পৃষ্ঠা:ৰচনা মালিকা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ৰচনা-মালিকা


“অনিমা’ পদটোৰ সলনি ‘তাই’ পদ ব্যৱহাৰ কৰা হৈছে। এইদৰে কথা শুনিবলৈ শুৱলা কৰাৰ কাৰণে বিশেষ্য পদৰ সলনি কিছুমান পদ ব্যৱহাৰ কৰা হয়। এই পদ বোৰকেই সৰ্ব্বনাম পদ বোলে।

 তেনেহলে ‘অনিমা’ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা “তাই’’ পদ সৰ্ব্বনাম পদ।

 সৰ্ব্বনাম পদৰ সূত্ৰ সুধিলে এতিয়া তোমালোকে এইদৰে কবা :—

 বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাকে সৰ্ব্বনাম পদ বোলে।

: মুখস্থ কৰা :

বিশেষ্য পদৰ হৈ বহে সৰ্ব্বনাম।
বাক্য শুৱলা কৰে এয়ে তাৰ কাম॥

⸻⸻

৩। (ক) ক্ৰিয়াপদ

 তলৰ বাক্যবোৰ পঢ়া আৰু বৰ হাতৰ পদবোৰলৈ লক্ষ্য কৰা; নৰেন আমাৰ ঘৰলৈ সদায় আহে। নিভাই জাকৈৰে মাছ মাৰিছে। আমি সদায় স্কুললৈ যাওঁ। ৰমেশ পৰীক্ষাত প্ৰথম হৈছে। সি মিছা কথা নকয়। মীনা সদয় স্কুললৈ নাযায়

 এতিয়া এই বৰ হাতৰ পদবোৰে কি বুজাইছে চোৱা :

 ‘আহে’ পদে অহা কাম কৰা বুজাইছে। 'মাৰিছে’ পদে মৰা কাম কৰা বুজাইছে। ‘যাওঁ’ পদে যোৱা কাম কৰা বুজাইছে।