সমললৈ যাওক

পৃষ্ঠা:ৰচনা মালিকা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ৰচনা-মালিকা

৩। (খ) ধাতু আৰু ক্ৰিয়া পদ গঠন

 তোমালোকে পূজাৰ প্ৰতিমা নিশ্চয় দেখিছা, নহয়নে? অইন প্ৰতিমা নেদেখিলেও সৰস্বতী প্ৰতিমা নিশ্চয় দেখিছা। সৰস্বতী প্ৰতিমা দেখিবলৈ বৰ ধুনীয়া নহয়নে? পিছে এই ধুনীয়া প্ৰতিমাৰ ভিতৰত কি থাকে ক’ব পাৰানে? প্ৰতিমাৰ ভিতৰত থাকে খেৰৰ জুমুধি। সেই জুমধিটোৱে প্ৰতিমাৰ মূল বস্তু। তাৰ ওপৰত মাটি, ৰং আদি লগালেহে ধুনীয়া প্ৰতিমা হৈ উঠে।

 প্ৰতিমাৰ ভিতৰত জুমুধি থকাৰ দৰে ক্ৰিয়াবোৰৰ ভিতৰতো একোটা জুমুধি থাকে। ইয়েই ক্ৰিয়াবোৰৰ মূলবস্তু। ক্ৰিয়াৰ ভিতৰত থকা—এই মুলকে ধাতু বোলে। জুমুধিৰ ওপৰত মাটি, ৰং আদি সানি ধুনীয়া প্ৰতিমা তৈয়াৰ কৰাৰ দৰে ধাতুৰ ওপৰতো ধাতু বিভক্তি আদি যোগ দি ক্ৰিয়াপদ তৈয়াৰ কৰা হয়। এতিয়া উদাহৰণ স্বৰূপে কৰোঁ, ধৰোঁ আদি ক্ৰিয়া কেনেকৈ গঠন হৈছে চোৱাঃ

 ‘কৰোঁ’ ক্ৰিয়া পদ। ইয়াৰ মূল ‘কৰ’। এতেকে ‘কৰ্’ ‘কৰোঁ’ ক্ৰিয়াৰ ধাতু। এই ‘কৰ্’ ধাতুত “ওঁ” ধাতু বিভক্তি যোগ হৈ ‘কৰোঁ’ ক্ৰিয়া গঠন হৈছে। কৰ্+ওঁ=কৰোঁ। সেইদৰে ‘ধৰোঁ’ এটা ক্ৰিয়া পদ। ইয়াৰ মূল ‘ধৰ্’। অৰ্থাৎ ‘ধৰ্’ ‘ধৰোঁ’ ক্ৰিয়াৰ ধাতু। এই ‘ধৰ্’ ধাতুত ‘ওঁ’ ধাতু বিভক্তি যোগ হৈ ‘ধৰোঁ। ’ ক্ৰিয়া গঠন হৈছে। ধৰ+ওঁ = ধৰোঁ।

 এতিয়া ক্ৰিয়াপদ কেনেকৈ গঠন হয় বুজিলানে? এইদৰে