানত নাম