পৃষ্ঠা:ৰচনা মালিকা.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একবিংশ পাঠ

ৰচনাৰ আৰ্হি

জৱাহৰলাল নেহৰু

 ১৮৮৯ খৃষ্টাব্দৰ ১৪ নবেম্বৰ তাৰিখে এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল স্বৰূপৰাণী।

 জৱাহৰলালে শৈশৱকালত ঘৰুৱা শিক্ষকৰ অধীনত পঢ়িছিল। তেওঁ অতি মেধাবী ছাত্ৰ আছিল। তেওঁ ইং ১৯০৫ চনত ১৫ বছৰ বয়সত অধ্যয়ন কৰিবলৈ ইংলণ্ডলৈ যায়। ইংলণ্ডৰ ‘হ্য়াৰো’ বিদ্যালয়ত তেওঁ অধ্যয়ন আৰম্ভ কৰে। হ্য়াৰো বিদ্যালয়ত পঢ়া শেষ কৰি তেওঁ ইং১৯০৭ চনত ত্ৰিনিটি কলেজত পঢ়িবলৈ আৰম্ভ কৰে। এই কলেজৰপৰা তেওঁ সুখ্যাতিৰে বি. এছ-চি. পৰীক্ষাত উত্তীৰ্ণ হয়।