পৃষ্ঠা:ৰচনা মালিকা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ৰচনা মালিকা


সেয়েহে নগৰৰ ধনী ধনী মানুহবোৰেও তাৰ ওচৰত দামী দামী কাপোৰ আদি চিলাই কৰিছিল। দৰ্জ্জীয়ে তাৰ দুৱাৰ মুখেৰে যাওঁতে হাতীটোক সদায় চাই থাকে। এনেকৈ চাওঁতে চাওঁতে হাতীটোলৈ তাৰ মৰম উপজিল।

 এদিন দৰ্জ্জীয়ে হাতীটোক অলপ খোৱা বস্তু দিলে। হাতীটোৱে বস্তু খিনি ৰংমনে খালে। তাৰ পিছ দিনাখনো সি হাতীটোক মৰমেৰে খোৱা বস্তু দিলে। হাতীটোৱে দৰ্জ্জীৰ মৰম বুজি পালে। এইদৰে কিছুদিন যোৱাৰ পিছত হাতীটোৱে তাৰ শুঁৰডাল খোৱা- বস্তুৰ আশাত দৰ্জ্জীৰ দোকানৰ ভিতৰলৈ আগবঢ়াই দিবলৈ আৰম্ভ কৰিলে। দৰ্জ্জীয়েও তাক নিতৌ খোৱাবস্তু দিয়োটো নিয়ম হৈপৰিল। এইদৰে লাহে লাহে হাতী আৰু দৰ্জ্জীৰ মাজত বন্ধুত্ব বাঢ়ি আহিল।

 এদিনাখনৰ কথা। দৰ্জ্জীৰ কিবা কাৰণত খং উঠি আছিল। সেই সময়তে হাতীটো আহি উপস্থিত হ’ল আৰু তাৰ শুঁৰডাল দৰ্জ্জীলৈ আগবঢ়াই দিলে। পিছে সেই দিনা দৰ্জ্জীয়ে হাতীক খোৱা বস্তুতো নিদিলেই, তাৰ পৰিৱৰ্ত্তে হাতীটোৰ শুঁৰত এটা বেজীহে


খঙেৰে সোমাই দিলে। হাতীটোৱে দুখ পাই শুঁৰডাল কোচ খুৱাই