পৃষ্ঠা:ৰচনা মালিকা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
ৰচনা মালিকা

পূজা, মহৰম, বৰদিন আদি উৎসৱ তোমালোকে পালন কৰি আহিছা। এইবোৰৰ বিষয়েও কিছু নহয় কিছু কথা নিশ্চয় জানা। শৰাইঘাটৰ ৰণ, মোৱামৰীয়া বিদ্ৰোহ, মিৰজুমলাৰ অসম আক্ৰমণ ইত্যাদি কিছুমান বুৰঞ্জীৰ ঘটনাও হয়তো তোমালোকে জানা। তোমালোকে এই বিষয়বোৰৰ ওপৰতে ৰচনা লিখিব পাৰা। আমাৰ দেশত শঙ্কৰদেৱ, মাধৱদেৱ, কবীৰ, নানক আদি মহাপুৰুষে জন্ম গ্ৰহণ কৰিছিল। মহাত্মাগান্ধী, জৱাহৰলাল নেহৰু, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ আদি স্বদেশ হিতৈষী পুৰুষসকলেও এই দেশতে জনম লৈছিল। আজিও আমাৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদিৰ দৰে ৰাজনৈতিক নেতা আমাৰ দেশত আছে। লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম বৰুৱা আদিৰ দৰে সাহিত্যিক, পণ্ডিত সকলো দেশৰ অমূল্য সম্পদ। অতীত আৰু বৰ্ত্তমানৰ এই সকলোবোৰ মহৎ লোকৰ বিষয়েও তোমালোকে ৰচনা লিখিব পাৰা। তোমালোকে নিশ্চয়কৈ ৰেলত উঠি নাইবা মটৰত উঠি কোনো দূৰ ঠাই চাবলৈ গৈছা৷ কোনো কোনোৱে হয়তো খোজ কাঢ়িয়ে ভ্ৰমণ কৰিছা। দূৰ ঠাই ভ্ৰমণৰ অভিজ্ঞতা যদি তোমালোকৰ আছে তেনেহলে তাৰ বিষয়ে লিখিলেও ৰচনা হব পাৰে।

 বাৰু, এতিয়া আমি যি কোনো এটা জনা বিষয় বাছি লওঁ আৰু তাৰ ওপৰত এখন ৰচনা লিখাৰ চেষ্টা কৰোঁ।

 গৰুৰ বিষয়ে আমি সকলোৱে কম-বেছি পৰিমাণে জানো। গতিকে ৰচনাৰ বিষয় হওক ‘গৰু’।

 এতিয়া গৰুৰ বিষয়ে আমি কিমান কথা জানো ভাবি উলিয়াওঁ।