পৃষ্ঠা:ৰচনা মালিকা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
ৰচনা মালিকা

 উত্তম পুৰুষ :—মই আৰু আমি এই দুটা সৰ্ব্বনাম উত্তম পুৰুষ।

 মধ্যম মান্য পুৰুষ :—তুমি আৰু তোমালোক এই দুটা সৰ্ব্বনাম মধ্যম মান্য পুৰুষ।

 মধ্যম তুচ্ছ পুৰুষ;—তই আৰু তহঁত এই দুটা সৰ্ব্বনাম মধ্যম তুচ্ছ পুৰুষ।

 নাম পুৰুষ :—সি, সিহঁত, তাই, তাইহঁত, তেওঁ, তেওঁলোক, তেখেত, তেখেতসকল, আপুনি, আপোনালোক এই সৰ্ব্বনাম কেইটাৰ উপৰিও পৃথিবীৰ সকলোবোৰ বস্তুৱে নাম পুৰুষ।

 পুৰুষৰ তালিকা এখন তলত দেখুওৱা হ'ল।

পুৰুষ
উত্তম পুৰুষ
মধ্যম পুৰুষ
নাম পুৰুষ
সি, সিহঁত, তাই,
মই, আমিমধ্যম মান্য পুৰুষ
মধ্যম তুচ্ছ পুৰুষতাইহঁত, তেওঁ,
তেওঁলোক
তুমি, তোমালোক
তই, তহঁততেখেত, তেখেত
সকল,আপুনি,
আপোনালোক,
আকাশ, বায়ু,
পানী আদি
পৃথিবীৰ সকলো-
বোৰ বস্তু

⸻⸻⸻