আহিল। আমি তাতে উঠিলোঁ। আমাৰ গাড়ী চিলং ৰোডেৰে
চিৰিয়াখানা অভিমুখে চলিবলৈ ধৰিলে। চিটিবাচৰপৰা আমি
গণেশগুৰিত নামিলোঁ। গণেশগুৰিৰ পৰা চিৰিয়াখানা বেছি দূৰ
নহয়। প্ৰায় দুই কিলোমিটাৰ মান হব। এইখিনি বাট আমি আকৌ
ৰিক্সাৰে গলোঁ। দিনৰ প্ৰায় ১২টা মান বজাত আমি চিৰিয়াখানা
পালোঁগৈ।
প্ৰঃ—আমি চিৰিয়াখানাত কেনেকৈ সোমালোঁ?
উঃ-চিৰিয়াখানা চাবলৈ হ'লে টিকট কিনিব লাগে। ৰবিবাৰে চিৰিয়াখানাত বহুত মানুহৰ ভিৰ। দেউতাই ‘কিউ লাইন’ ধৰি বৰ কষ্ট কৰি টিকট কিনিলে। সেই টিকট আমি চিৰিয়াখানালৈ সোমোৱা দুৱাৰ মুখত দেখুৱালোঁ? দুৱৰীয়ে আমাক সোমাবলৈ দিলে।
প্ৰঃ-চিৰিয়াখানাত কি কি দেখিলোঁ?
উঃ-চিৰিয়াখানাত আমি নানাধৰণৰ হৰিণ, বাঘ, ভালুক, ঘোঁৰা, জেব্ৰা, সিংহ, অসমৰ গঁড়, আফ্ৰিকাৰ গঁড়, শিহু, জিৰাফ, সাপ, বান্দৰ, ময়ূৰ, ধনেশপক্ষী, বনকুকুৰা, উট, ঘৰিয়াল, চিম্পাঞ্জী আদি আকৰ্ষণীয় জীৱ-জন্তু, পশু-পক্ষী দেখিলোঁ।
প্ৰঃ—সেইবোৰ দেখি কেনে লাগিল?
উঃ—আগতে এই জন্তুবোৰৰ কথা শুনিহে আছিলোঁ। চকুৰে দেখা নাছিলোঁ। চিৰিয়াখানাত এইবোৰ দেখি আমাৰ যে কিমান আনন্দ লাগিছিল তাক বৰ্ণাব নোৱাৰোঁ। চিম্পাঞ্জীৰ খেল চাই আমাৰ আটাইতকৈ ভাল লাগিছিল।
প্ৰঃ-ুচিৰিয়াখানা চোৱাৰ পৰা কিবা উপকাৰ হলনে?
উঃ-চিৰিয়াখানা চোৱাৰপৰা আমাৰ বহুখিনি উপকাৰ হ’ল।