পৃষ্ঠা:ৰচনা মালিকা.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
ৰচনা মালিকা

 বাৰ বছৰ বয়সতহে শঙ্কৰদেৱৰ ছাত্ৰজীৱন আৰম্ভ হয়। তেওঁ আচাৰ্য্য মহেন্দ্ৰকন্দলীৰ টোলত পঢ়িছিল। সৰুৰেপৰা তেওঁৰ অসাধাৰণ বুদ্ধি আছিল। তেওঁ বৰ্ণমালা শিকিয়েই আ-কাৰ, ই-কাৰ নোহোৱাকৈ সুন্দৰ কবিতা লিখিছিল—

“কৰতল কমল, কমল দল নয়ন।
ভবদব দহন, গহণবন শয়ন”

 আদি সুন্দৰ শাৰীৰে লিখা কবিতা দেখি তেওঁৰ শিক্ষাগুৰু মহেন্দ্ৰকন্দলী আচৰিত হৈছিল। শঙ্কৰদেৱে অতি কম দিনৰ ভিতৰতে নানা শাস্ত্ৰজ্ঞান লাভ কৰিছিল।

 শঙ্কৰদেৱৰ গাত যথেষ্ট শক্তি আছিল। তেওঁ ভাদমহীয়া ভৰা ব্ৰহ্মপুত্ৰ অনায়াসে সাঁতুৰি পাৰ হ’ব পাৰিছিল। বলৱন্ত ষাঁড়ক শিঙত ধৰি বশ কৰিব পাৰিছিল।

 তেওঁ বাইশ বছৰ বয়সত বিয়া কৰায়। তেওঁৰ পত্নীৰ নাম আছিল সূৰ্য্যৱতী। এজনী ছোৱালী জন্ম হোৱাৰ কিছুদিন পিছত সূৰ্য্যৱতীৰ মৃত্যু হয়৷ শঙ্কৰদেৱে ছোৱালীজনী বিয়া দিয়াৰ পিছত তীৰ্থ ভ্ৰমণ কৰিবলৈ মন মেলে। তেওঁ সুদীৰ্ঘ বাৰ বছৰ কাল ভাৰতৰ নানা তীৰ্থ ভ্ৰমণ কৰিছিল। তীৰ্থ ভ্ৰমণ কৰি ঘূৰি অহাৰ পিছত বন্ধু-বান্ধৱৰ অনুৰোধত তেওঁ আকৌ বিয়া কৰায়। তেওঁৰ দ্বিতীয় পত্নীৰ নাম আছিল কালিন্দী।

 শঙ্কদেৱৰ সময়ত সমাজত ধৰ্ম্মৰ ব্যাভিচাৰ ঘটিছিল। সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ সকলো নষ্ট হৈ গৈছিল। শঙ্কদেৱে নষ্ট হৈ যোৱা অসমীয়া সমাজখন ভাল কৰিবলৈ যত্ন কৰিলে। তেওঁ ভাগৱতৰ সাৰ সংগ্ৰহ কৰি বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিলে। গাৱেঁ গাৱেঁ