পৃষ্ঠা:ৰচনা মালিকা.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
ৰচনা মালিকা


কোনো বস্তুৰে অভাৱ নাথাকে। সেয়েহে এই বিহুক ভোগালী বিহু বোলে। পুহমাহত ডেকা ল'ৰাবোৰে বাঁহ আৰু নৰাৰে মেজি সাজে। মেজিৰ ঠাইত ভেলাঘৰো সাজে। ভোগালী বিহুৰ আগদিনাখন উৰুকা। সেইদিনাখন ৰাতি ভেলাঘৰত নানা ৰং- ধেমালি কৰি ডেকা ল'ৰাবোৰে লগভাত খায়। শেষ ৰাতি গা-পা ধুই ভেলাঘৰ আৰু মেজিত জুই লগাই দিয়ে। সেই জুইত মাহ, তিল, তামোল-পাণ আদি দি সকলোৱে অগ্নিসেৱা কৰে। ৰাতিপুৱা গৰুক মাহ-হালধী আদি ঘঁহি দি এৰি দিয়ে। আজিকালি অৱশ্যে গৰু এৰি নিদিয়া হ’ল। অলপ বেলি হোৱাত সৰু-ডাঙৰ সকলোৱে গা-পা ধুই গোসাঁই ঘৰত সেৱা কৰে। সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্ব্বাদ দিয়ে। তাৰ পিছত সকলোৱে ৰং মনে সান্দহ, পিঠা আদি খায়। আবেলি ল'ৰা-ছোৱালীবোৰে খেল-ধেমালি আদি কৰে। এইদৰে ৰং-উলাহেৰে ভোগালীবিহু পালন কৰা হয়।

 বিহু আমাৰ অতি চেনেহৰ। এই বিহু আমি নেপাতি থাকিব নোৱাৰোঁ। আমি সকলোৱে ইয়াক ৰমক-জমককৈ পালন কৰা উচিত।