পৃষ্ঠা:ৰচনা মালিকা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
ৰচনা-মালিকা

ক্ৰিয়ার প্ৰধান ভাগ

 ক্ৰিয়া প্ৰধানকৈ দুবিধ। যেনেঃ— সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। এইবাৰ— তোমালোকে সমাপিকা আৰু অসমাপিকা ক্ৰিয়া কাক বোলে শিকিব লাগিব।

 তলৰ কথাখিনি পঢ়া—

 ৰামে অঙ্ক কৰি—

 হৰি গা ধুই—

 ইয়াত ‘ৰামে’ অঙ্ক কৰি বুলি কওঁতে ভাবটো শেষ হৈছেনে? ভাবটো বা কথাখিনি শেষ হোৱা নাই। ‘কৰি’ ক্ৰিয়াৰ পিছত কোনো এটা ক্ৰিয়া বহুৱালেহে কথাখিনি বা বাক্যটো শেষ হ’ব। হয়তো আমি কব লাগিব—ৰামে অঙ্ক কৰি আছে। নাইবা আমি ক’ব পাৰোঁ—ৰামে অঙ্ক কৰি থকা নাই। মুঠতে ‘কৰি’ ক্ৰিয়াৰ পিছত আন এটা ক্ৰিয়া বহুৱাবই লাগিব। তেতিয়াহে বাক্যটো শেষ হব। ‘কৰি’ ক্ৰিয়াই বাক্য শেষ কৰিব পৰা নাই।

 সেইদৰে ‘হৰি গা ধুই’ বুলি কওঁতে কথাখিনি শেষ হোৱা নাই। কথাখিনি শেষ কৰিবলৈ হ’লে হয়তো কব লাগিব—হৰি গা ধুই আছে, নাইবা হৰি গা ধুই উঠিছে। ইয়াত ‘আছে’ আৰু ‘উঠিছে’ ক্ৰিয়াইহে বাক্য কেইটা শেষ কৰিছে। ‘ধুই’ ক্ৰিয়াই বাক্য শেষ কৰিব পৰা নাই।

 এতিয়া তোমালোকে বুজিলা যে কিছুমান ক্ৰিয়াই বাক্য শেষ কৰিব পাৰে আৰু কিছুমান ক্ৰিয়াই বাক্য শেষ কৰিব নোৱাৰে।