পৃষ্ঠা:ৰচনা মালিকা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
ৰচনা মালিকা


আমি বহু নজনা কথা শিকিলোঁ। বহু নেদেখা জীব-জন্তু আদি দেখিলোঁ। স্কুলত শিকা কথাবোৰ এইদৰে চকুৰে চাব পাৰিলে সঁচাকৈয়ে বহুত জ্ঞান হয়। সকলো ছাত্ৰ-ছাত্ৰীয়ে এবাৰ চিৰিয়াখানাখন চোৱা উচিত।

 প্ৰঃ—আমি চিৰিয়াখানাৰ পৰা কেতিয়া ঘৰলৈ উভতিলোঁ?

 উঃ—প্ৰায় আঢ়ৈঘণ্টামান সময় জুৰি আমি চিৰিয়াখানাখন ঘূৰিপকি চাইছিলোঁ। ঘৰৰপৰা আমি কণী, বিস্কুট আদি খোৱাবস্তু লগত লৈ গৈছিলোঁ। চিৰিয়াখানাৰ ভিতৰতে এজোপা গছৰ তলত বহি আবেলি তিনিমান বজাত আমি জলপান খালোঁ। চাৰিটা বজাৰ লগে লগে আমি চিৰিয়াখানাৰ বাহিৰ ওলালোঁ আৰু ৰিক্সাৰে আহি গণেশগুৰি পালোঁ। গণেশগুৰিত চিটিবাচত উঠি আমি ৰংমনে ঘৰমুৱা হলোঁ।

 *ওপৰত দিয়া প্ৰশ্নোত্তৰৰ সহায়ত গুৱাহাটী চিৰিয়াখানা ভ্ৰমণৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।


সপ্তদশ পাঠ

ৰচনাৰ আৰ্হি

আমাৰ জাতীয় উৎসৱ বিহু

 চত-বহাগ মাহৰ দোমাহী, পুহ-মাঘ মাহৰ দোমাহী আৰু আহিন-কাতি মাহৰ দোমাহীত যি উৎসৱ পালন কৰা হয় তাকে বিহু বোলে।