পৃষ্ঠা:ৰচনা মালিকা.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
ৰচনা মালিকা


 তেওঁ কৰ্ম্মবিভোৰ তৱস্থাতেই হঠাৎ ইং ১৯৬৪ চনৰ ২৭মে তাৰিখে স্বৰ্গী হয়। তেওঁৰ মৃত্যুত অকল ভাৰতৰে নহয়, সমগ্ৰ পৃথিবীৰে অপূৰণীয় ক্ষতি হয়।

 অহিংসা, ত্যাগ আৰু দেশসেৱাই আছিল জৱাহৰলাল নেহৰুৰ জীৱনৰ মূলমন্ত্ৰ। তেওঁ অহিংসাৰ মাজেৰে অকল যে ভাৰততে শান্তিস্থাপন কৰিব বিচাৰিছিল এনে নহয়, গোটেই বিশ্বতে তেওঁ এই নীতিৰে শান্তি স্থাপন কৰিব খুঁজিছিল। বিশ্বৰ শান্তিৰ কাৰণে তেওঁ পঞ্চশীল নীতি দাঙি ধৰে। জৱাহৰলাল নেহেৰুৰ দৰে বহুমুখী প্ৰতিভাশালী ৰাজনৈতিক নেতা পৃথিবীত কমেই আছে। নেহৰু ভাৰতৰ গৌৰৱ। তেওঁৰ আদৰ্শত অনুপ্ৰাণিত হৈয়েই তেওঁৰ সুযোগ্য কন্যা ইন্দিৰাগান্ধী আজি ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আসন শোভা কৰিব পাৰিছে। নেহৰুৰ দৰে জীৱনৰ আদৰ্শ সমগ্ৰ দেশবাসীয়ে গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা উচিত। নেহৰুৰ গুণানুকীৰ্ত্তন কৰি অকল সভাসমিতি পাতিলেই তেওঁলৈ সন্মান জনোৱা নহয়। তেওঁৰ আদৰ্শ জীয়াই ৰাখিব পাৰিলেহে তেওঁলৈ যথাযোগ্য সম্মান আগবঢ়োৱা হ’ব।