পৃষ্ঠা:ৰচনা মালিকা.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
ৰচনা মালিকা

 উঃ—গৰুৰ শিং দুটা জোঙা আৰু ঘোৰ খোৱা। ইয়াৰে গৰুৱে আত্মৰক্ষা কৰে। মুখৰ ভিতৰত তলৰ পাৰি দাঁত হে আছে। ওপৰৰ পাৰি দাঁত নাই; পিছে ঠৰুৱা পাৰি ৰবৰৰ দৰে ডাঠ। ঠৰুৱা আৰু দাঁতেৰে গৰুৱে ঘাঁহবোৰ চিঙি চিঙি পেটত ভৰায়। গৰুৰ ঠেং চাৰিখন। গাটোৰ তুলনাত ঠেং কেইখন সৰু। খুৰা- বোৰ ফটা। সেই কাৰণে ই বোকাত সহজে খোজ কাঢ়িব পাৰে। গাটো চুটি চুটি নোমেৰে ঢকা। নোমবোৰে ইয়াক জাৰ আৰু জহৰপৰা ৰক্ষা কৰে। গৰুৰ নেজ দীঘল। নেজ ডালৰ মূৰত একোছা দীঘল চুলি থাকে। ইয়াৰে ই মাখি, মহ, ডাঁহ আদি খেদে।

 প্ৰঃ—শিং নোহোৱা গৰুক কি বোলে?

 উঃ—শিং নোহোৱা গৰুক লাওমূৰা বোলে।

 প্ৰঃ—কি কি বৰণৰ গৰু দেখিবলৈ পোৱা যায়?

 উঃ— ৰঙা, বগা, কলা, মুগা, পখৰা, আদি নানা বৰণৰ গৰু দেখিবলৈ পোৱা যায়৷

 প্ৰঃ—গৰুক কেইটামান শ্ৰেণীত ভাগ কৰিব পাৰি?

 উঃ—গৰুক প্ৰধানকৈ দুটা শ্ৰেণীত ভগাব পাৰি। যেনে :— মতা গৰু আৰু মাইকী গৰু। মতা গৰুক আকৌ তিনিটা ভাগত ভগাব পাৰি। যেনেঃ— দমৰা, ষাঁড় আৰু বলদ। মতা গৰুক সৰুতে দমৰা বোলে। দমৰাবোৰ শকত-আৱত আৰু ডাঙৰ হ’লে সিহঁতক ষাঁড় বোলে। দমৰাবোৰ হালবোৱা বা গাড়ীটনাৰ বাবে উপযুক্ত কৰিবলৈ বজনাই লোৱা হয়। বজনাই লোৱাৰ পিছত সিহঁতক বলদ বোলে। মাইকী গৰুক দুই শ্ৰেণীত ভগাব পাৰি। যেনে :—