পৃষ্ঠা:ৰচনা মালিকা.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
ৰচনা মালিকা


 প্ৰথম ব’হাগৰপৰা সাত ব'হাগলৈ এই বিহু চলে। ৰঙালী বিহুৰ প্ৰথম দিনটোত গৰুবিহু পতা হয়। সেইদিনা ৰাতিপুৱাই গৰখীয়াবোৰে গৰুক তেল-হালধি ঘঁহি দি নৈ, বিল আদিলৈ লৈ যায় আৰু গা-পা ধুৱাই লাওঁ, বেঙেনা আদি খুৱায়। সন্ধিয়া বিহুৱান স্বৰূপে গৰুক নতুন পঘা দিয়ে। মানুহেও সেইদিনা গা-পা ধুই গোসাঁই ঘৰত নাম প্ৰসঙ্গ কৰে। সৰুবোৰে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্ব্বাদ দিয়ে। তাৰ পিছত দৈ-চিৰা, পিঠা-পনা আদি খায়। সেইদিনা ভাত খোৱা নিয়ম নাই। আবেলি ল'ৰা-ছোৱালীবোৰে খেল-ধেমালি কৰে।

 গৰুবিহুৰ পিছদিনাখনৰপৰা মানুহৰ বিহু আৰম্ভ হয়। আজিকালি মানুহে গাৱেঁ-ভূঞে, নগৰে-চহৰে সকলোতে বিহুতলী পাতে। বিহুতলীত নানা খেল-ধেমালি কৰে। সন্ধিয়া বিহুগীত, বিহুনাচ, হুচৰিগীত আদিৰ নানা আকৰ্ষণীয় অনুষ্ঠান পাতে। এইবোৰ অনুষ্ঠান চাৰি-পাঁচদিন জুৰি চলে। বিহুৰ আটাই কেইদিন মানুহে দৈ-চিৰা, লাৰু, পিঠা আদি সুস্বাদু বস্তুবোৰ উপভোগ কৰে। এই বিহুত আমি আমাৰ অতিকৈ চেনেহৰ বিহুৱান লওঁ।

 কাতিবিহুৰ সময়ত খোৱা-লোৱা বস্তু বেছি নাথাকে। সেয়েহে এই বিহুত কেৱল তুলসী তলত চাকি-বন্তি জ্বলায় আৰু নাম প্ৰসঙ্গ কৰে। সেই কাৰণে ইয়াক দুখীয়াবিহু অৰ্থাৎ কঙালীবিহু বোলে।

 মাঘবিহুত আমি লাৰু-পিঠা, দৈ-চিৰা, সান্দহ আদি ইচ্ছামতে খাব পাৰোঁ। কিয়নো সেই সময়ত ধনী, দুখীয়া সকলোৰে ঘৰত নানা তৰহৰ খোৱা বস্তু গোট খায়। পথাৰৰ লখিমী ঘৰ চাপে।