পৃষ্ঠা:ৰচনা মালিকা.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টাদশ পাঠ

প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা

ঈদ্-উল্-ফিটৰ

 প্ৰঃ—ঈদ্-উল্-ফিটৰ কাৰ উৎসৱ?

 উঃ-ঈদ্-উল্- ফিটৰ মুছলমানসকলৰ এটা পৱিত্ৰ উৎসৱ।

 প্ৰঃ—এই উৎসৱ কেতিয়া পালন কৰে?

 উঃ—এই উৎসৱ ৰমজান মাহৰ পিছত শওৱাল মাহৰ এক-দুই তাৰিখে পালন কৰে।

 প্ৰঃ—এই উৎসৱ কেনেকৈ পালন কৰা হয়?

 উঃ—হিন্দুসকলৰ যেনেকৈ ব’হাগ, জেঠ আদি কৰি বাৰটা মাহ আছে, মুছলমান সকলৰো তেনেকৈ বাৰটা মুছলমানী মাহ আছে। তাৰে এটা হ’ল চান্দ্ৰমাহ। এই মাহটোক ৰমজান মাহো বোলে। এই মাহটো মুছলমানসকলৰ বাবে অতি পৱিত্ৰ মাহ। ৰমজান মাহত তেওঁলোকে ৰোজা ৰাখে অৰ্থাৎ এই মাহত তেওঁলোকে ৰাতি-