পৃষ্ঠা:ৰচনা মালিকা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ৰচনা মালিকা


ধাতুৰ লগত বেলেগ বেলেগ ধাতু বিভক্তি যোগ হলে ক্ৰিয়াপদ গঠন হয়। তলত কেইটামান ক্ৰিয়াৰ গঠন দেখুওৱা হ’ল।

 ক্ৰিয়াপদ    ধাতু    ধাতু বিভক্তি 

যাওঁ
উঠিছিলা
বহিম
খাব

যা
উঠ্
বহ্
খা

ওঁ
ইছিলা
ইম্
ইব


 এইবাৰ কৰি, ধৰি আদি ক্ৰিয়া—কেনেকৈ গঠন হৈছে, চোৱা :—

 ‘কৰি’ ক্ৰিয়াটোৰ ধাতু হ’ল—‘কৰ্’। ‘কৰ’ ধাতুত ‘ই’ বিভক্তি যোগ হৈ ‘কৰি’ ক্ৰিয়া গঠন হৈছে। কৰ্+ই= কৰি। সেইদৰে ‘ধৰি’ ক্ৰিয়াটোৰ ধাতু হ’ল ‘ধৰ্’। ‘ধৰ্’ ধাতুত ‘ই’ বিভক্তি যোগ হৈ ‘ধৰি’ ক্ৰিয়া গঠন হৈছে। ধৰ্ + ই= ধৰি। এইদৰে ধাতুত ‘ই’ বিভক্তি যোগ হৈয়ো ক্ৰিয়াপদ গঠন হয়। এনেকুৱা ক্ৰিয়া কিছুমানৰ গঠন তলত দেখুওৱা হ’ল।

  ক্ৰিয়াপদ   ধাতু  যোগ হোৱা বিভক্তি

মৰি
উঠি
খাই
খেলি
মৰি

মৰ্
উঠ্
খা
খেল্
মৰ্





ৰচনা—২