এতিয়া বিশেষ্য পদৰ সূত্ৰ তোমালোকে এনেকৈ ক’ব পাৰা— যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে।
: মুখস্থ কৰা :
যত আছে জীৱজন্তু, ঘৰ, দুৱাৰ বয়-বস্তু
গুণ, কাৰ্য্য, অৱস্থাৰ নাম জগতত;
সবেই বাক্যত বহে বিশেষ্য পদ ৰূপে
চিৰ দিন এই সত্য ৰাখিবা মনত।
⸻⸻
২। সৰ্ব্বনাম পদ
অনিমা এজনী ভাল ছোৱালী। অনিমা অতি শান্ত।
অনিমা সদায় স্কুললৈ যায়। অনিমাক সকলোৱে মৰম কৰে।
ওপৰৰ বাক্য কেইটা শুনিবলৈ শুৱলা হৈছেনে? অনিমা পদটো বাৰে বাৰে কৈ থকা কাৰণে কথাখিনি শুনিবলৈ শুৱলা হোৱা নাই। সেই একে কথাকেই তলত দিয়া ধৰণে প্ৰকাশ কৰিলে কেনে হয় চোৱা।
অনিমা এজনী ভাল ছোৱালী। তাই অতি শান্ত।
তাই সদায় স্কুললৈ যায়। অনিমাক সকলোৱে মৰম কৰে।
এই বাৰৰ কথাখিনি আগৰ কথাখিনিতকৈ শুনিবলৈ শুৱলা হৈছে। কি কাৰণে শুনিবলৈ শুৱলা হল ক’ব পাৰানে? শুনিবলৈ শুৱলা হোৱাৰ একমাত্ৰ কাৰণ হ’ল এই যে কথাখিনিত ‘অনিমা’ পদটো বাৰে বাৰে ব্যৱহাৰ কৰা নাই। ২য় আৰু ৩য় বাক্যত