পৃষ্ঠা:ৰচনা মালিকা.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
ৰচনা মালিকা


ঠিকনা আদি লিখা ইত্যাদি। ডাকঘৰৰ জৰিয়তে টিকট নলগোৱাকৈয়ো চিঠি দিব পাৰি। কিন্তু তেনে চিঠিক ব্যাৰিং চিঠি বোলে। এই চিঠি পাওঁতা জনে দ্বিগুণ পইচা দি খালাচ কৰিব লাগে। গুৰুত্বপূৰ্ণ চিঠিবোৰ ‘এক্সপ্ৰেছ’ আৰু ‘ৰেজিষ্টাৰ্ড’ কৰিও পঠাব পাৰি। এনেকৈ পঠালে খৰচ বেছি হয়।

চিঠিৰ ভাগ

 চিঠিৰ প্ৰধান ভাগ দুটা। (১) গৰ্ভ আৰু (২) শিৰোনামা।

 গৰ্ভৰ ভাগ আকৌ পাঁচোটা। (১) ইষ্টদেৱতাৰ নাম, (২) চিঠি দিওঁতাৰ ঠিকনা আৰু তাৰিখ, (৩) সম্বোধন, (৪) মনৰ ভাব বা খা- খবৰ, (৫) চিঠি দিওঁতাৰ নাম।

 শিৰোনামাত যালৈ পঠোৱা হয়, তেওঁৰ সম্পূৰ্ণ নাম ঠিকনা আদি লিখা হয়। চিঠি পোৱাত সুবিধাৰ বাবে কেতিয়াবা চিঠি পাওঁতাজনৰ কোনো স্থায়ী সম্বন্ধীয় লোক থাকিলে তেওঁৰ মাৰফত (c/o)ত পঠোৱা হয়।

 ইষ্টদেৱতাৰ নাম আজিকালি কিছুমানে নিলিখে। ‘অফিচ’ আদিলৈ দিয়া চৰকাৰী চিঠিপত্ৰত ইষ্টদেৱতাৰ নাম লিখাৰ আৱশ্যক নাই।

 সম্বোধনৰ ক্ষেত্ৰত মনত ৰাখিবাঃ—

 (১) মাননীয় লোকলৈ (পুৰুষ হলে ) পূজনীয়েষু, শ্ৰদ্ধাস্পদেষু, শ্ৰীচৰণেষু আদি লিখিব লাগে।

 (২) মাননীয়া লোকলৈ, ( তিৰোতাৰ ক্ষেত্ৰত ) পূজনীয়াষু, শ্ৰীচৰণেষু আদি লিখিব লাগে।

 (৩) পিতৃ-মাতৃলৈ লিখিবলৈ হ’লে পিতৃৰ ক্ষেত্ৰত পৰম পূজনীয় পিতাদেউ আৰু মাতৃৰ ক্ষেত্ৰত পৰম পূজনীয়া মা বুলি লিখা ভাল।