পৃষ্ঠা:ৰচনা মালিকা.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
ৰচনা মালিকা

পুৱাৰে পৰা সন্ধিয়ালৈকে এটোপা পানীও গ্ৰহণ নকৰে। গোটেই দিনটো উপবাসে থাকি কঠোৰ ব্ৰত পালন কৰে। সন্ধিয়াৰ লগে লগে অলপ লঘু আহাৰেৰে ব্ৰত ভঙ্গ কৰে আৰু তাৰ পিছত মছজিদলৈ গৈ নামাজ পঢ়ে। ইয়াকে তাৰাবী নামাজ বোলে। এই মাহত তেওঁলোকে ৰাতি এসাজ মাত্ৰ ভাত খায়। এইদৰে এমাহ ব্ৰত পালন কৰাৰ পিছত শুক্লপক্ষৰ আকাশত ‘চান’ চাই তেওঁলোকে আল্লাৰ উদ্দেশ্যে তচলিম ( প্ৰণাম ) কৰি সম্পূৰ্ণকৈ ব্ৰত ভঙ্গ কৰে।

 পিছদিনা সকলোৱে নতুন কাপোৰ পিন্ধি সমবেত হৈ মছজিদ বা ইদ্ গাহলৈ যায়। প্ৰত্যেক মুছলমানে এই দিনটোত নামাজ পঢ়াৰ আগে আগে দুখীয়া-দৰিদ্ৰসকললৈ এটি দান দিব লাগে। এই দানক ‘ফিট্ ৰা’ বোলে। প্ৰত্যেক মুছলমানে নিজৰ বাবে নিৰূপিত পৰিমাণৰ দান আগবঢ়াইহে ঈদৰ নামাজত বহিব পাৰেগৈ। এই দিনটোত ধনী-দুখীয়া সকলোৰে মুখত আনন্দৰ হাঁহি বিৰিঙে। ধনী-দুখীয়াৰ কোনো ব্যৱধান নাথাকে। প্ৰত্যেকেই ইজনে-সিজনক আলিঙ্গন কৰে। সৰুৱে ডাঙৰক তচলিম কৰে আৰু ডাঙৰে সৰুক আশীৰ্ব্বাদ দিয়ে। সকলোৱে একেলগে বহি নামাজ পঢ়ে।

 প্ৰঃ—এই অনুষ্ঠানে মানুহক কি শিক্ষা দিয়ে?

 উঃ-ঈদ্-উল্-ফিটৰ অনুষ্ঠানে মানুহক ত্যাগী হবলৈ শিকায়। এই অনুষ্ঠানে মানুহৰ মাজত ভাতৃত্বভাব স্থায়ী কৰে।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰ চাই ঈদ্-উল্-ফিটৰৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸻⸺