পৃষ্ঠা:ৰচনা মালিকা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
ৰচনা মালিকা

ষাঁড় বোলে। দমৰাবোৰ হালবোৱা বা গাড়ীটনা আদি কামৰ বাবে উপযুক্ত কৰিবলৈ বজনাই লোৱা হয়। বজনাই লোৱাৰ পিছত সিহঁতক বলদ বোলে। মাইকী গৰুক দুই ভাগত ভগাব পাৰি। যেনে :—চেঁউৰী আৰু গাই। মাইকী গৰুক সৰুতে চেঁউৰী বোলে। চেঁউৰীয়ে যেতিয়া পোৱালি দিয়ে তেতিয়া তাইক গাই বোলে।

 গৰু বৰ শান্ত প্ৰাণী। ই সাধাৰণতে কাৰো একো অন্যায় নকৰে। গৰুৱে ঘাঁহ, গছ-লতাৰ পাত, ভুচি, খলিহৈ আদি খাই জীয়াই থাকে। প্ৰথমে গৰুৱে ঘাঁহ আদি খোৱা বস্তুবোৰ চিঙি চিঙি আধা চোবোৱাকৈ পেটত ভৰাই থয়। ৰাতি জিৰণিৰ সময়ত ই পেটৰপৰা আকৌ উলিয়াই আনে আৰু পাগুলি পাগুলি খায়। গৰুৱে জাক পাতি ফুৰি ভাল পায়। গাই গৰুৱে বছৰত এবাৰকৈ পোৱালি দিয়ে।

 গৰু পৃথিবীৰ সকলো দেশতে পোৱা যায়।

 গৰু আমাৰ অতি উপকাৰী জন্তু। গাই গৰুৱে আমাক গাখীৰ দিয়ে। গাখীৰ এবিধ পুষ্টিকৰ খাদ্য। গাখীৰৰ পৰা আমি ঘিউ, মাখন, ছানা আদি নানাবিধ বস্তু তৈয়াৰ কৰি খাওঁ। বলদ গৰুৰ সহায়েৰে মানুহে হাল বায় আৰু গাড়ী চলায়। গৰুৰ ছামৰাৰ পৰা জুতা, বেগ আদি তৈয়াৰ কৰা হয়। গৰুৰ গোবৰ এবিধ ভাল সাৰ। এইবিধ সাৰ দিলে খেতি আটাইতকৈ ভাল হয়। গৰুৰ হাড়ৰ পৰা বুতাম আদিও তৈয়াৰ কৰা হয়।

 সকলো পোহনীয়া জন্তুৰ ভিতৰতে গৰু আমাৰ আটাইতকৈ উপকাৰী জন্তু। সেয়েহে আমি সকলোৱে গৰুৰ প্ৰতি ভালদৰে যত্ন লোৱা উচিত।