পৃষ্ঠা:ৰচনা মালিকা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ৰচনা মালিকা

যাওঁতে এই বিষয়ে আমি জনা সকলো কথা ওলাই পৰিল। এতিয়া প্ৰশ্নৰ উত্তৰখিনি শৃঙ্খলাপূৰ্ণভাবে সজালে এখন ৰচনা হ’ব। ৰচনাখন সজাওঁতে কেইটামান জানিবলগীয়া কথা আছে। সেই কেইটা তলত দিয়া হ’ল পঢ়ি চোৱা :

 (১) ৰচনাৰ বিষয়টোৰ ওপৰত ভাবি যাওঁতে প্ৰতিটো ভাব অনুসৰি পোৱা কথাখিনি একোটা দফা বা অনুচ্ছেদত লিখিব লাগে।

 (২) বাক্যবোৰ যথাসম্ভৱ সৰল আৰু চুটি হব লাগে।

 (৩) অদৰ্কাৰী কথা লিখি ৰচনা দীঘল কৰিব নালাগে।

 (৪) আখৰ ভাল আৰু বানান শুদ্ধ হব লাগে।

 (৫) ৰচনা লিখা শেষ হোৱাৰ পিছত পুনৰ পঢ়ি চাই বানান আদি ভুল থাকিলে শুদ্ধ কৰিব লাগে।

 এতিয়া গৰুৰ বিষয়ে ৰচনাখন কেনেকৈ সজোৱা হ’ল চোৱা:


গৰু

 গৰু এবিধ ঘৰচীয়া জন্তু। ইয়াক মানুহে পোহে।

 গৰু দীঘলে প্ৰায় তিনিমিটাৰ আৰু ওখই প্ৰায় দুই মিটাৰ মানকৈ হয়। ইয়াৰ এখন দীঘল মুখ, দুটা চকু, দুখন কাণ, দুটা শিং, এপাৰি দাঁত, চাৰিখন ঠেং, এটা ডিঙি, ডিঙিৰ তলত এখন গলবিচনী, ডিঙি আৰু পিঠি লগলগা ঠাইত এটা চুট, এটা শকত গা আৰু এডাল দীঘল নেজ আছে। গৰুৰ শিং দুটা জোঙা আৰু ঘোৰ খোৱা।