পৃষ্ঠা:ৰচনা মালিকা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
ৰচনা মালিকা


কেতিয়াও জপিয়াই জপিয়াই বিশৃঙ্খলকৈ ভাবিব নালাগে। এফালৰ পৰা ক্ৰমান্বয়ে ভাবি লিখি গ’লেহে সুন্দৰ ৰচনা গঢ় লৈ উঠিব।

 গতিকে আমি গৰুৰ বিষয়ে ক্ৰমান্বয়ে এফালৰ পৰা ভাবি যাওঁ। এই বিষয়ে আমি যদি কিছুমান ধাৰাবাহিক প্ৰশ্ন ভাবি উলিয়াব পাৰোঁ তেনেহলে তাৰ উত্তৰত গৰুৰ বিষয়ে আমি জনা সকলো কথা ওলাই পৰিব। এতেকে গৰুৰ বিষয়ে আমি যিমানবোৰ প্ৰশ্ন সাজিব পাৰোঁ সেইবোৰ সাজি যাওঁ আৰু লগতে তাৰ উত্তৰবোৰো লিখি উলিয়াওঁ।

 প্ৰশ্ন :—গৰু কি?

 উত্তৰ :— গৰু এবিধ জন্তু।

 প্ৰশ্ন :—এই জন্তু বনৰীয়া নে ঘৰচীয়া?

 উত্তৰ :— গৰু এবিধ ঘৰচীয়া জন্তু। ইয়াক মানুহে পোহে।

 প্ৰশ্ন :—দীঘলে আৰু ওখই ই কেইমিটাৰ মানকৈ হয়?

 উত্তৰ :— গৰু দীঘলে প্ৰায় তিনি মিটাৰ আৰু ওখই প্ৰায় দুই মিটাৰ মনকৈ হয়।

 প্ৰ :— গৰুৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কি কি?

 উ :—ইয়াৰ এখন দীঘল মুখ, দুটা চকু, দুখন কাণ, দুটা শিং, এপাৰি দাঁত, চাৰিখন ঠেং, এটা ডিঙি, ডিঙিৰ তলত এখন গলবিচনী, ডিঙি আৰু পিঠিৰ লগলগা-ঠাইত এটা চুট, এটা শকত গা আৰু এডাল নেজ আছে।

 প্ৰঃ—ইয়াৰ অঙ্গ-প্ৰত্যঙ্গবোৰ কেনেকুৱা আৰু গৰুৱে এই বোৰৰ কোন বিধেৰে কি কাম কৰে?