পৃষ্ঠা:ৰচনা মালিকা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰচনা-মালিকা


নগৰ  অত  নগৰত
গুৱাহাটী গুৱাহাটীত


২। ধাতু-বিভক্তিৰ চমু পৰিচয়

ওঁ, আ, অ, এ;

ইছোঁ, ইছা, ইছ, ইছে;

ইলোঁ, ইলা, ইলি, ইলে;

ইছিলোঁ, ইছিলা, ইছিলি, ইছিল;

ইলোঁহেঁতেন, ইলাহেঁতেন, ইলিহেঁতেন, ইলেহেঁতেন; ইল- হেঁতেন, ইম্, ইবা, ইবি, ইব—এই কেইটা ধাতু বিভক্তি।

ইহঁতে ধাতুৰ পিছত যোগ হৈ ক্ৰিয়া পদ তৈয়াৰ কৰে।

ধাতু কি, ক্ৰিয়াপদনো কি এই বিষয়ে পিছত আলোচনা কৰা হৈছে।

⸺⸺


চতুৰ্থ পাঠ

পদ আৰু বাক্য

ৰাম এজন ভাল ল’ৰা। সি সদায় স্কুললৈ যায় নে?

তাক যে ইমান মৰম লাগে!

এই কথাখিনিত তিনিটা খণ্ড আছে।

১। ৰাম এজন ভাল ল’ৰা। —এটা খণ্ড।